ETV Bharat / bharat

সামাজিক মাধ্যমত পাকিস্তানৰ চোৰাংচোৱাগিৰী কৰি পাঠানকোটত গ্ৰেপ্তাৰ হ’ল এজন

author img

By

Published : May 3, 2022, 9:59 PM IST

ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানলৈ সীমান্ত অঞ্চলৰ বিষয়ে চোৰাংচোৱা তথ্য প্ৰেৰণ কৰাৰ অভিযোগত পাঠানকোট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক ৷ ইতিমধ্যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে অস্ত্ৰ আইন আৰু এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে (Case registered under Arms Act and NDPS Act) ৷

pathankot-police-arrested-a-man-allegedly-sending-intelligence-from-border-area-to-pakistan-through-social-media
সামাজিক মাধ্যমত পাকিস্তানৰ চোৰাংচোৱাগিৰী কৰি পাঠানকোটত গ্ৰেপ্তাৰ হ’ল এজন

নেচলেল ডেস্ক, 3 মে’: পাঠানকোট আৰক্ষীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানলৈ সীমান্ত অঞ্চলৰ বিষয়ে চোৰাংচোৱা তথ্য প্ৰেৰণ (sending intelligence of border areas to Pakistan) কৰাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ পৰা আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তথ্য লাভৰ আশা কৰাৰ কথা জানিব পৰা গৈছে ।

ইতিমধ্যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে অস্ত্ৰ আইন আৰু এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে(Case registered under Arms Act and NDPS Act) ৷

ইয়াৰ ভিতৰত, লোকজনৰ বিৰুদ্ধে চোৰাংচোৱাগিৰীৰ অভিযোগো এই গোচৰত সন্নিবিষ্ট হৈ আছে (Spy arrested in pathankot) । ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তজনক আদালতত হাজিৰ কৰোৱাই ৷ আদালতত আৰক্ষীয়ে তিনি দিনৰ বাবে অভিযুক্তজনৰ জিম্মা লাভ কৰে । ইফালে, এই সম্পৰ্কত আৰক্ষী বিভাগে এতিয়ালৈকে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে ৷

লগতে পঢ়ক : Communal clashes in Jodhpur : যোধপুৰত অনিৰ্দিষ্ট কাললৈ বন্ধ ইণ্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.