ETV Bharat / bharat

খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

author img

By

Published : May 4, 2022, 11:54 AM IST

মধ্যপ্ৰদেশৰ খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন(Curfew relaxed in Khargone) ৷ এই সময়চোৱাত খুলিব পাৰিব পেট্ৰ’ল পাম্পসমূহ(Petrol pumps allowed to open in Khargone) ৷ বিপৰীতে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠানসমূহ ৷ খাৰগোনৰ উপ-বিভাগীয় দণ্ডাধীশ মিলিন্দ ধোকে মঙলবাৰে নিশা এই বিষয়ে সদৰি কৰে সংবাদ মাধ্যমৰ আগত ৷ যাত্ৰীবাহী বাছসমূহ চলাচল কৰাৰ ক্ষেত্ৰতো শিথিল কৰা হৈছে নিৰ্দেশনা ৷

MP: Curfew relaxed for 11 hours in Khargone, petrol pumps allowed to open
খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

নেশ্যনেল ডেস্ক, 4 মে’: খাৰগোন প্ৰশাসনে আংশিকভাৱে শিথিল কৰিছে সান্ধ্য আইন(Curfew relaxed in Khargone) ৷ বুধবাৰে 11 ঘণ্টাৰ বাবে শিথিল কৰিছে এই সান্ধ্য আইন ৷ বিগত 10 এপ্ৰিলত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত মধ্য প্ৰদেশত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে পেট্ৰ'ল পাম্পসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে(Petrol pumps allowed to open in Khargone) ৷ এই বিষয়ে সংবাদ মাধ্য়মৰ আগত সদৰি কৰিছে ৰাজ্য চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই ৷

ইয়াৰ পূৰ্বে মঙলবাৰে 24 ঘণ্টীয়া সান্ধ্য আইন অব্যাহত আছিল ৰাজ্যখনত ৷ যাৰ বাবে প্ৰশাসনে স্থানীয় লোকসকলক ঘৰতে থাকি ঈদ-উল-ফিতৰ আৰু অক্ষয় তৃতীয়া উদযাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ অৱশ্যে প্ৰশাসনে বুধবাৰে পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ সান্ধ্য আইন শিথিল কৰাৰ সিদ্ধান্ত লয় ।

এই সময়চোৱাত খুলিব পাৰিব পেট্ৰ’ল পাম্প ৷ বিপৰীতে বন্ধ থাকিব ধৰ্মীয় স্থানসমূহ ৷ খাৰগোনৰ উপ-বিভাগীয় দণ্ডাধীশ মিলিন্দ ধোকে মঙলবাৰে নিশা সান্ধ্য আইন শিথিলকৰণৰ সন্দৰ্ভত এইদৰে জনায় সাংবাদিকক ৷ ইফালে যাত্ৰীবাহী বাছসমূহ চলাচল কৰাৰ ক্ষেত্ৰতো শিথিল কৰা হৈছে নিৰ্দেশনা ৷

উল্লেখ্য যে, বিগত 10 এপ্ৰিলত সংঘটিত হিংসাত্মক ঘটনা(Violence in Khargone during Ram Navami procession) ৰ পিছত খাৰগোনত জাৰি কৰা হৈছিল সান্ধ্য আইন ৷ এই সময়চোৱাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহসমূহ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল ৷ তদুপৰি ঘটনাস্থলীত উপস্থিত জনতাৰ ওপৰত নিক্ষেপ কৰা হৈছিল শিলগুটি ৷

14 এপ্ৰিলৰ পৰা স্থানীয় প্ৰশাসনে আংশিকভাৱে শিথিল কৰি আহিছে সান্ধ্য আইন ৷ এই শিথিলকৰণৰ সময়চোৱাত গাখীৰ, পাচলি, ঔষধ আদিৰ বিপণীৰ লগতে চেলুন আদি খোলা ৰখাত অনুমতি প্ৰদান কৰে প্ৰশাসনে ৷

লগতে চাওক: Covid 19 in India : ভাৰতত নতুনকৈ আক্ৰান্ত 3,205 গৰাকী, 31 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.