ETV Bharat / bharat

PM Modi meets Queen of Denmark : ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : May 4, 2022, 9:51 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ইউৰোপ ভ্ৰমণৰ দ্বিতীয় দিনৰ অন্তত কোপেনহেগেনৰ ঐতিহাসিক আমালিয়েনবৰ্গ প্ৰাসাদত ডেনমাৰ্কৰ ৰাণী দ্বিতীয় মাৰ্গ্ৰেথে(PM Modi meets Queen of Denmark) উষ্ম আদৰণি জনায় ।

PM Modi meets Queen of Denmark Margrethe II at her palace
ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 4 মে’ : তিনিদিনীয়া কাৰ্যসূচীৰে ইউৰোপ ভ্ৰমণলৈ যোৱা দেশৰ প্ৰধানমন্ত্ৰীৰ বুধবাৰে তৃতীয় তথা অন্তিমটো দিন ৷ ইয়াৰ পূৰ্বে মঙলবাৰে ইউৰোপ ভ্ৰমণৰ দ্বিতীয় দিনাৰ অন্তত প্ৰধানমন্ত্ৰী মোডীয়ে কোপেনহেগেনৰ ঐতিহাসিক আমালিয়েনবৰ্গ প্ৰাসাদত উপস্থিত হৈ ডেনমাৰ্কৰ ৰাণী দ্বিতীয় মাৰ্গ্ৰেথক সাক্ষাৎ(PM Modi meets Queen of Denmark) কৰে ।

প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে কোপেনহেগেনত সকলো ৰাজহুৱা কাৰ্যসূচীৰ অন্তত ডেনিছ ৰাণীয়ে আয়োজন কৰা এক ব্যক্তিগত নৈশভোজত অংশ লোৱাৰ কথা আছিল । তদুপৰি একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ৰাজপৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰাৰো কথা আছিল ৷

"ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথ(দ্বিতীয়) ই প্ৰধানমন্ত্ৰী @narendramodi ক উষ্ম আদৰণি জনায় । ৰাণীৰ শাসনকালৰ সোণালী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে", বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক টুইটযোগে জানিবলৈ দিয়ে এই কথা ।

লগতে চাওক: PM Modi departs for Germany : তিনিদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীলৈ প্ৰধানমন্ত্ৰী মোডী

দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোডী কোপেনহেগেনত উপস্থিত হৈ ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰে ৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-ডেনমাৰ্কৰ মাজত অন্যান্য আঞ্চলিক আৰু দ্বি-পাক্ষিক বিষয়ৰ লগতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বিষয়েও আলোচনা কৰে । ইউৰোপীয় দেশখনত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰবাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৷ এই অনুষ্ঠানতে ঢোল বজোৱাও দেখা গৈছিল প্ৰধানমন্ত্ৰী মোডীক ৷

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনে সম্বোধন কৰে এক যুটীয়া সংবাদমেল ৷ য'ত ভাৰত আৰু ডেনমাৰ্কৰ মাজত আনুষ্ঠানিকভাৱে কেইবাটাও চুক্তি স্বাক্ষৰিত হৈছিল ।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰীত্বৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ কোপেনহেগেনত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰে । ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোডীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহতো ব্যক্তিগত ভ্ৰমণসূচীৰে উপস্থিত হোৱা দেখা গৈছিল ৷

উল্লেখ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে বুধবাৰে দ্বিতীয় ভাৰত-নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা আছে ৷ ইয়াৰ বাবে পেৰিছলৈ ৰাওনা হোৱাৰ পূৰ্বে তেওঁ ফ্ৰান্সৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নক সাক্ষাৎ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.