ETV Bharat / sukhibhava

ঘিঁউ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰীনে ? বিশেষজ্ঞই কি কয় !

author img

By

Published : May 4, 2022, 1:52 PM IST

সাধাৰণতে আমাৰ স্বাস্থ্যৰ বাবে ঘিঁউ বা অন্যান্য তেলজাতীয় খাদ্য অপকাৰী বুলিয়ে ধৰা হয় ৷ বিশেষকৈ এনে খাদ্য গ্ৰহণে মেদবহুলতা বৃদ্ধিৰ লগতে হৃদযন্ত্ৰৰ বাবেও সমস্যাৰ সৃষ্টি কৰাৰ আশংকা থাকে ৷ কিন্তু এয়া কিমান পৰিমাণে সঁচা ? ইয়াৰ কোনো লাভালাভ আছে নেকি ? বিশেষজ্ঞসকলৰ মতে, মাখন বা ঘিঁউ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব পাৰে ৷ চাও আহক এই সন্দৰ্ভত যুগুতোৱা বিশেষ প্ৰতিবেদন ৷

Is Ghee good for your health? Here is what the experts say!
আপোনাৰ স্বাস্থ্যৰ বাবে ঘি উপকাৰীনে

চৰক সংহিতাত উল্লেখ থকা অনুযায়ী, বিশুদ্ধ দেশী ঘিঁউৱে স্মৃতিশক্তি আৰু শক্তি বৃদ্ধি কৰাৰ উপৰিও শৰীৰত বাত, পিত্ত আৰু কফৰ লগতে অন্যান্য বিষাক্ত পদাৰ্থৰ প্ৰভাৱ হ্ৰাস কৰে । সেয়েহে আয়ুৰ্বেদত বিশুদ্ধ ঘিঁউক ঔষধ হিচাপে গণ্য কৰা হয় ৷ ইয়াক বিভিন্ন প্ৰকাৰৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয় ।

মুম্বাইস্থিত বিশিষ্ট আয়ুৰ্বেদিক চিকিৎসক ডাঃ মনীষ কালে এই বিষয়ত সদৰি কৰা অনুসৰি, ঘিঁউ কেৱল খোৱা আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰা নহয়, বৰং পঞ্চকৰ্মকে ধৰি বিভিন্ন চিকিৎসাৰ বাবে আয়ুৰ্বেদত ইয়াৰ বাহ্যিক ব্যৱহাৰৰ কথাও উল্লেখ কৰা হৈছে ।

তেওঁ উল্লেখ কৰে যে, আয়ুৰ্বেদে পুৱা খালী পেটত বিশুদ্ধ গৰুৰ ঘিঁউ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ৷ কিয়নো ই বহুতো স্বাস্থ্যজনিত সমস্যাৰ উপশম কৰাত সহায় কৰে ৷ লগতে পাচন আৰু হাড়ৰ স্বাস্থ্য অটুট ৰখাৰ উপৰিও স্নায়ুতন্ত্ৰ শক্তিশালী কৰি ৰাখে ৷ চুলি আৰু ছালৰ বাবেও উপকাৰী হিচাপে গণ্য কৰা হৈছে ঘিঁউ ।

ঘিঁউক মগজুৰ টনিক বুলিও কোৱা হয় ৷ কিয়নো ইয়াৰ নিয়মীয়া ব্যৱহাৰে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে স্নায়ুতন্ত্ৰ সম্পৰ্কীয় সমস্যাৰ সমাধানত সহায় কৰে । ঘিঁউৰ সৈতে কৰা মূৰৰ মালিচে মানসিক স্বাস্থ্যজনিত সমস্যা যেনে- উদ্বেগ, উত্তেজনা, খং আৰু অস্থিৰতা আদিৰ পৰা সকাহ প্ৰদান কৰে ৷ ইয়াৰ আৰোগ্যকাৰী গুণাগুণো আছে, যাৰ বাবে কোনোক্ষেত্ৰত লাভ কৰা আঘাত আৰু পাইলছৰ দৰে সমস্যাৰ চিকিৎসাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয় ।

নিউট্ৰিচ’নিষ্টে কি কয় (What does the nutritionist say) ?

ইন্দোৰৰ এগৰাকী ডায়েটিচিয়ান তথা নিউট্ৰিচ’নিষ্ট ডাঃ সংগীতা মালুৱে এই বিষয়ত জনোৱা মতে, নিয়মীয়াকৈ বিশুদ্ধ দেশী ঘিঁউ পৰিমিতভাৱে সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী । 2-3 চামুচ ঘিঁউ শৰীৰৰ বাবে প্ৰয়োজনীয় ৷ কিন্তু অতিৰিক্ত পৰিমাণৰ ঘিঁউ সেৱনে শাৰিৰীক সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ তদুপৰি পূৰ্বৰে পৰা ৰোগ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অতিৰিক্ত ঘিঁউ সেৱনে শাৰিৰীক সমস্যা বৃদ্ধি কৰাৰ সম্ভাৱনা অধিক কৰি তোলে । দেশী ঘিঁউত কেলচিয়াম, ফছফৰাছ, খনিজ পদাৰ্থ, পটাছিয়াম, দুগ্ধজাত প্ৰ'টিন, ভিটামিন এ, কে, ই, ডি, অ’মেগা 3 আৰু অ’মেগা 9 ফেটি এচিড আদি উপাদান থাকে ৷ ইয়াৰ এণ্টি অক্সিডেটিভ আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণো আছে । পুষ্টি প্ৰদান কৰাৰ উপৰিও ইয়ে শৰীৰক অন্যান্য সংক্ৰমণৰ সৈতে যুঁজ দিয়াত সহায় কৰে । দেশী ঘিঁউৰ আন কিছুমান লাভালাভৰ ভিতৰত আছে :

  • ঘিঁউৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে
  • ই হজম শক্তি বৃদ্ধিৰ লগতে অন্ত্ৰ সঠিককৈ ৰখাত সহায় কৰে
  • ঘিঁউৱে শৰীৰত বেয়া কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰি হৃদৰোগৰ আশংকা হ্ৰাস কৰে
  • মেদবহুলতা প্ৰতিৰোধ কৰাৰ লগতে শৰীৰৰ চৰ্বী হ্ৰাস কৰাত সহায় কৰে ঘিঁউৱে
  • ঘিঁউ সেৱনে হাড়ৰ গাঁঠিবোৰ তৈলাক্ত কৰাত সহায় কৰে আৰু হাড়ৰ কেলছিয়াম শোষণ কৰাৰ ক্ষমতা বৃদ্ধি কৰে
  • ইয়ে ছাল আৰু চুলিৰ স্বাস্থ্য় সঠিককৈ ৰখাত সহায়ক হয়

গৱেষণাই কি কয় (What does the research say) ?

ঘিঁউৰ লাভালাভ সম্পৰ্কে ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা কৰা এক অধ্যয়নত দেখা গৈছে যে, বিশুদ্ধ ঘিঁউৱে শৰীৰত এনজাইম প্ৰস্তুত কৰে ৷ যিয়ে কৰ্কট ৰোগৰ সংক্ৰমণত বাধা প্ৰদান কৰি ভাইৰাছবিধ আঁতৰ কৰাত সহায় কৰে । ৰাষ্ট্ৰীয় জৈৱ প্ৰযুক্তি তথ্য কেন্দ্ৰ (এনচিবিআই) ত প্ৰকাশিত আন এক গৱেষণাত প্ৰকাশ পোৱা অনুসৰি, ঘিঁউৰ কৰ্কট ৰোগৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষমতা আছে । ইয়াৰোপৰি ঘিঁউত পোৱা লিনোলিক এচিডে মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ।

ঘিঁউত থকা এণ্টি অক্সিডেণ্টবোৰে বেয়া কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰাৰ লগতে বিপাকীয় শক্তি উন্নত কৰা, হজমত সহায় কৰা, কোষ্ঠকাঠিন্য, বমি আৰু ওকালি অহা আদিৰ দৰে সমস্যা আৰু হাড় শক্তিশালী কৰাত সহায় কৰে । ঘিঁউত চৰ্বি-দ্ৰৱণীয় ভিটামিন পোৱা যায় ৷ যিয়ে থাইৰইড গ্ৰন্থি নিয়ন্ত্ৰণ কৰিব পাৰে, ই গৰ্ভাৱস্থাৰ সময়ত যথেষ্ঠ গুৰুত্বপূৰ্ণ । গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ইয়াৰ ঔষধি গুণাগুণে মাতৃ আৰু গৰ্ভস্থ সন্তান দুয়োকে উপকৃত কৰে ।

ডাঃ সংগীতাই এইক্ষেত্ৰত কয় যে, যদিও বিশুদ্ধ দেশী ঘিঁউৰ ব্যৱহাৰে নিঃসন্দেহে শৰীৰক যথেষ্ট লাভান্বিত কৰে, কিন্তু ইয়াক কিমান পৰিমাণে গ্ৰহণ কৰা হৈছে, তাত গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ । বিশেষকৈ যিসকলে শাৰিৰীক সমস্যাত ভুগি আছে, তেওঁলোকে তেওঁলোকৰ আহাৰত গ্ৰহণ কৰিব পৰা যিকোনো প্ৰকাৰৰ চৰ্বীৰ পৰিমাণ সম্পৰ্কে এবাৰ চিকিৎসক অথবা ডায়েটিচিয়ানৰ পৰামৰ্শ লোৱা উচিত ৷

লগতে চাওক: Sufficient Water throughout the day: পানীয়েই প্ৰাণীৰ প্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.