ETV Bharat / state

ভণ্ডামি কৰি ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী

author img

By

Published : May 3, 2022, 9:31 AM IST

Updated : May 3, 2022, 11:38 AM IST

সোমবাৰে গ্ৰহ বেয়া আছিল নিজকে বাবা বুলি দাবী কৰা বিক্ৰম আলীৰ ৷ মুকালমুৱাৰ ৰামপুৰত বেজালি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল অভিযুক্ত ভণ্ড বাবা বিক্ৰম আলী (Fake godman detained by villagers at Nalbari) ৷ ৰামপুৰৰ এজন লোকৰ ঘৰত বিভিন্ন চিকিৎসাৰ নামত ভণ্ডামি কৰি লুটি নিছিল প্ৰায় 5 হাজাৰ টকা ৷

Fraud sadhu baba caught at Mukalmua
ভণ্ডামি কৰি ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী

নলবাৰী, 3 মে’ : আকৌ বাবা ওলাইছে ৷ বাবা মানে ভণ্ড ভাবা ৷ ভণ্ডামি কৰিবলৈ গৈ এইবাৰ মুকালমুৱাৰ ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী (Fake godman detained by villagers at Nalbari)৷

ঘটনাৰ বিৱৰণী অনুসৰি, ৰামপুৰৰ অজিত বৰ্মন নামৰ লোকজনৰ ঘৰত প্ৰায় এসপ্তাহ আগতে চিকিৎসাৰ নামত জৰা-ফুকা কৰিছিল নিজকে বাবা বুলি পৰিচয় দিয়া বিক্ৰম আলী নামৰ লোকজনে ৷ কেৱল জৰা-ফুকাই নহয়, বিভিন্ন তাবিজ দিয়াৰ নামত আলীয়ে বৰ্মন উপাধিৰ লোকজনৰ ঘৰৰ পৰা সৰকাইছিল প্ৰায় 5 হাজাৰ টকা ৷ তাৰপাচৰে পৰাই অন্তৰ্ধান হৈ পৰিছিল ভণ্ড বাবা বিক্ৰম আলী ৷

Fraud sadhu baba caught at Mukalmua
ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী

পৰৱৰ্তী সময়ত বিভিন্ন প্ৰলোভন দি অজিত বৰ্মনে অভিযুক্ত ভণ্ড বাবা বিক্ৰম আলীক মাতি আনে নিজ ঘৰলৈ ৷ তাৰ পাচতেই বেজালি আৰম্ভ কৰিবলৈ লয় ভণ্ড বাবাটোৱে ৷ তেনে সময়ত চেগ বুজি ভণ্ড বাবাক অজিত বৰ্মনৰ পৰিয়ালে ঘৰত আৱদ্ধ কৰি খবৰ দিয়ে স্থানীয় ৰাইজক (Fraud sadhu baba caught at Mukalmua) ৷

এই খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় গাঁৱৰ ৰাইজ ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজে একগোট হৈ ভণ্ড বাবা বিক্ৰম আলীক কাণত ধৰি উঠা-বহা কৰোৱাই ভৱিষ্যতে এনে কাম নকৰিবলৈ সকীয়নি প্ৰদান কৰে ৷

ভণ্ডামি কৰি ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী

জানিব পৰা মতে, মুকালমুৱাৰ ৰামপুৰত ভণ্ড বাবাৰ ভণ্ডামি এয়াই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বে কেইবাঘৰো লোকৰ পৰা অভিযুক্ত আলীৰ দৰে বহু ভণ্ড বাবাই লুটি নিছে ধন, টকা-পইচা সহ সোণৰ অলংকাৰ ৷ যাৰ বাবে এনে ভণ্ড বাবাৰ সন্ধানত আছিল গাঁৱৰ একাংশ ৰাইজ ৷

অৱশ্যে, বাতৰি লিখা পৰলৈকে গাঁৱৰ ৰাইজে অভিযুক্ত ভণ্ড বাবা বিক্ৰম আলীৰ সন্দৰ্ভত খবৰ দিয়া নাই আৰক্ষীক ৷

লগতে পঢ়ক : বঙাইগাঁৱত ৰোগীৰ জীৱনৰে হেতালি খেলিছে চিকিৎসক আলতাফ হুছেইনে

Last Updated :May 3, 2022, 11:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.