ETV Bharat / state

Bogibeel Bridge Tollgate : মুকলিৰ দিশে বগীবিলৰ সমীপৰ টোলগেট

author img

By

Published : Nov 22, 2021, 11:22 AM IST

বহু প্ৰতিবাদৰ পিছতো বগীবিল দলঙৰ সমীপৰ টোলগেট (Bogibeel Bridge Tollgate) মুকলিক লৈ বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ ৷ ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে টোলগেট নিৰ্মাণৰ কাম ৷

A_Moran_805to808_Bogeebil Tollgate will open soon_As10031
Bogibeel Bridge Tollgate : মুকলিৰ দিশে বগীবিলৰ টোলগেট

মৰাণ, 22 নৱেম্বৰ : এতিয়াৰে পৰা বগীবিল দলঙত (Bogibeel Bridge) উঠিলেই দিব লাগিব টকা ৷ উত্তৰ আৰু দক্ষিণ দিশক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰা বগীবিল দলং উদ্বোধনৰ দুটা বছৰৰ পিছত দলঙৰ সমীপত টোলগেট (Bogibeel Bridge Tollgate) মুকলিৰ দিশে আগবাঢ়িছে চৰকাৰ ৷ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে প্ৰায় ৯ কোটি ৫৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বগীবিল দলঙৰ সমীপৰ টোলগেট ৷

ধেমাজি-ডিব্ৰুগড় সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highway Authority of India) নিৰ্মাণ কৰিছে টোলগেট ৷ কিছুদিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব এই টোলগেট ৷ বগীবিলৰ সৌন্দৰ্য উপভোগৰ বাবে গ’লেই এই টোলগেটত প্ৰতিখন বাহনৰ বাবদ ভৰিব লাগিব ডেৰশৰ পৰা তিনিশ টকা ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক কোঙা কৰি ৰখাৰ সময়তেই শাসকীয় বিজেপি চৰকাৰখনে বগীবিলত নিৰ্মাণ কৰা এই টোলগেটে চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ দল-সংগঠনসমূহেও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছিল ৷ কিন্তু জনতা আৰু জাতীয় সংগঠনৰ প্ৰতিবাদী কণ্ঠক নস্যাৎ কৰি বগীবিলত টোলগেট স্থাপনৰ ক্ষেত্ৰত বদ্ধপৰিকৰ শাসকীয়া বিজেপি চৰকাৰ ৷

মুকলিৰ দিশে বগীবিলৰ টোলগেট

উল্লেখ্য যে, এই টোলগেটখন মুকলিৰ লগে লগে উত্তৰ আৰু দক্ষিণপৰীয়া লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব ৷ কাৰণ উজনিৰ ধেমাজি, লখিমপুৰকে ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ প্ৰায় 60 শতাংশ লোকে ব্যৱসায়-বাণিজ্যকে ধৰি চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ আহে ৷ লগতে উত্তৰপাৰৰ পৰা ৮০ শতাংশ শাক-পাচলি বিক্ৰীৰ বাবে ডিব্ৰুগড়লৈ অনা হয় ৷

এইসকলৰ ভিতৰত অৰ্ধ সংখ্যকে দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালৰ লোক ৷ বগীবিলত টোলগেট মুকলি হ’লে এই লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব ৷ টোলগেটৰ ফলত বৃদ্ধি পাব যান-বাহনৰ ভাড়া ৷ কাৰণ টোলগেটত প্ৰতিখন বাহনৰ বাবদ ভৰিব লাগিব ডেৰশ টকাৰ পৰা তিনিশ টকা পৰ্যন্ত ৷ বগীবিল দলঙে উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ ঘটালেও বিজেপি চৰকাৰে উন্নয়নৰ নামত টোলগেট স্থাপনৰ কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : Akhil met CM : কইনাধৰাত এঘন্টা কি কথা পাতিলে অখিল গগৈ-হিমন্ত বিশ্ব শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.