ETV Bharat / state

কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ ছমহীয়া শিশুৰ মৃতদেহ

author img

By

Published : May 4, 2022, 8:39 AM IST

Updated : May 5, 2022, 3:12 PM IST

লখিমপুৰৰ কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপতে উদ্ধাৰ এটি ছয়হীয়া শিশুৰ মৃতদেহ
লখিমপুৰৰ কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপতে উদ্ধাৰ এটি ছয়হীয়া শিশুৰ মৃতদেহ

পবিত্ৰ ঈদ-উল-ফিতৰৰ দিনাই লখিমপুৰত অঘটন ৷ জিলাখনৰ কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপতে থকা এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত প্ৰায় ছমহীয়া এটি শিশুৰ মৃতদেহ (A child dead body recovered in Lakhimpur) ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

লখিমপুৰ, 4 মে’ : ঈদৰ আনন্দ-উল্লাসৰ মাজতে লখিমপুৰত মঙলবাৰে বিয়লি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ ৷ জিলাখনৰ কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপতে থকা এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ (A child dead body recovered in Lakhimpur) ৷ উদ্ধাৰ হোৱা মৃত শিশুটিৰ বয়স প্ৰায় ছমাহ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে বিয়লি স্থানীয় এজন লোকে কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপতে থকা এটা পুখুৰীত পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটি শিশুৰ মৃতদেহ ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Tens situation in Lakhimpur) ৷ পৰৱৰ্তী সময়ত খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় দলহাট আৰক্ষীৰ লগতে ৰে’ল আৰক্ষীৰ এটা দল ৷

ছমহীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

আৰক্ষীৰ দলটোৱে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । ইফালে বাতৰি যুগুত কৰা পৰলৈকে উদ্ধাৰ হোৱা শিশুটিৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত জানিব পৰা নাই কোনো তথ্য ৷ আনকি, শিশুটিৰ পৰিচয় আৰু মৃত শিশুটিৰ পিতৃ-মাতৃৰ সন্দৰ্ভতো আৰক্ষীয়ে লাভ কৰা নাই কোনো তথ্য ৷

স্থানীয় লোকৰ সন্দেহ এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ সেয়ে ক্ষীপ্ৰ গতিত এই ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীক আহ্বান জনাইছে ৷ উল্লেখ্য যে, আৰক্ষীয়েও উদ্ধাৰ হোৱা পৰিচয়বিহীন মৃত শিশুটিৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : ভাতৃৰ সৈতে কাজিয়াত লিপ্ত হোৱাত বাধা দিয়াৰ বাবেই আছাদুলৰ হাতত প্ৰাণ হেৰুৱালে পিতৃয়ে

Last Updated :May 5, 2022, 3:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.