মহানগৰীত নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ সোমাল সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত

author img

By

Published : May 4, 2022, 1:13 PM IST

Accident in Assam Sarva Shiksha Abhiyan office

মহানগৰীত অঘটন ৷ মঙলবাৰে নিশা অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ ভাগি সোমাল ডাম্পাৰ (Accident in Assam Sarva Shiksha Abhiyan office) ৷ ফলত কেৱল অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰেই নহয়, ক্ষতি হয় চাৰিখনকৈ আন বাহনৰ ৷

গুৱাহাটী, 4 মে’ : মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ ঘটনা । অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়(Assam Sarva Shiksha Abhiyan office)ৰ সন্মুখত এই অঘটন । মঙলবাৰে পুৱতি নিশা প্ৰায় 2.36 বজাত এখন ডাম্পাৰে মহতিয়াই নিয়ে অসম সৰ্বশিক্ষা অভিযান মিছন কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ (Dumper rams into front gate of Assam sarva shiksha abhiyan office) ।

নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ সোমাল গৈ অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত

জানিব পৰা মতে, AS 15 AC 3305 নম্বৰৰ এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই গেট ভাঙি কাৰ্যালয়ৰ ভিতৰলৈ সোমাই যায় (Speeding dumper ends up inside sarva siksha abhijan office) । ফলত ভাগি পৰে অসম সৰ্বশিক্ষা অভিযান মিছন কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ ৷ তথ্য অনুসৰি, জি এম চি পাহাৰৰ পৰা নামি আহোতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

কেৱল অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰে নহয়, নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰখনে যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত সোমাই চাৰিখনকৈ বাহন মহতিয়াই লৈ যায় । অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হোৱা এয়াই প্ৰথমটো দুৰ্ঘটনা নহয়, পূৰ্বেও সংঘটিত হৈছে অনুৰূপ ঘটনা ৷

ইয়াৰ পূৰ্বে এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈ হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে স্থানীয় লোকে ৷ ৰাইজৰ অভিযোগ, জি এম চি পাহাৰৰ পৰা নামি অহা পথচোৱা এঢলীয়া হোৱাৰ বাবেই সঘনাই এই স্থানত দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ সেয়ে দুৰ্ঘটনাপ্ৰৱণ এই স্থানত হয় স্পীডব্ৰেকাৰ, নহ’লে ট্ৰেফিক পুলিচৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক : Road accident in Udalguri: ওদালগুৰিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.