ETV Bharat / state

আন এখন গেটতো টোল টেক্স দিবলৈ সাজু হওক আপুনি

author img

By

Published : May 4, 2022, 11:04 AM IST

Updated : May 4, 2022, 6:18 PM IST

পূৰ্বতকৈ আৰু অধিক টোলটেক্স দিবলৈ সাজু হওক ৰাজ্যবাসী ৷ কিয়নো অসমত নিৰ্মীয়মান অৱস্থাত আছে আকৌ এখন নতুন টোলগেটৰ কাম ৷ যুদ্ধংদেহী ৰূপত এতিয়া তেজপুৰ সংযোগী পথৰ চুলুঙৰ এই টোলগেট (New Toll Gate at Kaliabor) ৷ শীঘ্ৰে মুকলি হ’ব এই টোলগেট ৷

আন এখন গেটতো টোল টেক্স দিবলৈ সাজু হওক আপুনি
আন এখন গেটতো টোল টেক্স দিবলৈ সাজু হওক আপুনি

কলিয়াবৰ, 4 মে’ : পূৰ্বতকৈ আৰু অধিক টোলটেক্স দিবলৈ আপুনি সাজু হওক ৷ কিয়নো অসমত নিৰ্মীয়মান অৱস্থাত আছে আৰু এখন নতুন টোলগেটৰ কাম৷ যুদ্ধংদেহী ৰূপত এতিয়া কলিয়াবৰ-তেজপুৰ সংযোগী পথৰ চুলুঙত সাজু কৰি তোলা হৈছে এই টোলগেট৷

নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক কৰি তুলিছে জুৰুলা ৷ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপিত টোলগেটসমূহেও আন এক মাধমাৰ দি আহিছে সাধাৰণ জনতাক ৷ ইয়াৰ মাজতে এইবাৰ আন এখন টোলগেট স্থাপনেৰে অৰ্থ সংগ্ৰহৰে জনতাক অধিক মাধমাৰৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ ৰাজ্যৰ উত্তৰ আৰু দক্ষিণপাৰ সংযোগী দ্বিতীয়খন কলিয়াভোমোৰা দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হ'লেই আৰম্ভ হ'ব এই নতুন টোলগেটত টোল টেক্স সংগ্ৰহৰ কাম (Construction of new toll gate at Kaliabor) ৷

আন এখন গেটতো টোল টেক্স দিবলৈ সাজু হওক আপুনি

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চুলুঙত এই নতুন টোলগেট নিৰ্মাণৰ কাম ইতিমধ্যে দ্ৰুত গতিত চলি আছে । নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ সংযোগী পথৰ চুলুঙত স্থাপন কৰা হৈছে এই টোলগেটখন ৷

নগাঁৱৰ কলিয়াবৰ হৈ আপুনি যদিহে তেজপুৰ বা ৰাজ্যৰ উত্তৰপাৰলৈ যাব খুজিছে, তেন্তে সাজু হওক সোণাপুৰ আৰু ৰহা টোলগেটত দি অহা টোলটেক্সৰ উপৰিও চুলুঙত নিৰ্মিয়মান অৱস্থাত থকা টোলগেটত অধিক ধন ভৰিবলৈ । প্ৰাপ্ত তথ্য অনুসৰি, ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কলিয়াভোমোৰা দলঙৰ গাতে নিৰ্মাণৰত অৱস্থাত থকা আনখন দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে এই নতুন টোলগেটত টোল টেক্স আদায়ৰ পিছতহে উত্তৰপাৰলৈ যাব পাৰিব আপুনি ৷ অনুৰূপ ধৰণে দক্ষিণপাৰত উপস্থিত হৈ চুলুঙত টোল টেক্স দিহে আন স্থানলৈ যাব পাৰিব জনসাধাৰণ ।

আন এখন গেটতো টোল টেক্স দিবলৈ সাজু হওক আপুনি
আন এখন গেটতো টোল টেক্স দিবলৈ সাজু হওক আপুনি

উল্লেখ্য যে, 1987 চনতে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া কলিয়াভোমোৰা দলঙৰ সমীপৰ চুলুঙত স্থাপন কৰা হৈছিল এখন টোলগেট ৷ অৱশ্যে পৰৱৰ্তী সময়ত সেইখন টোলগেট বন্ধ কৰি দিয়া হৈছিল যদিও পুনৰ এতিয়া একেটা স্থানতে স্থাপন কৰা টোলগেটখনে অনাগত সময়ত যে সাধাৰণ ৰাইজৰ বাবে কৰৰ বোজা অধিক কৰি তুলিব সেয়া নিশ্চিত ৷

লগতে পঢ়ক : Bogibeel Bridge Tollgate : মুকলিৰ দিশে বগীবিলৰ সমীপৰ টোলগেট

Last Updated :May 4, 2022, 6:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.