অসম-অৰুণাচল সীমান্তৰ পুৰণা জেলম গাঁৱত ৰাইজে আটক কৰিলে তিনি ড্ৰাগছ আসক্তক - Drugs Seized In Jonai

🎬 Watch Now: Feature Video

thumbnail
ড্ৰাগছ আসক্ত যুৱক (undefined)

By ETV Bharat Assamese Team

Published : April 26, 2024 at 2:21 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, ২৬ এপ্ৰিল: ধেমাজি জিলাৰ জোনাইৰ অসম-অৰুণাচল সীমান্তৰ পুৰণা জেলম অঞ্চলত ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত অঞ্চলটোত সামাজিক পৰিৱেশ বিনষ্ট হৈছে  ৷ জোনাইৰ সীমান্তৱৰ্তী অঞ্চলৰ বিভিন্ন গাঁৱত বহুতো যুৱকে বৰবিহস্বৰূপ ড্ৰাগছ সেৱন কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ সময়তে বৃহস্পতিবাৰে স্থানীয় ৰাইজে ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে অভিযান চলায় ।

ৰাইজে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত পুৰণা জেলম গাঁৱৰ এঘৰত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে হাতে-লোটে ধৰিবলৈ সক্ষম হয় তিনি ড্ৰাগছ আসক্ত যুৱকক ৷ যুৱক কেইজনৰ পৰা ৰাইজে উদ্ধাৰ কৰে এটা চিৰিঞ্জসহ ড্ৰাগছভৰ্তি চাধাৰ টেমা ৷  

ৰাইজে আটক কৰা ড্ৰাগছ আসক্ত যুৱক কেইটা হ’ল ক্ৰমে অৰুণাচলৰ অয়ান গ্ৰীপকেম্পৰ গোপাল ছেত্ৰী, চিলে গাঁৱৰ লিৰাং টাটিক আৰু জোনাইৰ পুৰণা জেলম গাঁৱত চাইকেল মিস্ত্ৰী হিচাপে থকা খগেন বৰা ৷ পিচত ৰাইজে আটক কৰা তিনি ড্ৰাগছ আসক্ত যুৱকক জোনাই আৰক্ষীক গতাই দিয়াত যুৱককেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত জোনাই আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায় কৰাৰ সন্দেহত এটা পৰিয়ালৰ ঘৰত অভিযান চলায় যদিও আৰক্ষী অহাৰ পূৰ্বে পলায়ণ কৰে লোককেইজনে ৷

লগতে পঢ়ক:গোলাঘাটৰ ৰঙামাটি টোলগেটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আটক - Drugs Seized In Golaghat