ETV Bharat / state

গণেশগুৰিত ছুইগী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : May 4, 2022, 2:26 PM IST

হেঙেৰাবাৰীত মঙলবাৰে নিশা উদ্ধাৰ ছুইগী কৰ্মচাৰীৰ মৃতদেহ(Dead body of Swiggy employee recovered in Ganeshguri) ৷ পথৰ দাঁতিত থকা দেৱালত ৰৈ থকা অৱস্থাতে মঙলবাৰে নিশা মৃত্যু ঘটে দীপাংকৰ বৰা নামৰ যুৱকজনৰ ৷ অৱশ্যে যুৱকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

dead-body-of-swiggy-employee-recovered-in-ganeshguri
গণেশগুৰিত ছুইগী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী, 4 মে’ : মহানগৰীৰ গণেশগুৰিৰ হেঙেৰাবাৰী পথত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ । অনলাইন খাদ্য যোগানকাৰী প্ৰতিষ্ঠান ছুইগীত কৰ্মৰত দীপাংকৰ বৰাৰ মৃত্যু(Dead body of Swiggy employee recovered in Ganeshguri) । পথৰ দাঁতিত থকা দেৱালত ৰৈ থকা অৱস্থাতে মঙলবাৰে নিশা মৃত্যু ঘটে এই যুৱকজনৰ ৷ বুধবাৰে পুৱা পথৰ দাঁতিত পৰি থকা অৱস্থাত যুৱকজনক প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।

পৰৱৰ্তী সময়ত স্থানীয় লোকে কৰ্মচাৰীজনক চিকিৎসালয়লৈ নিয়ে যদিও মৃত ঘোষণা কৰে চিকিৎসকে । মৃত দীপাংকৰ বৰাৰ ঘৰ মাণিকনগৰত বুলি জানিব পৰা গৈছে । অৱশ্যে যুৱকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

উল্লেখ্য যে, যুৱকজনৰ আকস্মিক মৃত্যুৱে ৰহস্যৰ সৃষ্টি কৰিছে ৷ একাংশ লোকে সন্দেহ প্ৰকাশ কৰা অনুসৰি, এয়া পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে ৷ অৱশ্যে যুৱকজনৰ শৰীৰত লাভ কৰা নাই কোনো আঘাতৰ চিন ৷

অপৰাধ অনুসন্ধান শাখা(Central Bureau of Investigation)ৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈ গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল 41 টাকৈ হত্যাকাণ্ড । আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীৰ পূৱ আৰক্ষী জিলাতেই সংঘটিত হৈছিল সৰ্বাধিক হত্যাকাণ্ড (Murder cases in Guwahati) ৷

লগতে চাওক: কঠিয়াতলীত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ; আহত ৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.