ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ পোহৰলৈ আহিছে AMCHৰ ভয়ংকৰ ৰেগিং কাণ্ড (After Dibrugarh University, AMCH ragging incident) ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰে AMCH ৰ দুজন ছাত্ৰক ৷ ৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ দুই ছাত্ৰক ৷
ৰূপহীহাটত যুৱকক গুলীওৱা প্ৰসংগ: ভুল স্বীকাৰ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই ৷ ভুলবশতঃ নগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল ৰাজিবুল হক (Police firing in Nagaon) ৷
চামগুৰি আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ অভিযান কালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী (Drugs Peddler arrested in Samaguri) ৷
১৭ নৱেম্বৰতেই ৰেগিঙৰ আতিশয্য সহিব নোৱাৰি আনন্দ শৰ্মাই হোষ্টেল ৱাৰ্ডেনলৈ প্ৰেৰণ কৰিছিল অভিযোগ পত্ৰ (Dibrugarh ragging victims old complaint letter to warden) ৷ কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আনন্দ শৰ্মাৰ অভিযোগ পত্ৰক প্ৰদান নকৰিলে কোনো গুৰুত্ব ৷
অসমত প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation of irregularities in PM Kisan Nidhi)। আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সামাজিক সংগঠনে এই সন্দৰ্ভত দাকিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়য়ে জগৰীয়া চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ ।
ইজৰাইলৰ চলচ্চিত্ৰ নিৰ্মাতা তথা আইএফএফআই (ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ)2022 ৰ জুৰীৰ মুৰব্বীয়ে বলীউডৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ক সমালোচনা কৰি ইয়াক “একপক্ষীয় প্ৰচাৰ” আৰু “অশ্লীল চিনেমা” বুলি অভিহিত কৰিছে । ইজৰাইলী চলচ্চিত্ৰ নিৰ্মাতা তথা আই এফ এফ আই 2022 ৰ জুৰী মুৰব্বী নাদাভ লাপিডে দ্য কাশ্মীৰ ফাইলছ ছবিখন সন্দৰ্ভত দিছে এই মন্তব্য । সোমবাৰে গোৱাত অনুষ্ঠিত হোৱা আই এফ এফ আইৰ সামৰণি অনুষ্ঠানত ভাষণ দি নাদাভে এইদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ।
সোমবাৰে আৰক্ষীয়ে পূব দিল্লীত উদ্ধাৰ হোৱা মানৱ শৰীৰৰ টুকুৰাবোৰৰ ৰহস্য ভেদ কৰা বুলি দাবী কৰিছে (Delhi crime latest news) । দিল্লীৰ পাণ্ডৱ নগৰৰ বাসিন্দা অঞ্জন দাসক গোপনে হত্যা কৰি মৃতদেহটো ১০ টুকুৰা কৰি ফ্ৰীজত ৰখা হৈছিল (Pandav nagar murder case) ।
প্ৰায় 10/12 দিনীয়া সূচী লৈ অসমৰ তেজপুৰৰ বায়ু সেনা ঘাটিত আগন্তুক বলীউড ছবি ফাইটাৰৰ শ্বুটিং কৰিলেহি অনিল কাপুৰ, হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনে (Fighter movie shooting in Assam) ৷ ছবিখনৰ সৈতে জড়িত গোটেই টীমটোৱেই আহিছিল অসমলৈ ৷ সবিশেষ আগলৈ-
সোমবাৰে অনুষ্ঠিত গ্ৰুপ G ৰ এখন খেলত ব্ৰাজিলে পৰাস্ত কৰে ছুইজাৰলেণ্ডক (Brazil beats Switzerland) ৷ গ্ৰুপ H ৰ এখন খেলত সোমবাৰে দক্ষিণ কোৰিয়াক 3-2 গ’লৰ ব্যৱধানত পৰাস্ত কৰে ঘানাই ৷ গ্ৰুপ H ৰ আন এখন খেলত উৰুগুৱেক 2-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰে পৰ্তুগালে (Portugal vs Uruguay FIFA match result) ৷
এন পি পি আৰু তৃণমূল কংগ্ৰেছৰ তিনি বিধায়কৰ পদত্যাগ পত্ৰ দাখিল ৷ অচিৰেই বিজেপিত যোগদানৰ ঘোষণা তিনি সদ্য পদত্যাগী বিধায়কৰ (3 MLA resignation in Meghalaya) ৷