ETV Bharat / sukhibhava

Sufficient Water throughout the day: পানীয়েই প্ৰাণীৰ প্ৰাণ

author img

By

Published : May 3, 2022, 9:54 PM IST

আমাৰ শৰীৰৰ প্ৰায় ৭০ শতাংশই হৈছে পানী ৷ এই পানীয়েই শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থসমূহ প্ৰস্ৰাৱ আৰু ঘামৰ জৰিয়তে উলিয়াই দিয়াত সহায় কৰে । পানীয়ে গাঁঠিবোৰ লুব্ৰিকেট কৰাত সহায় কৰে আৰু আমাৰ শৰীৰৰ সংবেদনশীল কলাবোৰ সুৰক্ষিত কৰে । কোৱা হয় যে প্ৰতিদিনে আঠ গিলাচকৈ পানী খোৱাতো সামগ্ৰিক স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় (how much water should we drink in a day) ।

Sufficient Water throughout the day
আপুনি গোটেই দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খাইনে ?

আমাৰ শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ । দৰাচলতে, পানী অবিহনে বেছিভাগ কাৰ্য যেনে উষ্ণতা নিয়ন্ত্ৰণ আৰু অত্যাৱশ্যকীয় পুষ্টি আদিয়ে দেহত ক্ৰিয়া নকৰে । পানী অধিকমাত্ৰাত পান কৰাৰ গুৰুত্বপূৰ্ণ লাভালাভ আছে । দুখৰ বিষয় যে, মানুহে কেৱল তৃষ্ণা অনুভৱ কৰিলেহে পানী খায়, যাৰ ফলত তেওঁলোকে কেৱল নিম্নতম লাভালাভ খিনিহে লাভ কৰে । সেয়েহে, যদি আপুনি কম পৰিমাণত পানী পান কৰে, তেন্তে আমাৰ পৰামৰ্শ অনুসৰি সঠিক পৰিমাণত পানী গ্ৰহণ কৰা আৰম্ভ কৰক (Sufficient Water throughout the day) ৷ বেছিভাগ চিকিৎসা বিশেষজ্ঞই এদিনত 2-3 লিটাৰ পানী খোৱাৰ পৰামৰ্শ দিয়ে ।

পানী শোধন কৰা সঁজুলি এটাৰ ব্ৰেণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক আদিত্য পাটনায়কে দৈনিক সঠিক পৰিমাণত পানী খোৱাৰ উপকাৰিতা উল্লেখ কৰিছে (Why is water essential for health):

1.পানীয়ে শক্তিৰ স্তৰ বজাই ৰখাত সহায় কৰে:

গ্ৰীষ্মকালত বেছিভাগ মানুহে ভাগৰুৱা অনুভৱ কৰে, যাৰ বাবে দেহত শক্তিৰ পৰিমাণ কমি যায় ৷ বিশেষকৈ ডিহাইড্ৰেছনে আপোনাৰ মগজুক অধিক প্ৰভাৱিত কৰি তুলিব পাৰে ৷ এনেধৰণৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ লগতে আপোনাৰ শক্তিৰ স্তৰ বৃদ্ধি কৰিবলৈ অধিক পৰিমাণত পানী সেৱন কৰক ।

2.সঠিক হাইড্ৰেছনে এক স্থানত মনোনিৱেশ কৰি থকাত সহায় কৰে:

বাহিৰৰ পৰা আপুনি ভাগৰ অনুভৱ নকৰিলেও; আপোনাৰ মগজুৱে মুখ্যতঃ ইয়াক অনুভৱ কৰে । পানী মগজুৰ বাবে অতিকে প্ৰয়োজনীয় যিহেতু পানীৰ সহায়তেই মগজুৱে কোষলৈ বৈদ্যুতিক সংকেত প্ৰেৰণ কৰে । অৰ্থাৎ যেতিয়া আপোনাৰ মগজু ভাগৰুৱা হৈ পৰে, আপোনাৰ পেশীবোৰে দক্ষতাৰে চলাচল কৰিব নোৱাৰে ৷ আপোনাৰ চকুযুৰি ভাগৰি পৰে আৰু মগজুটো সক্ৰিয় হৈ থকাৰ যুঁজত নামি পৰে । এনে সময়ত মগজুৰ মৌলিকভাৱে গুৰুত্বপূৰ্ণ কামবোৰ চলোৱাৰ বাহিৰে আন একো হস্তান্তৰ কৰাৰ শক্তি নাথাকে । তেনে পৰিস্থিতত আপুনি বিচাৰিলেও কামটোত মনোযোগ দিব নোৱাৰিব ।

3.ই আপোনাৰ মন প্ৰফুল্লিত কৰাত সহায় কৰে:

ডিহাইড্ৰেটেড অনুভৱ কৰাৰ সময়ত আপুনি অত্যাধিক খিংখিঙীয়া হৈ পৰিব পাৰে, তেনেকুৱাত এগিলাচ পানী গ্ৰহণ কৰক । ই আপোনাক ভাল অনুভৱ কৰোৱাৰ লগতে আপোনাৰ মন উৎফুল্লিত কৰাত সহায় কৰিব ।

4.পানীয়ে ওজন হ্ৰাস কৰাত সহায় কৰে:

পুষ্টিকৰ আহাৰৰ লগতে পানীয়ে ওজন হ্ৰাস কৰাত অৰিহণা যোগাব পাৰে । পানীয়ে আপোনাৰ ভোক দমন কৰি বিপাকীয় প্ৰক্ৰিয়া বৃদ্ধি কৰে, যিটোৱে আপোনাক অধিক খোৱাত বাধা দিয়ে ।

5.ই আপোনাক ধুনীয়া ছাল বজাই ৰখাত সহায় কৰে:

আমাৰ ছাল পানীৰে ভৰি আছে, এই কথাটো মনত ৰখাটো জৰুৰী । কোলাজেন, এক প্ৰকাৰৰ প্ৰ’টিন যিয়ে আপোনাৰ ছাল দৃঢ় আৰু স্থিতিস্থাপক কৰি ৰখাত সহায় কৰে, পানীৰ ওপৰত অতি নিৰ্ভৰশীল । গতিকে পানীৰ অভাৱৰ ফলত আপোনাৰ ছাল খহটা আৰু কুঞ্চিত হোৱাৰ সম্ভাৱনা থাকে । সেয়েহে, যদি আপুনি স্বাস্থ্যকৰ ছালৰ সহায় বজাই ৰাখিব বিচাৰে, পৰ্যাপ্ত পৰিমাণে পানী খাওক ।

আমাৰ সমগ্ৰ শৰীৰৰ সঠিক কাৰ্যকলাপৰ বাবে পানী গুৰুত্বপূৰ্ণ, সেয়েহে কেৱল তৃষ্ণাতুৰ হ'লেহে পানী খোৱাটো উচিত নহয় । ইয়াৰ পৰিৱৰ্তে, প্ৰতিদিনে নিৰ্ধাৰিত পৰিমাণ তৈয়াৰ কৰি সেইমতে পানী সেৱন কৰিবলৈ চেষ্টা কৰক যাৰ জৰিয়তে আপুনি সৰ্বাধিক লাভ আশা কৰিব পাৰে ( Daily water consumption amount) ৷

লগতে পঢ়ক: গ্ৰীষ্মকালত আপোনাক সজীৱ কৰি ৰাখিবলৈ গ্ৰহণ কৰক এই 8 বিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.