'কাশ্মীৰ ফাইলছ অপপ্ৰচাৰেৰে ভৰ্তি এখন অশ্লীল চিনেমা': IFFI ৰ জুৰীৰ মুৰব্বী নাদাভ লাপিড

By

Published : Nov 29, 2022, 10:55 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ইজৰাইলৰ চলচ্চিত্ৰ নিৰ্মাতা তথা আইএফএফআই (ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ)2022 ৰ জুৰীৰ মুৰব্বীয়ে বলীউডৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ক সমালোচনা কৰি ইয়াক “একপক্ষীয় প্ৰচাৰ” আৰু “অশ্লীল চিনেমা” বুলি অভিহিত কৰিছে । ইজৰাইলী চলচ্চিত্ৰ নিৰ্মাতা তথা আই এফ এফ আই 2022 ৰ জুৰী মুৰব্বী নাদাভ লাপিডে দ্য কাশ্মীৰ ফাইলছ ছবিখন সন্দৰ্ভত দিছে এই মন্তব্য । সোমবাৰে গোৱাত অনুষ্ঠিত হোৱা আই এফ এফ আইৰ সামৰণি অনুষ্ঠানত ভাষণ দি নাদাভে এইদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে । সামৰণি অনুষ্ঠানত কেইবাগৰাকীও চেলেব্ৰিটীয়ে অংশগ্ৰহণ কৰে । নাদাভে কয় যে মহোৎসৱত ছবিখন প্ৰদৰ্শিত হোৱা দেখি জুৰী সদস্যসকল “বিচলিত আৰু স্তম্ভিত” হৈ পৰিছিল । ইণ্ডিয়ান পেনোৰামা শাখাৰ বাবে নিৰ্বাচিত হোৱা কাশ্মীৰ ফাইলছ 22 নৱেম্বৰত প্ৰদৰ্শিত হয় ৷ এই বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল চিনেমাখনত অভিনয় কৰা অনুপম খেৰেও । "দ্য কাশ্মীৰ ফাইলছ" চিনেমাখনে আমাৰ সকলোকে বিচলিত আৰু স্তম্ভিত কৰি তুলিছিল । আমাৰ এনে লাগিছিল যে এনেকুৱা এখন অপপ্ৰচাৰ মূলক অশ্লীল চিনেমা ইমান সন্মানীয় চলচ্চিত্ৰ মহোৎসৱৰ এটা কলাত্মক, প্ৰতিযোগিতামূলক শাখাৰ বাবে অনুপযুক্ত । আপোনালোকৰ সৈতে মুকলিকৈ অসন্তুষ্টি ভাগ কৰিবলৈ পাই মই আৰাম অনুভৱ কৰিছো", লাপিডে লগতে কয় ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.