ETV Bharat / state

দুৰ্ঘটনাত পতিত অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ দাস - Nalbari Road accident

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:01 PM IST

ROAD ACCIDENT IN NALBARI
অগপ নেতাৰ দুৰ্ঘটনা

Road mishap in Nalbari : নিৰ্বাচনী প্ৰচাৰৰ মাজতে নলবাৰীত বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ দাস । সম্প্ৰতি নেতাগৰাকীৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

অগপ নেতাৰ দুৰ্ঘটনা

নলবাৰী, 28 এপ্ৰিল: নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে দুৰ্ঘটনাত পতিত অগপ নেতা দিলীপ দাস ৷ পথ অতিক্ৰম কৰিবলৈ লওঁতেই বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় নেতাগৰাকী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে নলবাৰীৰ ভিন্ন স্থানত অনুষ্ঠিত হৈছিল কেইবাখনো নিৰ্বাচনী সভা ৷ এই সভাৰ শেষত বাহিৰ কৰা হৈছিল এক বাইক ৰেলী ৷ এই ৰেলী মৰোৱা উৎসৱ ক্ষেত্ৰৰ পৰা আৰম্ভ হৈ অময়াপুৰৰ মাজেৰে আহি 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাপাৰৰ সমীপৰ দলুৱাত সামৰণি পৰিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নেতাগৰাকীয়ে বাইক ৰেলীত অংশগ্ৰহণ কৰাৰ পিছত নিজৰ বাহনলৈ আহিবলৈ বুলি ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ’বলৈ ধৰোতে তীব্ৰবেগত অহা এখন বাইকে খুন্দিয়ায় ৷ বাইকৰ খুন্দাত আঘাতপ্ৰাপ্ত অগপ নেতাগৰাকী পথৰ মাজতে বাগৰি পৰে ৷

ততালিকে তাত উপস্থিত থকা দলীয় নেতা, কৰ্মীয়ে নেতাগৰাকীক উদ্ধাৰ কৰি সু-চিকিৎসা লাভৰ অৰ্থে প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ বাইকৰ খুন্দাত নেতাগৰাকীয়ে মুখত আঘাত পায় ৷ সম্প্ৰতি দিলীপ দাসৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জানিবলৈ দিছে ৷

উল্লেখ্য যে, আজি নলবাৰীত অনুষ্ঠিত জনসভাত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ত তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আদিয়ে ৷

ইপিনে কিছুদিন পূৰ্বে জিলাখনৰ মুকালমুৱাৰ সাপকাটাত এখন তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত এজন লোক নিহত হৈছিল ৷ নিহত ব্যক্তিগৰাকীৰ লগতে আন চাৰিজন লোক দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল ৷ জিলাখনত বৰ্ধিত দুৰ্ঘটনাৰ সংখ্যাই স্বাভাৱিকতে চিন্তিত কৰি তুলিছে স্থানীয় লোকসকলক ৷ স্থানীয় লোকসকলে এই দুৰ্ঘটনা ৰোধ কৰিবলৈ জিলা প্ৰশাসনৰ লগতে উপায়ুক্ত বৰ্ণালী ডেকাক অনুৰোধ জনায় ৷

লগতে পঢ়ক : নলবাৰীত তীব্ৰবেগী বাছৰ খুন্দাত নিহত এক, আহত চাৰি - Nalbari Road Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.