ETV Bharat / politics

নিৰ্বাচনৰ পিচতে কংগ্ৰেছৰ সভাত হঠাৎ আবিৰ্ভাৱ ভৰত নৰহৰ - Bharat Narah sudden appear

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 8:26 PM IST

Bharat Narah in Congress meeting : মাটি ফুটিহে যেন ওলাল কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ ! প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা হঠাতে পদত্যাগ কৰাৰে পৰা কোনেও দেখা নোপোৱা নৰহক লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচতেই আজি দেখা গ'ল কংগ্ৰেছৰ সভাত ৷

BHARAT NARAH SUDDEN APPEAR
নিৰ্বাচনৰ পিচতে কংগ্ৰেছৰ সভাত হঠাৎ আবিৰ্ভাৱ ভৰত নৰহৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ১১ জুন: বিগত কিছু মাহ ধৰি সমূলি নিস্ক্ৰিয় হৈ থকা কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহক মঙলবাৰে হঠাৎ কংগ্ৰেছৰ সভাত দেখা যায় । ধুবুৰী লোকসভা সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰা ৰকিবুল হুছেইনৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত হঠাৎ আহি উপস্থিত হয় ভৰত নৰহ। বিধায়ক পদ তথা কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি পদৰ পৰা পদত্যাগ কৰা ৰকিবুল হুছেইনক বিদায় জনাবলৈ অসম বিধানসভাত থকা কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত আজি এক সভা অনুষ্ঠিত কৰা হৈছিল । এই সভাত সক্ৰিয়ভাৱে উপস্থিত থকা দেখা গ'ল ভৰত নৰহক ।

উল্লেখ্য যে, ভৰত নৰহৰ পত্নী ৰাণী নৰহে লখিমপুৰ সমষ্টিত টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ বাবেই প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা হঠাতে পদত্যাগ কৰিছিল নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে । এই সন্দৰ্ভত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ । অৱশ্যে পদত্যাগ পত্ৰত ভৰত নৰহে মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ কোনো কাৰণ উল্লেখ কৰা নাছিল ।

মন কৰিবলগীয়া যে, নিৰ্বাচনৰ সময়ত মিডিয়া বিভাগটোৰ ভূমিকা আৰু গুৰুত্ব যথেষ্ট বেছি । কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত হঠাতে অধ্যক্ষ পদ ত্যাগ কৰি মিডিয়া বিভাগৰ পৰা ভৰত নৰহ আঁতৰি যোৱা বিষয়টোৱে প্ৰদেশ কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰিছিল ।

লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত আছিল দুবাৰৰ সাংসদ ৰাণী নৰহ আৰু নতুনকৈ বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা । এফালে আছিল ৰাণী নৰহৰ দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত প্ৰৱল প্ৰতাপ আৰু আনফালে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰাৰ্থী আছিল উদয় শংকৰ হাজৰিকা । যাৰ বাবে লখিমপুৰৰ প্ৰাৰ্থী ঘোষণাত যথেষ্ট পলম হৈছিল কংগ্ৰছে নেতৃত্বৰ ।

কিন্তু অৱশেষত কংগ্ৰেছ নেতৃত্বই লখিমপুৰ সমষ্টিত ৰাণী নৰহৰ পৰিৱৰ্তে উদয় শংকৰ হাজৰিকাক টিকট দিয়ে । তাৰ পিচতেই ভৰত নৰহে প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰে ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হাতত ২,০১,২৫৭ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা । উদয় শংকৰ হাজৰিকাই অভিযোগ কৰা মতে, ভৰত নৰহে নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ সহায় আগনবঢ়ালে । নিৰ্বাচনৰ সময়ত প্ৰায় নিস্ক্ৰিয় দেখা গৈছিল নৰহ দম্পতীক ।

কিন্তু নিৰ্বাচনী ফলাফল হয়তো কিছু পৰিমাণে কংগ্ৰেছৰ পক্ষলৈ অহাৰ‌ পিচত আকৌ হঠাতে নিস্ক্ৰিয় হৈ থকা ভৰত নৰহক পুনৰ কংগ্ৰেছৰ সভাত দেখা গ'ল । পৰৱৰ্তী সময়ত তেওঁৰ কংগ্ৰেছত কি ভূমিকা ‌হ’ব সেয়া‌ সময়েহে ক'ব ৷

লগতে পঢ়ক: চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধীৰ ভূমিকা পালন কৰিব কংগ্ৰেছে: গৌৰৱ গগৈ - Leader of the Opposition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.