ETV Bharat / state

কলকাতাত নামঘৰ স্থাপন : বঙালী পৰিয়ালে দান কৰিলে ভূমি

author img

By

Published : May 4, 2022, 10:11 AM IST

অসমীয়া আৰু বঙালী ভাষী লোকৰ সংঘাতৰ মাজতে কলকাতাৰ এটা সমাজ সচেতন পৰিয়ালে দেখুৱাইছে এক অনবৈদ্য নিদৰ্শন ৷ কলকাতাৰ সমীপৰ দক্ষিণ 24 পৰগণাৰ পিয়ালিৰ সমাজকৰ্মী লক্ষণ চক্ৰৱৰ্তীয়ে তেখেতৰ প্ৰয়াত মাতৃৰ শেষ ইচ্ছা অনুসৰি, নিজ বাসগৃহৰ সৈতে সংলগ্ন থকা এডোখৰ ভূমি নামঘৰসহ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰ স্থাপনৰ বাবে দান কৰে (A Bengali family donates land for setting up of Namghar in Kolkata) ।

কলিকতাত বঙালী ভাষী এটা পৰিয়ালে নামঘৰ স্থাপনৰ বাবে দান কৰে ভূমি
কলিকতাত বঙালী ভাষী এটা পৰিয়ালে নামঘৰ স্থাপনৰ বাবে দান কৰে ভূমি

লখিমপুৰ, 4 মে’ : ভিন্ন সময়ত অসমত অসমীয়া আৰু বঙালী ভাষী একাংশ লোকৰ মাজত প্ৰায়েই সংঘাতৰ সূত্ৰপাত হৈ অহা পৰিলক্ষিত হৈছে ৷ তেনে সময়তে কলকাতাত শংকৰদেৱৰ ভাৱাদর্শৰে স্থাপন কৰা হৈছে এটা নামঘৰ । কলকতাৰ এটা সমাজ সচেতন পৰিয়ালে ভূমিদানেৰে দেখুৱাইছে বদান্যতাৰ এক নিদৰ্শন (A Bengali family donates land for setting up of Namghar in Kolkata) ।

3 মে'ত অক্ষয় তৃতীয়া তিথিৰ শুভ দিৱসত কলিকতাৰ শ্ৰীমন্ত শংকৰদেৱ কন্সিয়াছনেছ চ’চাইটি অফ ইণ্ডিয়াৰ উদ্যোগত কলকাতাৰ সমীপৰ দক্ষিণ 24 পৰগণাৰ পিয়ালিত এটি নামঘৰসহ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰৰ বাবে লাইখুঁটা স্থাপন কৰা হয় (Laikhuta of namghor established in Kolkata) । পিয়ালিৰ সমাজকৰ্মী লক্ষণ চক্ৰৱৰ্তীয়ে তেখেতৰ প্ৰয়াত মাতৃৰ শেষ ইচ্ছা অনুসৰি, নিজ বাসগৃহৰ সৈতে সংলগ্ন থকা ভূমি নামঘৰসহ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰ স্থাপনৰ বাবে দান কৰে ভূমি । এই শুভ অনুষ্ঠানটিত মুখ্য অতিথি হিচাবে থাকে কলকাতাস্থিত অসম চৰকাৰৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱে ৷

কলিকতাত বঙালী ভাষী এটা পৰিয়ালে নামঘৰ স্থাপনৰ বাবে দান কৰে ভূমি

উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে কলকাতাৰ অসম ভৱনৰ প্ৰাক্তন সঞ্চালক দেৱাশীষ চক্ৰৱৰ্তী, উদ্যোগী সংস্থাৰ সভাপতি প্ৰণৱ কুমাৰ হাজৰিকা, সাধাৰণ সম্পাদক সুজিত ল, উপ সভাপতি হেমেন ভট্টাচাৰ্য, কোষাধ্যক্ষ মানসজ্যোতি বৰা, নাট্যকৰ্মী দয়াল চন্দ্ৰ নাথ, লেখক, চিত্ৰ নিৰ্মাতা তথা সমাজ কৰ্মী অমলেশ দাশগুপ্ত সহ স্থানীয় বহু লোক ৷ সংস্থাৰ তৰফৰ পৰা গণ্য-মান্য অতিথিসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে মহাপুৰুষ শংকৰদেৱৰ জীৱন চৰিত ব্যাখ্যাৰে ডাঃ অনামিকা সৰকাৰৰ দ্বাৰা ৰচিত বাংলা ভাষাৰ শ্ৰীমন্ত শংকৰদেৱ পাচালী উন্মোচন কৰে দেৱাশীষ চক্ৰৱৰ্তীয়ে । এই অনুষ্ঠানতে ডাঃ অনামিকা সৰকাৰে পাঁচালী পাঠ কৰি শ্ৰোতাক আপ্লুত কৰে । অনুষ্ঠানৰ মুখ্য অতিথি তাপস দেৱে সংস্থাই হাতত লোৱা এনে মহান উদ্যোগৰ প্ৰশংসা কৰে ।

Namghar in Kolkata
বাংলা ভাষাৰ শ্ৰীমন্ত শংকৰদেৱ পাচালী উন্মোচন

লগতে তেওঁ আশা পোষণ কৰে যে, এনে কৰ্মৰ মাধ্যমেৰে গুৰুজনাৰ আধ্যাত্মিক আদৰ্শ তথা সংস্কৃতিৰ চৰ্চাৰ ব্যাপক প্ৰসাৰ ঘটিব ৷ এই অনুষ্ঠানতেই তেওঁ ব্যক্তিগতভাৱে দহ হাজাৰ টকা আৰু দেৱাশীষ চক্ৰৱৰ্তীয়ে পাঁচ হাজাৰ টকাৰ এটি অনুদান আগবঢ়ায় ৷ অসম ভৱনৰ পৱিত্ৰ দাসৰ পৰিচালনাত অনুষ্ঠিত কৰা হয় এই মাংগলিক অনুষ্ঠানটো ৷

এই অনুষ্ঠানতে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানটিত সভাপতিত্ব কৰে সংস্থাৰ সভাপতি প্ৰণৱ কুমাৰ হাজৰিকাই । অনুষ্ঠানৰ আদৰণি ভাষণত সুজিত চক্ৰৱৰ্তীয়ে সংস্থাৰ কাম-কাজৰ চমু বিবৰণ দাঙি ধৰি প্ৰস্তাৱিত নামঘৰটি নিৰ্মাণত সকলোকে সহযোগিতা আহ্বান কৰে ৷

এই অনুষ্ঠানৰ ভাষণ প্ৰসংগত সভাপতি প্ৰণৱ হাজৰিকাই শংকৰদেৱৰ জীৱন আদৰ্শ ব্যাখ্যা কৰি প্ৰস্তাৱিত নামঘৰ প্ৰকল্পটিৰ গুৰুত্বৰ কথা উল্লেখ কৰে ৷ সাংস্কৃতিক কাৰ্যসূচীত গুৰুজনাৰ 'কৰতল কমল' কবিতা পৰিৱেশন কৰে শিখা ভট্টাচাৰ্যই ।

লগতে পঢ়ক : Karbi MIL textbook: দশম আৰু একাদশ শ্ৰেণীৰ বাবে কাৰ্বি ভাষাৰ পাঠ্যপুথি উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.