ETV Bharat / bharat

Covid 19 in India : ভাৰতত নতুনকৈ আক্ৰান্ত 3,205 গৰাকী, 31 গৰাকীৰ মৃত্যু

author img

By

Published : May 4, 2022, 10:54 AM IST

Covid 19 in India
ভাৰতত কৰ’ণাৰ শেহতীয়া তথ্য

বিগত 24 ঘণ্টাত 3,205 গৰাকী ব্যক্তি নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত(India reports 3205 new Covid cases) হৈছে ৷ তদুপৰি কৰ’ণা(Covid 19 in India) ত আক্ৰান্ত হোৱা 31 গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে ৷ যাৰ ফলত বৰ্তমানলৈকে দেশত কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ সংখ্যা 5,23,920 গৰাকীলৈ বৃদ্ধি পাইছে ৷

নেশ্যনেল ডেস্ক, 4 মে’ : বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰত(Covid 19 in India) ত বিগত 24 ঘণ্টাত 3,205 গৰাকী ব্যক্তি নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত(India reports 3205 new Covid cases) হৈছে ৷ যাৰ লগে লগে সক্ৰিয় আক্ৰান্ত ৰোগীৰ সংখ্যা 19,509 গৰাকীলৈ বৃদ্ধি হয় ৷ ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যা 4,30,88,118 গৰাকীলৈ বৃদ্ধি পায় ।

তদুপৰি বিগত 24 ঘণ্টাত মৃত্যু ঘটিছে 31 গৰাকী কৰ’ণা ৰোগীৰ ৷ যাৰ ফলত বৰ্তমানলৈকে দেশত কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ সংখ্যা 5,23,920 গৰাকীলৈ বৃদ্ধি পাইছে ৷ দেশত বৰ্তমান 372 টা নতুন ঘটনাৰ সৈতে সক্ৰিয় আক্ৰান্তৰ সংখ্যা 19,509 গৰাকীলৈ বৃদ্ধি পাইছে ৷

স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, সক্ৰিয় আক্ৰান্তৰ সংখ্যা দেশৰ মুঠ আক্ৰান্তৰ .05 শতাংশ ৷ ইয়াৰ বিপৰীতে আৰোগ্যৰ হাৰ 98.74 শতাংশ । দৈনিক আক্ৰান্তৰ হাৰ .98 শতাংশ আৰু সাপ্তাহিকভাৱে এই হাৰ হৈছে .76 শতাংশ ৷ সমান্তৰালকৈ এই ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা সম্প্ৰতি বৃদ্ধি পাইছে 4,25,44,689 গৰাকীলৈ ৷ ইয়াৰ বিপৰীতে মৃত্যুৰ হাৰ হৈছে 1.22 শতাংশ ৷

দেশজুৰি ক’ভিড-19 টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে দেশত প্ৰদান কৰা প্ৰতিষেধকৰ পালিয়ে 189.48 কোটি লোকক অতিক্ৰম কৰিছে । ভাৰতত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যাই 2020 চনৰ 7 আগষ্টত 20 লাখ আৰু 19 ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰিছিল । লগতে 4 মে'ত দুই কোটি আৰু 23 জুনত তিনি কোটি অতিক্ৰম কৰে ।

লগতে চাওক: ক’ভিড-19 ৰ ভেকচিন নোলোৱা সকলে ভেকচিন লোৱা সকলৰ মাজত বঢ়াইছে আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.