ETV Bharat / sukhibhava

গ্ৰীষ্মকালত আপোনাক সজীৱ কৰি ৰাখিবলৈ গ্ৰহণ কৰক এই 8 বিধ ফল

author img

By

Published : Apr 27, 2022, 12:20 PM IST

8-fruits-to-keep-you-hydrated-in-summers
গ্ৰীষ্মকালত আপোনাক সজীৱ কৰি ৰাখিবলৈ গ্ৰহণ কৰক এই 8 বিধ ফল

গ্ৰীষ্মকালত অকল পানী সেৱন কৰাটোৱে যথেষ্ঠ নহয় ৷ গৰমৰ দিনকেইটাত নিজকে সজীৱ কৰি ৰখাতো যথেষ্ঠ গুৰুত্বপূৰ্ণ ৷ যাৰ বাবে তৰল পদাৰ্থ গ্ৰহণৰ লগতে শৰীৰটোৱে প্ৰয়োজনীয় পুষ্টি লাভ কৰাতো নিতান্তই প্ৰয়োজন ৷ গৰমৰ দিনকেইটাত বজাৰত এনে কিছুমান সতেজ ফল উপলব্ধ হয়, যিয়ে আপোনাক সজীৱ কৰি ৰখাৰ লগতে পৰিপুষ্টি সাধন কৰে ৷ এই ফলসমূহ দৈনিক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিলে আপোনাৰ শৰীৰটোৱে প্ৰয়োজনীয় পুষ্টি লাভ কৰিব ৷

অত্যধিক পৰিমাণৰ পানী থকা ফলে আপোনাক পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণত সহায় কৰাৰ লগতে আপোনাক সতেজ কৰি ৰাখিব পাৰে ৷ যদি আপুনি প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰে, তেন্তে বজাৰত উপলব্ধ যিকোনো সতেজ ফল আৰু পাচলিয়ে আপোনাৰ শৰীৰক প্ৰয়োজনীয় অতিৰিক্ত পানী যোগান ধৰাত সহায় কৰিব পাৰে ৷

পানীৰ লগতে ফলৰ ৰস, স্মুদি আৰু জলপান গৰম দিনৰ উৎকৃষ্ট খাদ্য ৷ গৰমৰ দিনত এগৰাকী ব্যক্তিয়ে যথেষ্ঠ ভাগৰ অনুভৱ কৰে ৷ তদুপৰি সূৰ্যৰ প্ৰখৰ ৰ’দৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ বহুসংখ্যকে দিনৰ সময়চোৱা ঘৰৰ ভিতৰতে পাৰ কৰে ৷ কিন্তু গৰমৰ দিনৰ ভাললগা কথাটো হৈছে- বজাৰত উপলব্ধ ভিন্নস্বাদৰ সুস্বাদু আইচক্ৰীম আৰু ফল যেনে- তৰমুজ, ষ্ট্ৰবেৰী, আনাৰস আৰু বহুতো ৷ গ্ৰীষ্মকালীন ফলৰ এই তালিকাখন আপোনাৰ আহাৰত এক উত্তম সংযোজন ৷

1. আম(Mangoes) :

8-fruits-to-keep-you-hydrated-in-summers
আম

নিসন্দেহে ক’ব পাৰি যে, ফলৰ ৰজা আম সকলোৰে প্ৰিয় ৷ কেৱল ফল হিচাপে আমৰ ব্যৱহাৰ নহয় ৷ ই ভিন্ন প্ৰকাৰৰ মিঠাইতো উপলব্ধ ৷ আমত এণ্টি অক্সিডেণ্টৰ পৰিমাণ অধিক ৷ যাৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় ৷ আম গ্ৰহণৰ ফলত শৰীৰত অনাৱশ্যকীয় কলেষ্টৰেল হ্ৰাস হোৱাৰ লগতে চকুৰ লাভালাভ হয় ৷ এই সকলোবোৰ কাৰকৰ বাবে আম হৈছে গ্ৰীষ্মকালৰ সৰ্বশ্ৰেষ্ঠ ফল ৷

2. তৰমুজ(Watermelon) :

8-fruits-to-keep-you-hydrated-in-summers
তৰমুজ

তৰমুজ বহুলোকৰ বাবে গ্ৰীষ্মকালৰ প্ৰিয় ফল ৷ কিয়নো ই কেৱল সুস্বাদু নহয়, ইয়াত থকা পুষ্টিৰ পৰিমাণো অধিক ৷ তৰমুজত প্ৰায় 90 শতাংশ পানী থাকে ৷ যিয়ে হৃদৰোগ প্ৰতিৰোধত সহায় কৰে ৷ তৰমুজে আৰ্গিনিন নামৰ এমিন’ এচিডৰ উৎপাদনত সহায় কৰে, যি ৰোগ প্ৰতিৰোধ প্ৰণালীৰ কাৰ্যত সহায়ক ৰূপে বিবেচিত হয় ৷

3. ষ্ট্ৰবেৰী(Strawberries) :

8-fruits-to-keep-you-hydrated-in-summers
ষ্ট্ৰবেৰী

ষ্ট্ৰবেৰীত উচ্চ পৰিমাণত ভিটামিন চি, মেংগানিজ, ফ’লেট, পটাচিয়াম, ভিটামিন বি আৰু ফ্লেভ’নইডৰ দৰে শৰীৰৰ প্ৰয়োজনীয় বহুতো উপাদান সন্নিৱিষ্ট থাকে ৷ তদুপৰি হৃদৰোগ প্ৰতিৰোধ কৰা আৰু বেয়া কলেষ্টৰেল হ্ৰাস কৰাৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী হিচাপে পৰিচিত হৈছে ষ্ট্ৰবেৰী ৷ ষ্ট্ৰবেৰীত উচ্চ পৰিমাণে আঁহ থাকে ৷ যদিহে আপোনাৰ হজমৰ সমস্যা থাকে, তেন্তে ষ্ট্ৰবেৰীক দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক ৷

4. আনাৰস(Pineapples) :

8-fruits-to-keep-you-hydrated-in-summers
আনাৰস

ভৰপুৰ সোৱাদ আৰু ৰসেৰে সমৃদ্ধ আনাৰস বহুতৰ প্ৰিয় ৷ আনাৰসত অধিক পৰিমাণে থাকে ভিটামিন চি, যিয়ে শৰীৰত কোষসমূহে পোৱা আঘাতৰ সৈতে যুঁজিবলৈ আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া বৃদ্ধিত সহায় কৰে ৷ আনাৰসত উচ্চহাৰত থকা মেংগানিজৰ ফলত হাড়ৰ স্বাস্থ্যৰ উপকাৰ সাধন হয় ৷ তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণৰ আঁহৰ লগতে আৰু এণ্টি অক্সিডেণ্ট থাকে ৷

5. আপেল(Apples) :

8-fruits-to-keep-you-hydrated-in-summers
আপেল

"দিনে এটা আপেলে চিকিৎসকক আঁতৰাই ৰাখে"- এই প্ৰবাদ অতীজৰে পৰা চলি আহিছে ৷ কিয়নো আপেল হৈছে এক সুস্বাদু আৰু পুষ্টিকৰ ফল ৷ আপেল প্ৰায় সকলো ঋতুতে বজাৰত উপলব্ধ হয় ৷ আপেলবোৰ চালাড, স্মুদি, পাই আৰু ডেজাৰ্টত অন্তৰ্ভূক্ত কৰি গ্ৰহণ কৰিব পৰা যায় ৷ আপেলে হজম শক্তি বৃদ্ধিৰ লগতে হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে ৷ ৰক্ত শৰ্কৰা(Blood Sugar)ৰ স্তৰ নিয়ন্ত্ৰণতো ই সহায়ক ৰূপে পৰিচিত হৈছে ৷ আপেলত ভিটামিন আৰু খনিজ পদাৰ্থ অধিক পৰিমাণে থাকে ৷ যি হাড়, দাঁত আৰু ছাল মজবুত ৰখাত সহায় কৰে ৷

6. মাস্কমেলন(Cantaloupe) :

8-fruits-to-keep-you-hydrated-in-summers
মাস্কমেলন বা বাঙি

মাস্কমেলনত ভিটামিন চি আৰু এ অধিক পৰিমাণে থাকে ৷ যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ মাস্কমেলনত উচ্চহাৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ তদুপৰি ইয়াত পোৱা যায় বিটা কেৰ’টিন ৷ যিয়ে চকুৰ ছানি পৰা ৰোগৰ প্ৰতিৰোধত সহায় কৰি দৃষ্টি শক্তি বৃদ্ধি কৰে ৷ ইয়াৰ মিঠা সোৱাদ আৰু স্বাস্থ্যৰ লাভালাভৰ বাবে, এই কম কেলৰিযুক্ত ফলবিধ বিভিন্ন ধৰণৰ মিঠাই তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷

7. অমিতা(Papaya) :

8-fruits-to-keep-you-hydrated-in-summers
অমিতা

অমিতাত ভিটামিন চি, আঁহ আৰু এণ্টি অক্সিডেণ্ট অধিক পৰিমাণে থাকে ৷ আপোনাৰ আহাৰত অমিতা অন্তৰ্ভুক্ত কৰিলে ধমনীত জমা হোৱা কলেষ্টৰেল প্ৰতিহত কৰাত সহায় কৰিব পাৰে ৷ তদুপৰি অমিতা ভক্ষণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰাৰ লগতে ডায়েবেটিছ থকা লোক আৰু ওজন হ্ৰাস কৰিব বিচৰা লোকসকলৰ বাবে ভিটামিনৰ এক উৎকৃষ্ট উৎস হ'ব পাৰে ৷

8. কমলা(Oranges) :

8-fruits-to-keep-you-hydrated-in-summers
কমলা

দৈনন্দিন ব্যায়াম কৰা লোকসকলৰ বাবে কমলা হৈছে প্ৰয়োজনীয় এবিধ ফল ৷ কিয়নো কমলাত থকা ৰসে আপোনাৰ শৰীৰক সতেজ কৰি ৰখাৰ লগতে শক্তি যোগান ধৰে ৷ কমলাৰ বহুতো উপকাৰিতা আছে, যাৰ ভিতৰত কলেষ্টৰেল হ্ৰাস, হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা, ছালৰ বাবে প্ৰয়োজনীয় উচ্চহাৰৰ ভিটামিন চি যোগান ধৰা আদি ৷

লগতে চাওক: গৰ্ভাৱস্থাত কিদৰে কাৰ্যালয়ত কাম কৰিব, আগবঢ়াইছো কেইটামান টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.