ETV Bharat / state

কেনে আছে দাৱা, জন আৰু ফিনাল ? 7 দিন পৰ্যন্ত নাই শুংসূত্ৰ... - Laborers Trapped IN COAL MINES

Illegal Coal Mine Collapse :পাটকাই পাহাৰত ভূ-গৰ্ভস্থ হোৱা তিনি শ্ৰমিকৰ সন্ধানত অভিযান অব্যাহত আছে উদ্ধাৰকাৰী দলৰ ৷ কিন্তু সাতদিন পৰ্যন্ত সন্ধান নাই কয়লাখনিত আৱদ্ধ তিনিগৰাকী শ্ৰমিকৰ ৷

Illegal Coal Mine Collapse
কেনে আছে দাৱা, জন আৰু ফিনাল ? 7 দিন পৰ্যন্ত নাই শুংসূত্ৰ... (etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024 at 8:45 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ৩১ মে’: আজি সাত দিন পৰ্যন্ত সন্ধান নাই তিনিচুকীয়া জিলাৰ লিডুৰ টিককত অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিং অথবা ৰেট হ'ল মাইনিঙত কয়লা খনন কৰিবলৈ গৈ জীৱন্তে ভূগৰ্ভস্থ হোৱা তিনি কয়লা শ্ৰমিকৰ ৷ মাৰ্ঘেৰিটা আৰু জিলা প্ৰশাসনৰ তৎপৰতাত ক’ল ইণ্ডিয়া আৰু উদ্ধাৰকাৰী দলৰ সহযোগত যোৱা 26 মে’ৰ পৰাই অবিৰতভাৱে অভিযান চলাই আহিছে ৷ যদিও প্ৰতিকূল বতৰৰ বাবে সফল হ’ব পৰা নাই উদ্ধাৰকাৰী দলে ৷ প্ৰথম পৰ্যায়ত দলটোৱে প্ৰায় 20 ফুট পৰ্যন্ত গভীৰতালৈ খনন কৰিবলৈ সক্ষম হয় যদিও হঠাৎ অহা বৰষুণৰ বাবে পুনৰ ভূস্খলন হোৱাৰ ফলত আকৌ বন্ধ হৈ পৰে খনন প্ৰক্ৰিয়া ৷

কেনে আছে দাৱা, জন আৰু ফিনাল ? 7 দিন পৰ্যন্ত নাই শুংসূত্ৰ... (etv bharat assam)

দলটোৱে কৰা সন্দেহ অনুসৰি প্ৰায় 24 ফুট গভীৰতাত আছে তিনি ভূগৰ্ভস্থ হোৱা শ্ৰমিক ৷ ইয়াৰ পিচতে পুনৰ ডিব্ৰুগড়ৰ পৰা এটা বিশেষ উদ্ধাৰ অভিযানকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বিগত কিছুদিনৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ বাবে থমকি ৰব লগা হৈছে, যাৰ বাবে এতিয়া তিনিওগৰাকী শ্ৰমিকক উদ্ধাৰৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ আছে ৷

ইয়াৰ সমান্তৰালকৈ, মাৰ্ঘেৰিটা আৰক্ষীয়ে অবৈধ কয়লাৰ সৈতে জড়িত মাফিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰম্ভ কৰা এই অভিযানে প্ৰভাৱশালী কয়লা মাফিয়াক জোকাৰি যোৱা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে কয়লা ব্যৱসায়ৰ সৈতে জড়িত বহুকেইজন মাফিয়াক হাজিৰ হ’বলৈ নিৰ্দেশনা দিছে বুলি জানিব পৰা গৈছে ৷ এতিয়া ইয়াকে লৈ মাৰ্ঘেৰিটাত সৃষ্টি তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ৷

জানিব পৰা অনুসৰি, মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত অবৈধ কয়লাৰ বিৰুদ্ধে আৰম্ভ কৰা তদন্তত হয়তো বহু প্ৰভাৱশালী ব্যক্তিৰ নাম সাঙোৰ খাব পাৰে বুলি সন্দেহ কৰা হৈছে ৷ যিহেতু মাৰ্ঘেৰিটাৰ লিডুত বছৰ বছৰ ধৰি অব্যাহত আছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা । গতিকে আৰক্ষীৰ এই তদন্ত পৰৱৰ্তী সময়ত কি পৰ্যায় পায়গৈ সেয়াহে হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: চাৰিদিন পৰ্যন্ত সন্ধান নাই কয়লা খনিত আৱদ্ধ তিনি শ্ৰমিকৰ - laborers trapped IN COAL MINES