ETV Bharat / bharat

Communal clashes in Jodhpur : যোধপুৰত অনিৰ্দিষ্ট কাললৈ বন্ধ ইণ্টাৰনেট সেৱা

author img

By

Published : May 3, 2022, 2:29 PM IST

Communal clashes in Jodhpur
যোধপুৰত অনিৰ্দিষ্ট কাললৈ বন্ধ ইণ্টাৰনেট সেৱা

ঈদক লৈ দেশবাসী ব্যস্ত হৈ থকাৰ মাজতে ৰাজস্থানৰ যোধপুৰত তীব্ৰ উত্তেজনা ()। সোমবাৰে নিশা জলোৰী গেটত ধৰ্মীয় পতাকাকলৈ দুটা সম্প্ৰদায়ৰ মাজত তীব্ৰ সংঘৰ্ষ । সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰীৰ গৰিহণা (CM Ashok Gehlot condemns Jodhpur incident)। মঙলবাৰৰ পৰা জিলাখনত অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা বন্ধ ।

নেশ্যনেল ডেস্ক,৩ মে' : সমগ্ৰ দেশবাসীয়ে পৱিত্ৰ ঈদ উদযাপন কৰি থকাৰ মাজতে ৰাজস্থানৰ যোধপুৰত সাম্প্ৰদায়িক সংঘৰ্ষ (Communal clashes in Jodhpur)। দুই ধৰ্মৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘাত । সোমবাৰে সংঘটিত এই ঘটনাৰ মাজতে কঠোৰ হৈছে যোধপুৰ প্ৰশাসন । অনিৰ্দিষ্টকাললৈ যোধপুৰত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে (Internet services suspended in Jodhpur)। সম্প্ৰতি উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

উল্লেখ্য যে সোমবাৰে নিশা চহৰখনৰ জলোৰী গেটত ধৰ্মীয় পতাকাকলৈ দুটা সম্প্ৰদায়ৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । শিলগুটি নিক্ষেপ কৰাৰ লগতে ঈদৰ নামাজৰ বাবে অঞ্চলটোত স্থাপন কৰা লাউডস্পীকাৰবোৰো একাংশ লোকে ভাঙি পেলাইছিল । ঘটনা নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়াও হয় । ইফালে এই ঘটনাত কেইবাগৰাকী লোক আহত হয় ।

সমগ্ৰ ঘটনাক ইতিমধ্যে মুখ্যমন্ত্ৰী অশোক গেহলটে গৰিহণা দিছে (CM Ashok Gehlot condemns Jodhpur incident)। ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনক উচিত ব্যৱস্থা লোৱাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে ।

ইয়াৰ পাছতে প্ৰশাসনে সতৰ্কতামূলক পদক্ষেপ হিচাপে জিলাখনত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে । জিলা উপায়ুক্ত হিমাংশু গুপ্তাই এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে । সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ।

ঈদৰ ব্যস্ততাৰ মাজতে এনেধৰণৰ সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱাট চিন্তিত হৈছে যোধপুৰ জিলা প্ৰশাসন । যাৰ বাবে পুৱাৰে পৰা আৰম্ভ হোৱা ঈদৰ সমূহীয়া নামাজৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । ঈদগাহত অনুষ্ঠিত হ'বলগীয়া ঈদৰ নামাজৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী বাহিনীৰ বৃহৎ দল মোতায়েন কৰিছে প্ৰশাসনে ।

ঈদৰ নামাজ যাতে শান্তিপূৰ্ণভাৱে হৈ যায় তাৰ প্ৰতি গুৰুত্ব দিছে আৰক্ষী তথা প্ৰশাসনে । সমান্তৰালকৈ সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তও আৰক্ষীয়ে অব্যাহত ৰাখিছে । ঘটনাৰ সৈতে জড়িত কেইবাজনকো ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ভণ্ডামি কৰি ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.