ETV Bharat / sukhibhava

ক’ভিড-19 ৰ ভেকচিন নোলোৱা সকলে ভেকচিন লোৱা সকলৰ মাজত বঢ়াইছে আশংকা

author img

By

Published : Apr 25, 2022, 9:49 PM IST

সোমবাৰে প্ৰকাশিত এক মডেলিং অধ্যয়ন অনুসৰি এই কথা পোহৰলৈ আহিছে যে, ক’ভিড-19ৰ ভেকচিন নোলোৱা সকলে ভেকচিন লোৱা সকলৰ প্ৰতি কঢ়িয়াইছে ভাবুকি (Unvaccinated people increase COVID-19 risk ) ৷

covid new variant in india
ক’ভিড-19ৰ ভেকচিন নোলোৱা সকলে ভেকচিন লোৱা সকলৰ প্ৰতি কঢ়িয়াইছে ভাবুকি

সোমবাৰে প্ৰকাশিত এক অধ্যয়ন অনুসৰি এই কথা পোহৰলৈ আহিছে যে, ক’ভিড-19ৰ ভেকচিন নোলোৱা সকলে ভেকচিন লোৱা সকলৰ প্ৰতি কঢ়িয়াইছে ভাবুকি (Unvaccinated people increase COVID-19 risk ) ৷ কানাডাৰ টৰণ্টো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে SARS-CoV-2 ৰ দৰে সংক্ৰামক ৰোগৰ (Covid new variant in India) গতিশীলতা বুজিবলৈ ভেকচিন লোৱা আৰু নোলোৱা লোকসকলৰ মাজত মিশ্ৰণৰ প্ৰভাৱ অন্বেষণ কৰিবলৈ এটা সৰল আৰ্হি ব্যৱহাৰ কৰিছিল ।

টৰণ্টো বিশ্ববিদ্যালয়ৰ ডাল্লা লানা স্কুল অৱ পাব্লিক হেল্থৰ ডেভিদ ফিচমেনে কয়, "ভেকচিন লোৱাৰ বিৰোধিতা কৰা সকলে ভেকচিন লোৱাটো ব্যক্তিগত পছন্দকলৈ পক্ষপাতিত্ব কৰিছে’’ । এক বিবৃতিত ফিচমেনে কয়, "অৱশ্যে, আমি দেখিছোঁ যে টীকাকৰণ নকৰা লোকসকলৰ বাবে টীকাকৰণ কৰা লোকসকলৰ ক্ষেত্ৰত সংক্ৰমণৰ আশংকাই দেখা দিয়ে" ৷

কানাডিয়ান মেডিকেল এছ'চিয়েচন জাৰ্নেলত প্ৰকাশিত অধ্যয়নটোত দেখা গৈছে যে টীকাকৰণ কৰা লোকৰ সৈতে টীকাকৰণ নকৰা লোকসকল মিশ্ৰিত নোহোৱা হেতেন সংক্ৰমণৰ বিপদাশংকা কম আছিল । কিন্তু, যেতিয়া টীকাকৰণ কৰা আৰু টীকাকৰণ নকৰা মানুহ বোৰ মিহলি কৰা হয়, তেতিয়া টীকাকৰণ কৰা লোকসকলৰ মাজত যথেষ্ট সংখ্যক নতুন সংক্ৰমণ হোৱাৰ আশংকা আহি পৰে (Can vaccinated people have covid) ৷

অধ্যয়নটোৰ লেখকসকলে উল্লেখ কৰিছিল, ‘‘টীকাকৰণ নকৰা সকলে কেৱল টীকাকৰণ কৰা সকলকেই যে প্ৰভাৱিত কৰে তেনে নহয় বৰঞ্চ তেওঁলোকৰ চাৰিওফালৰ লোকসকলকো প্ৰভাৱিত কৰিব পাৰে’’ । তেওঁলোকে লগতে কয়, "যিসকলে টীকাকৰণ কৰাৰ সিদ্ধান্ত লয় বা যিসকলে টীকাকৰণ কৰিব নিবিচাৰে, তেওঁলোকক সামৰি ইকুইটি আৰু ন্যায়ৰ বিষয়ে বিবেচনা কৰা প্ৰয়োজন ৷ টীকাকৰণ নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁলোকক বিবেচনা কৰা উচিত" ৷

গৱেষকসকলে উল্লেখ কৰিছিল যে, টীকাকৰণক লৈ অপপ্ৰচাৰৰ চলোৱাৰ ফলত বহুতো দেশত মানুহৰ মাজত টীকাকৰণ বিৰোধী মনোভাৱৰ সৃষ্টি হৈছে ৷ ইয়ে সমাজত নিশ্চয়কৈ বিৰূপ প্ৰভাৱ পেলাইছে ৷

লগতে পঢ়ক: ক’ভিডৰ ভাইৰাছে কেৱল হাঁওফাঁওতে নহয় বৃক্ককো প্ৰভাৱিত কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.