ETV Bharat / snippets

কৰ্মস্থলীলৈ গৈ থকাৰ পথতে এছ এছ বি জোৱান সন্ধানহীন

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 8:38 PM IST

SSB PERSONAL MISSING
কৰ্মস্থলীলৈ গৈ থকাৰ পথতে এছ এছ বি জোৱান সন্ধানহীন (ETV BHARAT ASSAM)

গোলাঘাট, ১১ জুন : গোলাঘাট জিলাত চাঞ্চল্যকৰ ঘটনা ৷ গোলাঘাট নগৰৰ শালমৰাস্থিত এছ এছ বিৰ ৬৮ নং বেটেলিয়ানৰ হেড কনিষ্টবল অমিত নাৰ্জিনাৰী কৰ্মস্থলীলৈ গৈ থকা অৱস্থাতে আদবাটৰে পৰাই নিখোজ হয় ৷ তেওঁৰ ঘৰ পশ্চিম বংগৰ আলিপুৰ দুৱাৰত বুলি জানিব পৰা গৈছে । যোৱা ৮ জুনত পুৱা ৫.৩০ বজাত শালমাৰা কেম্পৰ পৰা কৰ্তব্যৰ বাবে ওলাই যোৱাৰ পাচত সন্ধিয়া জোৱানৰ গণনাত অমিত নাৰ্জিনাৰী নোহোৱা হোৱাৰ কথা পোহৰলৈ আহে ৷ এই সন্দৰ্ভত এছ এছ বি ৬৮ বেটেলিয়ান কৰ্তৃপক্ষই গোলাঘাট সদৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে জোৱানজনৰ কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট আৰক্ষী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.