ETV Bharat / state

লুইতখন শুকাইছে কিয় ? - BRAHMAPUTRA RIVER

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 8:19 PM IST

BRAHMAPUTRA: বৰলুইত শুকাইছে । ভয়ানকভাৱে শুকাইছে অসমী আইৰ আয়ুসৰেখা বৰলুইত । কেউফালে কেৱল মৰুভূমিসদৃশ পৰিৱেশ । চিন্তিত আজি নৈপৰীয়া সমাজ, কাল অমানিশা নামিছে জলচৰ জীৱকুললৈ ।

Brahmaputra has dried up terribly in Teok
অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ (ETV Bharat Assam)

অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ (ETV Bharat Assam)

টীয়ক, ১৬ মে': "মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ । কত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ...।" লুইতখন অসমীয়া জাতিৰ আয়ুসৰেখা । এই লুইতক লৈয়ে গঢ় লৈ উঠিছে অসমীয়া জাতিৰ সভ্যতা । লুইতখনেই অসমীয়া ৰাইজৰ আশা-ভৰষাৰ থল । কৃষি-কৰ্মকে ধৰি সাহিত্য-সংস্কৃতিলৈকে সকলোতে অধিকাৰ আছে ব্ৰহ্মপুত্ৰৰ । এই ব্ৰহ্মপুত্ৰই কঢ়িয়াইছে কত ইতিহাস ।

কিন্তু বৰ্তমান বিপদাপন্ন অসমীয়া জাতিৰ আয়ুসৰেখাডাল । নৈপৰীয়া সভ্যতা-সংস্কৃতিলৈ আহিছে অশানি সংকেত । ভয়ানকভাৱে সলনি হৈছে বৰলুইতৰ ৰূপ-ৰেখা । বৰলুইতৰ বুকুত এতিয়া মৰুভূমিসদৃশ পৰিৱেশ । দুৰ-দুৰণিলৈ চকুত নপৰে লুইতৰ জলপৃষ্ঠ । এনে অস্বাভাৱিক পৰিৱৰ্তনে আজি চিন্তিত কৰিছে সকলোকে । শংকিত হৈছে নৈপৰীয়া সমাজ । জলচৰ প্ৰাণীৰ জীৱনলৈ নামি আহিছে বিভিষিকা ।

এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী হিচাপে বিবেচিত ব্ৰহ্মপুত্ৰ । বিশ্বৰ একমাত্ৰ পুৰুষ নদী হিচাপে বিবেচিত ব্ৰহ্মপুত্ৰ অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে অংগাংগিকভাৱে জড়িত ৷ সভ্যতা সদায় নদী-কেন্দ্ৰিক ৷ প্ৰাগজ্যোতিষৰ পৰা কামৰূপ আৰু কামৰূপৰ পৰা অসমৰ সভ্যতালৈকে ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক সভ্যতা আখ্যা দিয়ে গুণীজনে ৷ এই ব্ৰহ্মপুত্ৰ নদীকেই ভৰষা কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰি সমন্বয় আৰু সমাহাৰেৰে গঠন কৰে অসমীয়া জাতি ৷

বৰলুইতেই জীৱন জীৱিকাৰ ভৰষা নৈপৰীয়া লোকৰ । বাৰিষা কালৰূপ ধাৰণ কৰা লুইতৰ এনে পৰিৱৰ্তনত বুজাব নোৱাৰা এক অজানা বিষে হেঁচি ধৰিছে নৈপৰীয়া জনতাক । কিন্তু কিয় এনে পৰিৱৰ্তন । কৰ'বাত ভুল কৰিছে নেকি জীৱশ্ৰেষ্ঠ মানৱ সমাজে ? নে এয়াও এক প্ৰকৃতিৰ সিদ্ধান্ত ? জীৱন জীৱিকাক লৈ চিন্তিত নৈপৰীয়া ৰাইজ । সেয়ে এই ক্ষেত্ৰত অনতি পলমে চৰকাৰে এক উচিত সিদ্ধান্ত গ্ৰহণ কৰাৰ কামনা কৰিছে ৰাইজে ।

লগতে পঢ়ক: মোহনাঘাটৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱণ্টন 75 কোটি টকা - Erosion In Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.