ETV Bharat / sukhibhava

গৰ্ভাৱস্থাত কিদৰে কাৰ্যালয়ত কাম কৰিব, আগবঢ়াইছো কেইটামান টিপছ

author img

By

Published : Apr 24, 2022, 2:16 PM IST

প্ৰতিগৰাকী মহিলাৰ বাবে গৰ্ভধাৰণ এক প্ৰত্যাহ্বানপূৰ্ণ সময় ৷ যাৰ বাবে মহিলাগৰাকীয়ে জন্ম লাভ কৰিবলগীয়া সন্তানটোৰ স্বাস্থ্যৰ বাবে অধিক সতৰ্ক হোৱা প্ৰয়োজন ৷ কৰ্মক্ষেত্ৰত জড়িত এগৰাকী মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সময়ত অতিৰিক্ত যত্ন লোৱাটো উচিত ৷ বিশেষকৈ দীৰ্ঘ সময় ধৰি বহি থকা, কামৰ হেঁচা আদিৰ বাবে এগৰাকী গৰ্ভধাৰণ কৰা মহিলাই নিজৰ শৰীৰৰ অধিক যত্ন লোৱাতো প্ৰয়োজন ৷ কিয়নো মহিলাগৰাকীৰ স্বাস্থ্যৰ প্ৰভাৱ গৰ্ভজাত সন্তানৰ ওপৰত পৰাতো স্বাভাৱিক ৷ তাৰ বাবে আগবঢ়োৱা হৈছে কেইটামান টিপছ, যিয়ে এগৰাকী মহিলাক গৰ্ভাৱস্থাতো সুৰক্ষা প্ৰদান কৰিব ৷

health-tips-for-working-pregnant-women
গৰ্ভাৱস্থাত কিদৰে কাৰ্যালয়ত কাম কৰিব, আগবঢ়াইছো কেইটামান টিপছ

গৰ্ভধাৰণৰ সম্পূৰ্ণ সময়চোৱাত এগৰাকী মহিলাৰ শৰীৰত বহু পৰিৱৰ্তনে দেখা দিয়ে ৷ গৰ্ভধাৰণ কৰা মহিলাগৰাকীৰ লগতে আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য অটুট ৰখাৰ বাবে শাৰীৰিক আৰু মানসিক যত্নৰ প্ৰয়োজন ৷ বিশেষকৈ হ’বলগীয়া মাতৃগৰাকীয়ে কাম কৰি থকাৰ সময়ত সতৰ্কতা অৱলম্বন কৰাতো নিতান্তই প্ৰয়োজন ৷ বিশেষকৈ দীৰ্ঘ সময় ধৰি বহি থকা, কামৰ হেঁচা আদিৰ বাবে এগৰাকী গৰ্ভধাৰণ কৰা মহিলাই নিজৰ শৰীৰৰ অধিক যত্ন লোৱাতো প্ৰয়োজন ৷ কিয়নো মহিলাগৰাকীৰ স্বাস্থ্যৰ প্ৰভাৱ গৰ্ভজাত সন্তানৰ ওপৰত পৰাতো স্বাভাৱিক ৷

উত্তৰাখণ্ডৰ গাইন’ক’লজিষ্ট ডাঃ বিজয়লক্ষ্মীয়ে এই সন্দৰ্ভত সদৰি কৰা অনুসৰি, এই সময়ত মহিলাসকলে নিয়মীয়াকৈ কাৰ্যালয়লৈ যাব লগা হোৱাৰ বাবে যথেষ্ট ভাগৰ অনুভৱ কৰিব পাৰে ৷ যাৰ বাবে তেওঁলোকক বিশ্ৰামৰ প্ৰয়োজন ৷ এইক্ষেত্ৰত প্ৰয়োজনীয় কেইটামান কথা মনত ৰখা উচিত ৷

নিয়মীয়া ব্যৱধানত চমু বিৰতি ল'ব (Take short breaks at regular intervals)

ডাঃ বিজয়লক্ষ্মীয়ে কয় যে, বহুসময়ত কাৰ্যালয়ৰ কামৰ বাবে একেটা ঠাইতে দীৰ্ঘসময় ধৰি বহি থাকিবলগীয়া হয় ৷ যাৰ ফলত বহুতো সমস্যাৰ উদ্ভৱ হ’ব পাৰে ৷ সেয়েহে এইক্ষেত্ৰত এগৰাকী গৰ্ভৱতী মহিলাই কামৰ মাজত সঘনাই বিৰতি লোৱাৰ লগতে অলপ চলা-ফুৰা কৰাতো প্ৰয়োজন ৷ ইয়াৰ বাহিৰেও কামবোৰ খৰধৰকৈ কৰাৰ সলনি, লাহে-ধীৰে কৰা উচিত ৷ যাতে অকস্মাতে পাব পৰা আঘাতৰ আশংকা কমি থাকে ৷

তেওঁ উল্লেখ কৰে যে, গৰ্ভধাৰণৰ সময়ত মহিলাগৰাকীৰ ওজন বৃদ্ধি হ'বলৈ আৰম্ভ কৰে ৷ যাৰ লগে লগে শৰীৰৰ কিছু অংশ ফুলাৰ লগতে বিষ অনুভৱ কৰিব পাৰে ৷ বিশেষকৈ ভৰিৰ ক্ষেত্ৰত এই সমস্যা হোৱা দেখা যায় ৷ দীৰ্ঘসময় ধৰি বহি থাকিলে এই সমস্যা অধিক গুৰুতৰ হৈ পৰিব পাৰে ৷ সেয়েহে ভৰিৰ তলত এখন সৰু টুল ৰাখিব পাৰে ৷ ইয়ে গৰ্ভৱতী মহিলাগৰাকীক গোৰোহা ফুলাৰ লগতে বিষৰ পৰা সকাহ দিয়ে ৷

ব্যায়াম আৰু ধ্যানৰ লাভালাভ (Benefits of exercise and meditation)

ডাঃ বিজয়লক্ষ্মীয়ে সদৰি কৰে যে, বহু সময়ত যেতিয়া আনুসংগিক চাপৰ লগতে কৰ্মক্ষেত্ৰৰ চাপ- দুয়োটা একেলগে অনুভৱ কৰা যায়, তেনে ক্ষেত্ৰত এগৰাকী মহিলা দোধোৰ-মোধোৰত পৰে ৷ সেয়েহে নিয়মীয়াকৈ যোগ আৰু ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলা উচিত ৷ ইয়ে মনটো শান্ত ৰখাৰ উপৰিও শৰীৰ সুস্থ আৰু সক্ৰিয় কৰি ৰখাত সহায় কৰিব পাৰে ৷ অৱশ্যে গৰ্ভধাৰণৰ সময়ত বহুতো ব্যায়াম পৰিহাৰ কৰা উচিত ৷ সেইবাবে মাত্ৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰিহে এগৰাকী মহিলাই ব্যায়াম আৰু যোগাভ্যাস কৰা উচিত ৷

টোপনিৰ অতি আৱশ্যক (Quality sleep is a must)

কেতিয়াবা মহিলাসকলে গৰ্ভধাৰণৰ সময়ত দীঘলীয়া সময়ৰ বাবে কাম কৰে ৷ যাৰ ফলত তেওঁলোকে পৰ্যাপ্ত বিশ্ৰামৰ বাবে সময় নাপায় ৷ ইয়ে কিন্তু স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ সেয়ে ভাল টোপনি স্বাস্থ্যকৰ আহাৰৰ দৰেই গুৰুত্বপূৰ্ণ ৷ মহিলাসকলে গৰ্ভধাৰণৰ সময়ত অত্যাধিক পৰিশ্ৰম পৰিহাৰ কৰা উচিত ৷ এগৰাকী গৰ্ভধাৰণ কৰা মহিলাই কমেও 7-9 ঘণ্টা টোপনি মৰা উচিত ৷

আৰামদায়ক জোতা আৰু কাপোৰ পৰিধান কৰক (Wear comfortable shoes and clothes)

কাৰ্যালয় হওঁক বা ঘৰেই হওঁক, গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলে আৰামদায়ক কাপোৰ আৰু জোতা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে ৷ এনে অৱস্থাত হাই হিল পিন্ধিলে বহুতো শাৰীৰিক সমস্যাই দেখা দিয়াৰ সম্ভাৱনাই অধিক ৷ সেয়েহে গৰ্ভধাৰণৰ সময়ত ওখ গোৰোহাৰ জোতা সম্পূৰ্ণৰূপে পৰিহাৰ কৰা উচিত ৷

মহিলাগৰাকীৰ প্ৰসৱৰ সময় নিচেই কাষ চাপি অহাৰ লগে লগে শৰীৰৰ ওজনো বৃদ্ধি হ’বলৈ ধৰে ৷ এই বৰ্ধিত ওজনে গোৰোহাৰ ওপৰত প্ৰভাৱ পেলায় ৷ যাৰ বাবে বিষ আৰু ভৰি ফুলাৰ দৰে সমস্যাৰ উদ্ভৱ হ’ব পাৰে ৷ সেয়ে আৰামদায়ক পোছাক আৰু জোতা ব্যৱহাৰ কৰা উচিত ৷

সঠিক পৰিপুষ্টিৰ খাদ্য গ্ৰহণ কৰক(Have a proper balanced diet)

ডাঃ বিজয়লক্ষ্মীয়ে পৰামৰ্শ আগবঢ়োৱা অনুসৰি, গৰ্ভৱতী মহিলাসকলে সঠিক সময়ত, সঠিক পৰিমাণত আৰু সঠিক আহাৰ গ্ৰহণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ সাধাৰণতে গৰ্ভাৱস্থাৰ তিনিমাহৰ পিছৰে পৰা এগৰাকী মহিলাৰ ভোক বৃদ্ধি হয় ৷ সেয়েহে কৰ্মক্ষেত্ৰত জড়িত এগৰাকী মহিলাই কামৰ মাজতে শুকান ফল, সতেজ ফল আৰু অন্যান্য পুষ্টিকৰ লঘু আহাৰ গ্ৰহণ কৰাতো নিতান্তই প্ৰয়োজনীয় ৷ ইয়াৰ বিপৰীতে চিপচ, বিস্কুট আৰু অন্যান্য অস্বাস্থ্যকৰ খাদ্য পৰিহাৰ কৰা উচিত ৷

লগতে চাওক: কিহৰ বাবে দেখা দিব পাৰে ওঁঠৰ হাইপাৰপিগমেণ্টেচনৰ সমস্যা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.