ETV Bharat / sukhibhava

World Thalassemia Day 2022 : থেলাচেমিয়া ৰোগ কি ?

author img

By

Published : May 8, 2022, 11:41 AM IST

প্ৰতি বছৰে ৮ মে'ৰ দিনটো বিশ্ব থেলাচেমিয়া দিৱস বা আন্তৰ্জাতিক থেলাচেমিয়া দিৱস হিচাপে পালন কৰা হয় (World Thalassemia Day 2022)। এই ৰোগৰ সজাগতা বৃদ্ধি, প্ৰতিৰোধৰ উপায় আৰু ৰোগীসকলৰ মাজতো সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয় । কিন্তু থেলাচেমিয়া ৰোগ নো কি ?

World Thalassemia Day 2022
থেলাচেমিয়া ৰোগ কি

থেলাচেমিয়া হৈছে পিতৃ-মাতৃৰ পৰা সন্তানৰ দেহলৈ অহা এক তেজৰ ৰোগ (Thalassemia is an inherited blood disorder)। এই ৰোগ হ'লে শৰীৰে aboriginal hemoglobin প্ৰস্তুত কৰে । যাক ৰক্তহীনতা বুলিও কোৱা হয় । ই বংশগত ৰোগ বা কিছুমান মুখ্য জিনৰ পৰিৱৰ্তনৰ ফলত হয় ।

এই ৰোগৰ ফলত দেহত লোহিত ৰক্ত কণিকা ধ্বংস হয়, যাৰ ফলত ৰক্তহীনতা হয় । থেলাচেমিয়াৰ চিকিৎসা ৰোগটোৰ প্ৰকাৰ আৰু তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে । তদুপৰি, ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (CDC) কয় যে থেলাচেমিয়া হৈছে এক বংশগত তেজৰ ৰোগ । যেতিয়া শৰীৰে লোহিত ৰক্ত কণিকাৰ এক গুৰুত্বপূৰ্ণ অংশ হিমোগ্লোবিন নামৰ প্ৰ'টিন পৰ্যাপ্ত পৰিমাণে প্ৰস্তুত নকৰে ।

যেতিয়া পৰ্যাপ্ত হিমোগ্লোবিন নাথাকে, শৰীৰৰ লোহিত ৰক্ত কণিকাবোৰে সঠিকভাৱে কাম নকৰে আৰু সেইবোৰ কম সময়ৰ বাবে দেহত থাকে, তেতিয়া তেজত কম স্বাস্থ্যকৰ লোহিত ৰক্ত কণিকা প্ৰবাহিত হয় ।

লোহিত ৰক্ত কণিকা (RBCs) গুৰুত্বপূৰ্ণ কিয়নো সেইবোৰে শৰীৰৰ সকলো কোষলৈ অক্সিজেন যোগান ধৰে । ইয়াক শৰীৰৰ অংগবোৰে গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰে । স্বাস্থ্যকৰ আৰ.বি.চি.-ৰ অভাৱৰ ফলত অক্সিজেন যোগান সঠিক নহ'ব, যাৰ ফলত এজন ব্যক্তিয়ে ভাগৰ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে আৰু তেওঁৰ উশাহ চুটি হ'ব পাৰে । এই অৱস্থাটোক 'ৰক্তহীনতা' বুলি কোৱা হয় । থেলাচেমিয়া থকা লোকসকলৰ সাধাৰণৰ পৰা তীব্ৰ ৰক্তহীনতা হোৱা দেখা যায় আৰু ইয়াৰ অৱস্থা গুৰুতৰ হ'লে শৰীৰৰ অংগৰ ক্ষতি হ'ব পাৰে বা ই অতি মাৰাত্মক হ'ব পাৰে ।

শিশুৰ ক্ষেত্ৰত থেলাচেমিয়া (Thalassemia in children)

থেলাচেমিয়া আৰু চিকল চেল চ'চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়া, এম.বি.বি.এছ., ডি.চি.এইচ. ড০ সুমন জৈনে ৩ মাহৰ পৰা ১ বছৰীয়া শিশুৰ ক্ষেত্ৰত দেখা দিয়া থেলাচেমিয়াৰ লক্ষণবোৰ উল্লেখ কৰিছে। সেইবোৰ হৈছে :

  • অলসতা (Lethargy)
  • বিৰক্তি (Irritability)
  • শুব নোৱাৰা (Inability to sleep)
  • খাবলৈ ইচ্ছা নকৰা (Unwillingness to eat)
  • শেঁতা পৰা (Becoming pale)
  • পেট ফুলা (Swollen or bloated abdomen)
  • বাৰে বাৰে অসুস্থ হোৱা (Recurrently falling sick)
  • ওজন বৃদ্ধি নোহোৱা (Not putting on weight)

তেওঁ জনায় যে থেলাচেমিয়া শিশুক নিয়মীয়াকৈ ২-৩ সপ্তাহত এবাৰ বা চিৰকাললৈ ৰক্ত সঞ্চাৰণৰ প্ৰয়োজন হয় । লগতে, সেইসকলক আইৰণ চেলেটিং ঔষধ দিয়া হয় । যিহেতু এটা শিশুটোৰ জীৱন মুখ্যতঃ ৰক্ত সঞ্চাৰণৰ ওপৰত নিৰ্ভৰশীল, সেয়ে ড০ সুমন জৈনে কোৱা মতে সকলো লোককে ৰক্তদান কৰিবলৈ উৎসাহিত কৰাটো প্ৰয়োজন ।

থেলাচেমিয়াৰ প্ৰকাৰ (Types of Thalassemia)

থেলাচেমিয়াক বহলভাৱে α-থেলাচেমিয়া বা আলফা থেলাচেমিয়া আৰু β-থেলাচেমিয়া বা বিটা থেলাচেমিয়া হিচাপে ভাগ কৰা হয় । ইয়াক আৰু এনেদৰেও ভগাব পাৰি :

  1. সাধাৰণ থেলাচেমিয়া (Thalassemia Minor) : আমাৰ জনসংখ্যাৰ ৪-৫ শতাংশ লোকৰ দেহত ইয়াক পোৱা যায় । তেওঁলোকৰ হিম'গ্ল'বিন হৈছে ৯-১২ গ্ৰাম %
  2. থেলাচেমিয়া ইণ্টাৰমিডিয়া (Thalassemia Intermedia) : ই ২ বছৰ বয়সত ধৰা পৰে আৰু প্ৰয়োজন অনুসৰি নিৰীক্ষণ আৰু তেজ সঞ্চাৰণৰ প্ৰয়োজন হয় ।
  3. গুৰুতৰ থেলাচেমিয়া (Thalassemia Major) : এনে ৰোগীক গোটেই জীৱনৰ বাবে নিয়মীয়া কৈ ৰক্ত সঞ্চাৰ আৰু আইৰণ-চেলেটিং ঔষধৰ প্ৰয়োজন ।

থেলাচেমিয়াৰ সৈতে স্বাস্থ্যকৰ জীৱন যাপন (Healthy Living With Thalassemia)

যিহেতু থেলাচেমিয়া বংশগত সেয়ে ইয়াক প্ৰতিৰোধ কৰাটো কঠিন । থেলাচেমিয়াত ভুগি থকা এগৰাকী ব্যক্তিক চিকিৎসকৰ নিয়মীয়া পৰামৰ্শৰ অতি প্ৰয়োজন । তেওঁলোকে দুৰ্বল আৰু ভাগৰ, মূৰ ঘূৰোৱা, ভৰিৰ বিষ, মুৰৰ বিষ, উশাহ চুটি হোৱা, মনোযোগৰ অভাৱ আদিৰ দৰে সমস্যা অনুভৱ কৰিব পাৰে ।

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই চাৰিটা পৰামৰ্শ আগবঢ়াইছে । যি কেইটা অনুসৰণ কৰি থেলাচেমিয়া ৰোগীয়ে স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰে । সেই কেইটা হ'ল :

  • প্ৰতিষেধক (Vaccines)

প্ৰতিষেধকবোৰ হৈছে বহুতো ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ এক উৎকৃষ্ট উপায় । থেলাচেমিয়া থকা শিশু আৰু প্ৰাপ্তবয়স্ক লোকসকলে সকলো অনুমোদিত প্ৰতিষেধক ল'ব লাগে (Children and adults with thalassemia should get all recommended vaccinations)। ইয়াৰ ভিতৰত আছে আছে ফ্লু টীকাকৰণ । থেলাচেমিয়া থকা লোকসকলৰ দেহত অতি শীঘ্ৰে কোনো ৰোগৰ সংক্ৰমণ হ'ব পাৰে । বিশেষকৈ যদি তেওঁলোকৰ প্লীহা (spleen) আঁতৰোৱা হৈছে তেনেহ'লে এক বিশেষ টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰাৰ প্ৰয়োজন ।

  • পুষ্টি (Nutrition)

স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ – আহাৰত বেছি পৰিমাণে ফল আৰু পাচলি আৰু চৰ্বিজাতীয় খাদ্য কম হ'লে ই আমাৰ শৰীৰৰ প্ৰয়োজনীয় পুষ্টি লাভ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । থেলাচেমিয়াত ভোগা লোকসকলৰ যিহেতু তেজত অত্যাধিক আইৰণ গঠন কৰিব পাৰে, সেয়েহে যথেষ্ট পৰিমাণৰ আইৰণ থকা খাদ্য কমকৈ খাব লাগে ।

  • ব্যায়াম বা শৰীৰ চৰ্চা (Exercise)

ব্যায়াম হৈছে সামগ্ৰিকভাৱে স্বাস্থ্যৱান হৈ থকাৰ অন্যতম উপায় আৰু ই স্বাস্থ্য উন্নত হৈ থকাত সহায় কৰে । যদিও থেলাচেমিয়া থকা কিছুমান লোকৰ বেছি জোৰ থকা ব্যায়াম কৰাত সমস্যা আহিব পাৰে । কিন্তু বহুলোকে বাইক চলোৱা, দৌৰা আৰু খোজ কঢ়াকে ধৰি সাধাৰণ শাৰীৰিক কাৰ্যকলাপ কৰিব পাৰে ।

  • সম্পৰ্ক (Relationships)

এটা ভাল সম্পৰ্ক জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ । সহকৰ্মী, সহপাঠী আৰু পৰিয়ালৰ সদস্যসহ বন্ধুসকলে থেলাচেমিয়াৰ সৈতে জীয়াই থকা আৰু দৈনন্দিন জীৱনৰ চাপৰ সৈতে মোকাবিলা কৰাত সহায় আগবঢ়াব পাৰে ।

লগতে পঢ়ক : সামাজিক মাধ্যমৰ পৰা এসপ্তাহ বিৰত থাকক: উন্নত হ’ব মানসিক অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.