জীয়েকৰ বিয়া: বাপেকে কৈছে- আজিকালিৰ ল’ৰা-ছোৱালীয়ে একো নোসোধে ! - Sonakshi Zaheer Iqbal Wedding
Sonakshi Zaheer Iqbal Wedding : প্ৰেমিকৰ সৈতে সোণাক্ষী সিনহাৰ বিয়াৰ খবৰ পাই শত্ৰুঘ্ন সিনহাই নিজৰ মৌনতা ভাঙিলে । 'শ্বটগানে' কি ক'লে শুনক -

Published : June 11, 2024 at 7:46 PM IST
চিটাৰা ডেস্ক, 11 জুন : বলীউডৰ লেডী দাবাং সোণাক্ষী সিনহাৰ বিয়াৰ খবৰ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰিছে । বিয়াৰ তাৰিখো তেওঁৰ অনুৰাগীসকলৰ মাজত ভাইৰেল হৈ পৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, ২৩ জুনত সোণাক্ষীয়ে তেওঁৰ কথিত প্ৰেমিক আৰু অভিনেতা জাহীৰ ইকবালক বিয়া কৰাব ৷ জাহীৰ ইকবালক বলীউড তাৰকা ছলমান খানৰ ঘনিষ্ঠ বুলি জনা যায় । শেহতীয়াকৈ শত্ৰুঘ্ন সিনহাই একমাত্ৰ কন্যা সোণাক্ষী সিনহাৰ বিবাহ সন্দৰ্ভত তেওঁৰ নীৰৱতা ভংগ কৰিছে ।
নোসোধাকৈয়ে কৰি আছে এই কাম
তাৰকাকন্যা সোণাক্ষী সিনহা আৰু তেওঁৰ কথিত প্ৰেমিক জাহীৰ ইকবালৰ বিবাহৰ খবৰত মৌন নাথাকি শত্ৰুঘ্ন সিনহাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । শত্ৰুঘ্ন সিনহাই কৈছে যে আজিকালিৰ ল’ৰা-ছোৱালীয়ে বিয়া পাতিবলৈ প্ৰশ্ন নোসোধে, বৰঞ্চ তেওঁলোকে জনাইহে । তেওঁ লগতে কয় যে তেওঁ জীয়েকৰ বিয়াৰ বিষয়ে একো নাজানে । উল্লেখ্য যে, শত্ৰুঘ্ন সিনহা সম্প্ৰতি দিল্লীত আছে ।
শত্ৰুঘ্ন সিনহাই এটা সাক্ষাৎকাৰত কৈছে, "চাওক মই এতিয়া দিল্লীত আছো, নিৰ্বাচনৰ ফলাফলৰ পিচৰে পৰা মই ইয়াত আছো, মই সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ পৰাহে জানিব পাৰিছো যে সোণাক্ষীৰ বিয়া ৷ যেতিয়া মই মোৰ ছোৱালীৰ সৈতে কথা পাতিম, তেতিয়াহে মই কিবা জানিব পাৰিম আৰু মই বিচাৰো যে মোৰ ছোৱালীয়ে তাই বিচৰা সকলো সুখ পাওক ৷ মোৰ ছোৱালীয়ে কেতিয়াও ভুল সিদ্ধান্ত নলয় । যেতিয়া মোৰ ছোৱালীৰ বিয়া হ'ব, মই তাইৰ বৰযাত্ৰীৰ সন্মুখত নাচিম ।"
সোণাক্ষী আৰু জাহীৰে দীৰ্ঘদিন ধৰি ইজনে সিজনক ডেট কৰি আহিছে আৰু তেওঁলোকক প্ৰায়ে একেলগে বিভিন্ন পাৰ্টীত উপস্থিত হোৱা দেখা যায় ৷ তেওঁলোক দুয়ো সামাজিক মাধ্যমতো অতি সক্ৰিয় ।
লগতে পঢ়ক : অচিৰেই জাহীৰৰ কইনা হ’ব সোনাক্ষী, ঘোষণা কৰিলে বিয়াৰ তাৰিখ - Sonakshi Sinha Wedding date

