ETV Bharat / state

মোহনাঘাটৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱণ্টন 75 কোটি টকা - Erosion In Dibrugarh

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 2:27 PM IST

Brahmaputra River Bank Erosion : ডিব্ৰুগড়ত খহনীয়া প্ৰতিৰোধ কৰিবলৈ 'নিডা' আঁচনিৰ জৰিয়তে চৰকাৰে আৱণ্টন দিছে 75 কোটি টকা । এই কথা প্ৰকাশ কৰিছে স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে ৷ পিছে বিধায়কগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Brahmaputra River Bank Erosion
ডিব্ৰুগড়ত অব্যাহত খহনীয়া (Source : Etv Bharat Assam)

ডিব্ৰুগড়ত অব্যাহত খহনীয়া (Source : Etv Bharat Assam)

মৰাণ, 16 মে’: ডিব্ৰুগড় চহৰৰ সমীপৰে বৈ গৈছে বুঢ়ালুইত ৷ লুইতৰ খহনীয়াত জাহ গৈছে বহুলোকৰ ভেঁটি-মাটি ৷ জিলাখনৰ কেইবাটাও স্থানত ভয়ংকৰ খহনীয়া সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰই ৷ বিগত কেইবাটাও বছৰৰ পৰা এই খহনীয়াই ভয়ংকৰ ৰূপ লৈছে যদিও খহনীয়া নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হোৱা দেখা গৈছে ৰাজ্য চৰকাৰ ৷ পূৰ্বৰ বছৰ সমূহৰ দৰে এইবাৰো ব'হাগ মাহ চলি থকাৰ মাজতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে ডিব্ৰুগড়ত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷

বাৰিষাৰ প্ৰাকমূহুৰ্তত চহৰখনত ভয়ংকৰ খহনীয়া সৃষ্টি হোৱাত শংকিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ কাষতে থকা লোকসকল ৷ জিলাখনৰ মোহনাঘাট অঞ্চলত সৃষ্টি হোৱা খহনীয়াই চকুৰ সন্মুখতে লৈ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষি ভূমি । বৰ্তমান মোহনাঘাটত খহনীয়াত সৰ্বস্বান্ত পৰিয়ালে দিন কটাইছে চালিৰ তলতে । অসহায় ৰাইজে স্থানীয় বিধায়ক হিচাপে প্ৰশান্ত ফুকনৰ কাষ চাপিছিল যদিও বিধায়কগৰাকীয়ে সহায় কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ৰাইজে জানিবলৈ দিয়া অনুসৰি, নদীৰ কাষত থকা ৰাইজক সহায় কৰিব নোৱাৰো, প্ৰয়োজন হ'লে ভোট নিদিবা বুলি বিধায়ক গৰাকীয়ে ৰাইজক কৈছে । মুঠৰ ওপৰত মোহনাঘাটৰ খহনীয়াক লৈ হাত দঙাৰ অভিযোগ উত্থাপিত হৈছে বিধায়ক ফুকনৰ বিৰুদ্ধে । ৰাইজৰ অভিযোগ- ঘৰ-ভেঁটি হেৰুওৱাসকলক কোনো ধৰণৰ সহায় বিধায়ক আৰু স্থানীয় প্ৰশাসনে কৰা নাই ৷ বৰং খহনীয়া প্ৰতিৰোধৰ বাবে কেৱল জিঅ' বেগ দি দায়িত্ব সামৰিছে ।

ইফালে, ৰাইজৰ এই অভিযোগৰ বিপৰীতে খহনীয়া প্ৰতিৰোধৰ বাবে কোটি কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ কথা কৈছে বিধায়ক প্ৰশান্ত ফুকনে । বিধায়কগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ডিব্ৰুগড়ত খহনীয়া প্ৰতিৰোধ কৰিবলৈ 'নিডা' আঁচনিৰ জৰিয়তে চৰকাৰে ৭৫ কোটি টকা আৱণ্টন দিছে ।

ইয়াৰে জিলাখনৰ কয়লাঘাটত ২৪ কোটি টকা আৰু পূজাঘাটত ২৬ কোটি টকাৰে একোটাকৈ "স্পাৰ" নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে । বিধায়কগৰাকীয়ে প্ৰকাশ কৰাৰ দৰে এইসমূহ কোটিটকীয়া প্ৰকল্পই ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰিব পাৰি নে, তাক লৈ উত্থাপন হৈছে প্ৰশ্ন ।

লগতে পঢ়ক: ধনী হোৱা হ’লেতো আমি আৰচিচি বিল্ডিং বনাই থাকিলোহেতেন ! - Assam River Bank Erosion Problem

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.