ETV Bharat / state

ভাতৃৰ সৈতে কাজিয়াত লিপ্ত হোৱাত বাধা দিয়াৰ বাবেই আছাদুলৰ হাতত প্ৰাণ হেৰুৱালে পিতৃয়ে

author img

By

Published : May 3, 2022, 9:17 PM IST

দুই ভাতৃৰ সংঘাতে প্ৰাণ কাঢ়িলে বৃদ্ধ পিতৃৰ (Son Kills Father in Barpeta)৷ বৰপেটাত সংঘটিত হয় এই ঘটনা ৷ দুই পুত্ৰৰ মাজত লগা কাজিয়া ভঙিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল পিতৃয়ে ৷

Son Kills Father in Barpeta
পুত্ৰৰ হাতত প্ৰাণ গ'ল ৭০ বছৰীয়া বৃদ্ধৰ

বৰপেটা, ২ মে’: ঈদৰ আনন্দৰ মাজতে বৰপেটাত অঘটন ৷ পুত্ৰৰ হাতত প্ৰাণ গ'ল ৭০ বছৰীয়া বৃদ্ধ পিতৃৰ (Son Kills Father in Barpeta) ৷ দুই পুত্ৰৰ মাজত লগা কাজিয়া ভাঙিবলৈ গৈ পুত্ৰৰ হাততে প্ৰাণ গ'ল পিতৃৰ ৷ বৰপেটাৰ কেওটকুছিৰ সমীপৰ পুঠিমাৰী গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷ মৃত লোকজনৰ নাম নুৰ মহম্মদ আলী ৷ দুই পুত্ৰ আছাদুল আলী আৰু ছদিদুল আলীৰ মাজত টকাক লৈ কাজিয়াৰ সূত্ৰপাত হয় ৷

পুত্ৰৰ হাতত প্ৰাণ গ'ল ৭০ বছৰীয়া বৃদ্ধৰ

আছাদুলে কনিষ্ঠ ভাতৃৰ পৰা বিচাৰিছিল ১ হাজাৰ টকা ৷ পিছে ভাতৃ ছহিদুলে ককায়েকক দিছিল ৫০০ টকা ৷ ইয়াকে লৈ দুই ভাতৃৰ মাজত লগা কাজিয়া ভাঙিবলৈ যোৱাত বৃদ্ধ পিতৃৰ অণ্ডকোষত জ্যেষ্ঠ পুত্ৰ আছাদুলে গোৰ মাৰি দিয়াৰ ফলত বৃদ্ধ পিতৃয়ে থিতাতে প্ৰাণ হেৰুৱায় (Man kills father in Barpeta) ৷

সোমবাৰে সংঘটিত এই ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছে দুই ভাতৃ৷ ঈদৰ আনন্দৰ মাজতে এহেজাৰ টকাৰ বাবে দুই ভাতৃৰ মাজৰ কাজিয়া ভাঙিবলৈ যোৱা বৃদ্ধ পিতৃৰ এনে শোকাৱহ মৃত্যুৰ ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: পত্নীক চোকা ছুৰীৰে ডিঙি ৰেপি হত্য়াৰ চেষ্টা সুৰামত্ত স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.