Dibrugarh ragging case: আনন্দ শৰ্মাৰ এখন পত্ৰই উদঙালে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰকৃত ৰূপ

author img

By

Published : Nov 29, 2022, 9:45 AM IST

Updated : Nov 29, 2022, 12:03 PM IST

One letter against ragging by Anand Sharma to Dibrugarh University

১৭ নৱেম্বৰতেই ৰেগিঙৰ আতিশয্য সহিব নোৱাৰি আনন্দ শৰ্মাই হোষ্টেল ৱাৰ্ডেনলৈ প্ৰেৰণ কৰিছিল অভিযোগ পত্ৰ (Dibrugarh ragging victims old complaint letter to warden) ৷ কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আনন্দ শৰ্মাৰ অভিযোগ পত্ৰক প্ৰদান নকৰিলে কোনো গুৰুত্ব ৷

মৰাণ, 29 নৱেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ ৰেগিং কাণ্ডই কঁপাই গৈছে ৰাজ্য । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত ৰেগিঙৰ ভয়ংকৰ কাণ্ড পোহৰলৈ অহাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ কঠোৰ নিদেৰ্শত ইতিমধ্যে চাৰিজনক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । এতিয়াও পলাতক মূল অভিযুক্ত ৰাহুল ছেত্ৰীক বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে বিভিন্ন স্থানত চলাইছে অভিযান (Ragging in Dibrugarh University)।

ইফালে ঘটনা পোহৰলৈ অহাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তক লৈ বহুজনে সমালোচনা কৰা পৰিলক্ষিত হৈছে । যদিওবা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক বিশ্ববিদ্যালয় কেম্পাছত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে আন চাৰিজন ছাত্ৰ ক্ৰমে দিব্যজ্যোতি গগৈ, শুভ্ৰজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু কল্যাণ দত্তক ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰাৰ ওপৰিও সাময়িকভাৱে শ্ৰেণীকক্ষৰ পৰা বহিষ্কাৰ কৰিছে ।

আনহাতে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰিলে গালব ডেকা, নিৰঞ্জন যাদৱ, কল্যাণ দত্ত, সীমান্ত হাজৰিকা, প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ, পাছাংখাম বৰুৱা, পল্লৱ বৰা, চিত্ৰবন বৰুৱা, নাৰায়ণ অধিকাৰী, নয়নজিৎ ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা, নৱদ্বীপ শৰ্মা, দেৱাশিস বিশ্বাস আৰু অমৰজ্যোতি নাথ নামৰ ১৮ জনকৈ ছাত্ৰক । কিন্তু ইয়াৰ পাছতো আনন্দ শৰ্মাৰ পৰিয়ালৰ লগতে কোনো লোকেই সন্তুষ্ট হ’ব পৰা নাই ৷

One letter against ragging by Anand Sharma to Dibrugarh University
আনন্দ শৰ্মাৰ এখন পত্ৰই উদঙালে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰকৃত স্বৰূপ

শেহতীয়াকৈ আনন্দ শৰ্মাৰ এখন পত্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰকৃত স্বৰূপটো উদঙাই দিলে । কিয়নো ১৭ নৱেম্বৰতেই ৰেগিঙৰ আতিশয্য সহিব নোৱাৰি আনন্দ শৰ্মাই হোষ্টেল ৱাৰ্ডেনলৈ প্ৰেৰণ কৰিছিল এই অভিযোগ পত্ৰ (Put Me Out Of Misery...) । পত্ৰখনৰ জৰিয়তে ছাত্ৰাবাসত ৰেগিং চলি থকাৰ অভিযোগ লাভ কৰিও পদ্মনাথ গোহাঞি বৰুৱা হোষ্টেলৰ ৱাৰ্ডেনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে (Ragging in PNGB hostel) ।

ৱাৰ্ডেনলৈ প্ৰেৰণ কৰা পত্ৰত ৰেগিঙৰ নামত আতিশয্য চলোৱা ১০ জন ছাত্ৰৰ নাম উল্লেখ কৰিছল আনন্দ শৰ্মাই । কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আনন্দ শৰ্মাৰ অভিযোগ পত্ৰক কোনো গুৰুত্বই প্ৰদান নকৰিলে । ঘটনা সংঘটিত হোৱাৰ ১০ দিনৰ পূৰ্বে আনন্দ শৰ্মাই দিয়া পত্ৰখনক হোষ্টেল ৱাৰ্ডেনে গুৰুত্ব প্ৰদান কৰা হ'লে নিশ্চয় আজি মৃত্যুৰ সৈতে যুঁজিব লগা নহ'ল হয় আনন্দ শৰ্মা নামৰ মেধাৱী ছাত্ৰজন (Letter against ragging by Anand Sharma)।

আনন্দ শৰ্মাই হোষ্টেল ৱাৰ্ডেনলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰই পুনৰ এবাৰ মুখা খুলিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰ্তৃপক্ষৰ দূৰ্বল ভূমিকা আৰু বিভিন্ন বিষয়ক গুৰুত্বহীন কৰি ৰখাৰ বাবেই বাৰে বাৰে মহাবিদ্যালয়খনত এনে ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে বুলি সচেতন ৰাইজে অভিযোগ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Ragging in Assam: আনন্দ শৰ্মাৰ ন্যায় বিচাৰি প্ৰতিবাদ বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ

Last Updated :Nov 29, 2022, 12:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.