ETV Bharat / entertainment

এসময়ত কটু মন্তব্যৰে আক্ৰমণ কৰা আলিয়া-হৃত্বিক আছেনে কংগনাৰ সমৰ্থনত ? - KANGANA RANAUT SLAP INCIDENT

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 1:35 PM IST

KANGANA RANAUT SLAPPED BY CISF : নৱ-নিৰ্বাচিত সাংসদে বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ পৰা খালে চৰ ৷ সামাজিক মাধ্যমত ইয়াকে লৈ সৰৱ চৰ্চা ৷ অভিনেত্ৰী তথা সাংসদে ঘটনাৰ পিচত মৌন হৈ থকা সকলকো সমালোচনা কৰিলে তীব্ৰ ভাষাৰে ৷ যিসকলে আকৌ মৌনত ভাঙী কনিষ্টবলৰ পক্ষত মাত দিলে তেওঁলোকক ক’লে ধৰ্ষণ আৰু হত্যাৰ দৰে ঘটনাৰ সৰ্মথনকাৰী বুলি ! মুঠৰ ওপৰত এতিয়া সামাজিক মাধ্যমত কংগনা-চৰ-কুলবিন্দৰ কৌৰ-বলীউড তাৰকাৰ পয়োভৰ ৷

Alia Bhatt and Hrithik Roshan's Surprising Support for Kangana Ranaut Amidst Slap Incident
আলিয়া-হৃত্বিক আছেনে কংগনাৰ সমৰ্থনত (ETV Bharat)

চিটাৰা ডেস্ক, 10 জুন : বলীউডৰ কুইন এতিয়া লোকসভা নিৰ্বাচনৰ নৱ-নিৰ্বাচিত সাংসদ ৷ অভিনয়ৰ পৰা চিধা ৰাজনীতিলৈ খোজ ৷ বিভিন্ন সময়ত বিভিন্ন মন্তব্যৰে কংগনা সদায়ে বাতৰিৰ চৰ্চাত থাকে ৷ নিজৰ স্পষ্টবাদিতাৰ বাবে বহু সময়ত বহপতৰ অপ্ৰিয় হৈ পৰিছে অভিনেত্ৰীগৰাকী ৷ এয়া আমি কোৱা কথা নহয় ৷ প্ৰতিটো ঘটনাৰ পাচতে সামাজিক মাধ্যমত হোৱা আলোচনা দেখিলে এনে অনুমান হয় যেন মানুহৰ মনত বহুত ক্ষোভ সোমাই আছে কংগনাৰ প্ৰতি ৷

দিল্লীলৈ যাবলৈ ওলোৱা সময়ত চণ্ডীগড় বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে চৰ শোধোৱা ঘটনাৰ পাচতে সামাজিক মাধ্যত তোলপাৰ লাগে ৷ নেটিজেনে প্ৰকাশ কৰিবলৈ ধৰিলে নিজ নিজ মন্তব্য ৷ ঘটনাৰ পিচতে মৌন হৈ থকা তাৰকাৰ দুনিয়াক তীব্ৰ সমালোচনা কৰে কংগনাই ৷ তাৰ পিচত আহিবলৈ দুই এক তাৰকাৰ মন্তব্য ৷

লগতে পঢ়ক : প্ৰাক্তন প্ৰেমিকাৰ গালত ৰাজহুৱা স্থানত চৰ ! কেনে অনুভৱ বাৰু প্ৰাক্তন প্ৰেমিকসহিতে পিতৃৰ - KANGANA RANAUT SLAPPED BY CISF

কিন্তু নেটিজেন ৰৈ থাকিল কিছু বিশেষ তাৰকাৰ প্ৰতিক্ৰিয়া বিচাৰি ৷ ইয়াৰ মাজতে বিশাল দাদলানীয়ে কৰা মন্তব্যই বাৰুকৈয়ে দৃষ্টি আকৰ্ষণ কৰিলে নেটিজেনৰ, য’ত তেওঁ কনিষ্টবলগৰাকীৰ মনৰ ভাৱৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি তেওঁক চাকৰিৰ নিৰাপত্তা প্ৰদানৰ আশ্বাস দিয়ে ৷ এতিয়া আহিছে হৃত্বিক-আলিয়াৰ প্ৰতিক্ৰিয়া ৷

Alia Bhatt and Hrithik Roshan's Surprising Support for Kangana Ranaut Amidst Slap Incident
স্ক্ৰীণশ্বট (ETV Bharat)

‘আলিয়াই অভিনয় নাজানে ৷ তেওঁ নেপ’টিজন প্ৰডাক্ত’, এই মন্তব্য কৰি এসময়ত কংগনাই আলিয়াক সামাজিক মাধ্যমত সমালোচনা কৰিছিল ৷ আনহাতে হৃত্বিকৰ সৈতে প্ৰেমৰ বাতৰিৰে এক দীঘলীয়া সময় ধৰি চৰ্চাত থকা কংগনাই হৃত্বিককো সেই সময়ত থকা-সৰকা কৰিছিল ৷ এতিয়া এই দুইগৰাকী তাৰকাৰ প্ৰতিক্ৰিয়া দেখি তবধ মানিছে নেটিজেনে ৷

লগতে পঢ়ক : কুলবিন্দৰ কৌৰলৈ মুকলি সমৰ্থন বিশাল দাদলানীৰ - CISF Woman Slapping Kangana Ranaut

চণ্ডীগড় বিমানবন্দৰত চিআইএছএফ কনিষ্টবল কুলবিন্দৰ কৌৰে কংগনাৰ চৰ শোধোৱা সন্দৰ্ভত কংগনাৰ কাষত থিয় দিছে আলিয়া আৰু হৃত্বিক । পূৰ্বৰ সংঘৰ্ষৰ স্বত্বেও, আলিয়া আৰু হৃত্বিকৰ কংগনাৰ প্ৰতি সমৰ্থনে বিতৰ্কৰ মাজত সংহতি প্ৰদৰ্শন কৰিছে । শ্বাবানা আজমী, অনুপম খেৰকে ধৰি বহু ব্যক্তিয়ে কংগনাৰ ওপৰত কৰা এই আক্ৰমণক গৰিহণা দিয়ে ৷

চণ্ডীগড় বিমানবন্দৰত চি আই এছ এফৰ কনিষ্টবলৰ পৰা চৰ খাই দুৰ্ভাগ্যজনক পৰিঘটনাৰ সন্মুখীন হ’ল অভিনেত্ৰী-ৰাজনীতিবিদ কংগনা । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশৰ মণ্ডীৰ পৰা জয়লাভ কৰি দিল্লীলৈ যোৱাৰ পথত এই ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক : ধৰ্ষণ তেনেহ’লে আপোনালোকৰ বাবে সহজ কথা ! - CISF Woman Slapping Kangana Ranaut

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.