ETV Bharat / city

3 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : May 4, 2022, 2:56 PM IST

news-at-3
3 বজাৰ শীৰ্ষ দহটা বাতৰি

3 বজাৰ শীৰ্ষ দহটা বাতৰি

খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

মধ্যপ্ৰদেশৰ খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন(Curfew relaxed in Khargone) ৷ এই সময়চোৱাত খুলিব পাৰিব পেট্ৰ’ল পাম্পসমূহ(Petrol pumps allowed to open in Khargone) ৷ বিপৰীতে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠানসমূহ ৷ খাৰগোনৰ উপ-বিভাগীয় দণ্ডাধীশ মিলিন্দ ধোকে মঙলবাৰে নিশা এই বিষয়ে সদৰি কৰে সংবাদ মাধ্যমৰ আগত ৷ যাত্ৰীবাহী বাছসমূহ চলাচল কৰাৰ ক্ষেত্ৰতো শিথিল কৰা হৈছে নিৰ্দেশনা ৷

কলকাতাত নামঘৰ স্থাপন : বঙালী পৰিয়ালে দান কৰিলে ভূমি

অসমীয়া আৰু বঙালী ভাষী লোকৰ সংঘাতৰ মাজতে কলকাতাৰ এটা সমাজ সচেতন পৰিয়ালে দেখুৱাইছে এক অনবৈদ্য নিদৰ্শন ৷ কলকাতাৰ সমীপৰ দক্ষিণ 24 পৰগণাৰ পিয়ালিৰ সমাজকৰ্মী লক্ষণ চক্ৰৱৰ্তীয়ে তেখেতৰ প্ৰয়াত মাতৃৰ শেষ ইচ্ছা অনুসৰি, নিজ বাসগৃহৰ সৈতে সংলগ্ন থকা এডোখৰ ভূমি নামঘৰসহ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰ স্থাপনৰ বাবে দান কৰে (A Bengali family donates land for setting up of Namghar in Kolkata) ।

ঘিঁউ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰীনে ? বিশেষজ্ঞই কি কয় !

সাধাৰণতে আমাৰ স্বাস্থ্যৰ বাবে ঘিঁউ বা অন্যান্য তেলজাতীয় খাদ্য অপকাৰী বুলিয়ে ধৰা হয় ৷ বিশেষকৈ এনে খাদ্য গ্ৰহণে মেদবহুলতা বৃদ্ধিৰ লগতে হৃদযন্ত্ৰৰ বাবেও সমস্যাৰ সৃষ্টি কৰাৰ আশংকা থাকে ৷ কিন্তু এয়া কিমান পৰিমাণে সঁচা ? ইয়াৰ কোনো লাভালাভ আছে নেকি ? বিশেষজ্ঞসকলৰ মতে, মাখন বা ঘিঁউ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব পাৰে ৷ চাও আহক এই সন্দৰ্ভত যুগুতোৱা বিশেষ প্ৰতিবেদন ৷

Covid 19 in India : ভাৰতত নতুনকৈ আক্ৰান্ত 3,205 গৰাকী, 31 গৰাকীৰ মৃত্যু

বিগত 24 ঘণ্টাত 3,205 গৰাকী ব্যক্তি নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত(India reports 3205 new Covid cases) হৈছে ৷ তদুপৰি কৰ’ণা(Covid 19 in India) ত আক্ৰান্ত হোৱা 31 গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে ৷ যাৰ ফলত বৰ্তমানলৈকে দেশত কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ সংখ্যা 5,23,920 গৰাকীলৈ বৃদ্ধি পাইছে ৷

টোলগেট নে মৰণফাণ্ড; মুকলিৰ দিশে চুলুং টোলগেট

পূৰ্বতকৈ আৰু অধিক টোলটেক্স দিবলৈ সাজু হওক ৰাজ্যবাসী ৷ কিয়নো অসমত নিৰ্মীয়মান অৱস্থাত আছে আকৌ এখন নতুন টোলগেটৰ কাম ৷ যুদ্ধংদেহী ৰূপত এতিয়া তেজপুৰ সংযোগী পথৰ চুলুঙৰ এই টোলগেট (New Tool Gate at Kaliabor) ৷ শীঘ্ৰে মুকলি হ’ব এই টোলগেট ৷

মহানগৰীত নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ সোমাল সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত

মহানগৰীত অঘটন ৷ মঙলবাৰে নিশা অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ ভাগি সোমাল ডাম্পাৰ (Accident in Assam Sarva Shiksha Abhiyan office) ৷ ফলত কেৱল অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰেই নহয়, ক্ষতি হয় চাৰিখনকৈ আন বাহনৰ ৷

গণেশগুৰিত ছুইগী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

হেঙেৰাবাৰীত মঙলবাৰে নিশা উদ্ধাৰ ছুইগী কৰ্মচাৰীৰ মৃতদেহ(Dead body of Swiggy employee recovered in Ganeshguri) ৷ পথৰ দাঁতিত থকা দেৱালত ৰৈ থকা অৱস্থাতে মঙলবাৰে নিশা মৃত্যু ঘটে দীপাংকৰ বৰা নামৰ যুৱকজনৰ ৷ অৱশ্যে যুৱকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

PM Modi meets Queen of Denmark : ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ইউৰোপ ভ্ৰমণৰ দ্বিতীয় দিনৰ অন্তত কোপেনহেগেনৰ ঐতিহাসিক আমালিয়েনবৰ্গ প্ৰাসাদত ডেনমাৰ্কৰ ৰাণী দ্বিতীয় মাৰ্গ্ৰেথে(PM Modi meets Queen of Denmark) উষ্ম আদৰণি জনায় ।

কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ ছয়হীয়া শিশুৰ মৃতদেহ

পবিত্ৰ ঈদ-উল-ফিতৰৰ দিনাই লখিমপুৰত অঘটন ৷ জিলাখনৰ কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপতে থকা এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত প্ৰায় ছমহীয়া এটি শিশুৰ মৃতদেহ (A child dead body recovered in Lakhimpur) ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

সামাজিক মাধ্যমত পাকিস্তানৰ চোৰাংচোৱাগিৰী কৰি পাঠানকোটত গ্ৰেপ্তাৰ হ’ল এজন

ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানলৈ সীমান্ত অঞ্চলৰ বিষয়ে চোৰাংচোৱা তথ্য প্ৰেৰণ কৰাৰ অভিযোগত পাঠানকোট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক ৷ ইতিমধ্যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে অস্ত্ৰ আইন আৰু এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে (Case registered under Arms Act and NDPS Act) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.