ETV Bharat / international

হিন্দুৰ ওপৰত পক্ষপাতমূলক, অবৈজ্ঞানিক প্ৰতিবেদন প্ৰস্তুত; USCIRF ক সমালোচনা প্ৰবাসী ভাৰতীয়ৰ - Hindus not Represented in USCIRF

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 10:23 AM IST

Hindus not Represented in USCIRF: আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগে বাৰ্ষিক প্ৰতিবেদনত ভাৰত আৰু হিন্দু ধৰ্মৰ ওপৰত বিভিন্ন ধৰণৰ অসম্পূৰ্ণ তথ্য প্ৰদান কৰি আহিছে । হিন্দুৰ প্ৰতিনিধি নথকাৰ বাবেই এনে প্ৰতিবেদন প্ৰকাশ পাইছে । শেহতীয়া এক প্ৰতিবেদনত ভাৰতক বিশেষ উদ্বেগৰ দেশ হিচাপেও পৰামৰ্শ দিয়ে আয়োগে ।

Hindus not Represented in USCIRF
USCIRFক সমালোচনা প্ৰবাসী ভাৰতীয়ৰ (ETV Bharat)

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ মে' : আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগত (USCIRF) হিন্দু ধৰ্মৰ লোকক নিযুক্তি নিদিয়াত ক্ষোভিত একাংশ হিন্দু নেতা । ভাৰতীয় প্ৰবাসী সংস্থাসমূহে দাবী কৰা মতে আমেৰিকাৰ জনসংখ্যাৰ এক শতাংশ আৰু বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম হৈছে হিন্দু । তাৰ পিচতো এই ধৰ্মৰ লোকে আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগত প্ৰতিনিধিত্ব কৰিব পৰা নাই ।

হিন্দুৰ অনুপস্থিতিত USCIRF য়ে ভাৰত আৰু হিন্দুসকলৰ ওপৰত পক্ষপাতমূলক, অবৈজ্ঞানিক আৰু একপক্ষীয় প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে বুলিও এক শীৰ্ষ ভাৰতীয় প্ৰবাসী সংস্থাৰ মুৰব্বীয়ে দাবী কৰে ।

উল্লেখ্য যে, আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগে শুকুৰবাৰে তিনিগৰাকী নতুন সদস্য ক্ৰমে মৌৰীন ফাৰ্গুচন, বিকি হাৰ্টজালাৰ আৰু আচিফ মহম্মদক নিযুক্তি দিয়াৰ লগতে আৰু ষ্টিফেন শ্নেক আৰু এৰিক ইউলেণ্ডক পুনৰ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে । পূৰ্বৱৰ্তী আয়ুক্তসকল ক্ৰমে আব্ৰাহাম কুপাৰ, ডেভিদ কাৰি, ফ্ৰেডৰিক ডাভি, মহম্মদ মাগিদ, নুৰি টাৰ্কেল আৰু ফ্ৰেংক ৱল্ফৰ কাৰ্যকাল ১৪ মে'ত সমাপ্ত হৈছে ।

এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এফআইআইডিএছ নামৰ এটা ভাৰতীয় প্ৰবাসী সংস্থাৰ নীতি আৰু কৌশল প্ৰধান খাণ্ডেৰাও কান্দেয়ে । তেওঁ USCIRF নতুন সদস্যসকলক অভিনন্দন জনায় । তেওঁৰ মতে নেতাসকলে আয়োগত বৈচিত্ৰ্য আৰু ভাৰসাম্যৰ বাবে প্ৰতিনিধিত্ব নিযুক্তিত বিফল হৈছে । কিয়নো হিন্দু হৈছে অন্যতম বৃহৎ ধৰ্ম ।

পৃথিৱীৰ প্ৰতি ৬ গৰাকী লোকৰ ভিতৰত এগৰাকী হিন্দু ধৰ্মৰ লোক আছে । ইয়াৰ দ্বাৰা বৈচিত্ৰ্য অনা আৰু আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা প্ৰতিবেদনত সঠিক ভাৰসাম্য ৰক্ষা কৰাত USCIRF বিফল হ'ব বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

তেওঁ দাবী কৰে যে আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সন্দৰ্ভত USCIRFৰ বাৰ্ষিক প্ৰতিবেদন ভাৰতৰ বিৰুদ্ধে পক্ষপাতমূলক । তেওঁৰ আয়োগে সম্পূৰ্ণ তথ্য প্ৰদান নকৰে । কিছুমান তথ্য আয়োগে লুকুৱাই বুলিও খাণ্ডেৰাও কান্দেয়ে দাবী কৰে ।

তেওঁৰ মতে USCIRFৰ প্ৰতিবেদন প্ৰকৃততে প্ৰাসংগিক নহয় । ই ঐতিহাসিক তথ্য বা প্ৰৱণতাৰ বিষয়ে নকয় । এই প্ৰতিবেদন তথ্যগতভাৱে সম্পূৰ্ণ নহয় আৰু ই বিতৰ্কিত বুলিও তেওঁ অভিযোগ কৰে । আনহাতে কান্দেয়ে দাবী কৰা মতে ই প্ৰত্যাশিতভাৱে ভাৰত বিৰোধী । USCIRF য়ে ভাৰতক বিশেষ উদ্বেগৰ দেশ বুলি অভিহিত কৰিছে । কান্দেয়ে কয় যে সমগ্ৰ বিশ্বই ভাৰতক সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে স্বীকাৰ কৰে, তেনেস্থলত আমেৰিকাৰ ধৰ্মীয় স্বাধীনতা আয়োগে ভাৰতক এনে ধৰণৰ পৰামৰ্শ দিয়াটো আচৰিত কথা বুলিও তেওঁ উল্লেখ কৰিছে ।

খাণ্ডেৰাৱে অভিযোগ কৰিছে যে আয়োগৰ বাৰ্ষিক প্ৰতিবেদনে বেছিভাগ ধৰ্মৰ প্ৰতি কোনোধৰণৰ দৃষ্টিভংগী নিদিয়ে । প্ৰতিবেদনখনত বিশেষজ্ঞসকলক কেনেদৰে বাছনি কৰা হয় বা প্ৰমাণ সংগ্ৰহ কৰা হয় তাৰ ওপৰত স্বচ্ছতাৰ অভাৱ আছে ।

ধৰ্মৰ ক্ষেত্ৰত USCIRF ক সঁচাকৈয়ে প্ৰতিনিধিত্বমূলক সংস্থা হিচাপে গঢ়ি তুলিবলৈ কৰ্তৃপক্ষক আহ্বান জনাই তেওঁ কয় যে হিন্দু ধৰ্ম বা বৌদ্ধ ধৰ্মৰ দৰে আন ধৰ্মসমূহৰ প্ৰতিবেদনত কিছু প্ৰতিনিধিত্ব থকা প্ৰয়োজন । দ্বিতীয়তে, প্ৰতিবেদনখন দৃষ্টিকোণৰ পৰা অধিক বৈচিত্ৰ্যৰ ওপৰত আধাৰিত হোৱা প্ৰয়োজন । প্ৰতিবেদনবোৰ তথ্য বিশেষ হ'ব লাগে আৰু স্বচ্ছতা থাকিব লাগে বুলিও তেওঁ দাবী কৰে ।

উল্লেখ্য যে, এই মাহৰ আৰম্ভণিতে প্ৰকাশ পোৱা বাৰ্ষিক প্ৰতিবেদনত আয়োগে ৰাজ্যিক বিভাগক তেওঁলোকৰ চৰকাৰে ধৰ্ম বা বিশ্বাসৰ স্বাধীনতাৰ অধিকাৰৰ বিশেষভাৱে গুৰুতৰ উলংঘনত জড়িত বা সহ্য কৰাৰ ওপৰত নিৰ্ভৰ কৰি ১৭ খন ৰাষ্ট্ৰক বিশেষ উদ্বেগৰ দেশ হিচাপে মনোনীত কৰাৰ পৰামৰ্শ দিছিল । তাৰ ভিতৰত ভাৰতো আছিল । অৱশ্যে ভাৰতে এই প্ৰতিবেদন নাকচ কৰিছে ।

লগতে পঢ়ক :বিশ্বজুৰি ভাৰতীয় প্ৰতিভাৰ চাহিদা অতি উচ্চ : বৈদেশিক মন্ত্ৰী জয়শংকৰ - Jaishankar On Indian Talent
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.