ETV Bharat / bharat

মাত্ৰ এটা মাৰ্বল শিলতে খোদিত ১৮.৫ ফুট উচ্চতাৰ কালী মূৰ্তি - Pournamikavu Temple Kali Idol

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:29 PM IST

Pournamikavu Temple Kali Idol
মাত্ৰ এটা মাৰ্বল শিলতে খোদিত ১৮.৫ ফুট উচ্চতাৰ কালী মূৰ্তি

Pournamikavu Temple Kali Idol: ৪৫-৫০ টন ওজনৰ এটা মাৰ্বল শিলত জয়পুৰৰ বিখ্যাত ভাস্কৰ্যশিল্পী মুকেশ ভৰদ্বাজৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কালী মূৰ্তিটো । ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা মূৰ্তিটো জয়পুৰৰ পৰা তিৰুৱন্তপুৰমৰ পৌৰনামিকাভু মন্দিৰলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে ।

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : ইতিহাস ৰচিবলৈ সাজু হৈছে বিশ্বজুৰি বিখ্যাত ৰাজস্থানৰ মাৰ্বলে । কিয়নো এটা মাত্ৰ মাৰ্বল শিলত খোদিত ১৮.৫ ফুট ওখ কালী মূৰ্তি জয়পুৰৰ পৰা তিৰুৱন্তপুৰমৰ পৌৰনামিকাভু মন্দিৰলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে ।

ৰাজস্থানৰ ভৈনশ্লানাৰ পৰা অনা ৪৫-৫০ টন ওজনৰ এটা মাৰ্বল শিলত জয়পুৰৰ বিখ্যাত ভাস্কৰ্যশিল্পী মুকেশ ভৰদ্বাজৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কালী মূৰ্তিটো । কেৰালাৰ মন্দিৰত দেৱী দুৰ্গা আৰু ৰাজা মাধাংহী দেৱীৰ ১২ ফুট ওখ মূৰ্তিৰ কাষতে স্থাপন কৰা হ'ব এই আকৰ্ষণীয় কালী মূৰ্তিটো ।

'পিডাম' সংলগ্ন কৰাৰ পিচত কালী মূৰ্তিটো ২৩ ফুট ওখ হৈছে । মন্দিৰৰ মুখ্য কিউৰেটৰ এম এছ ভূৱনচন্দ্ৰনে দাবী কৰে যে এই দেৱী কালীৰ মূৰ্তি, দুৰ্গা আৰু লক্ষ্মীৰ প্ৰতিষ্ঠা অনুষ্ঠান ৰাম মন্দিৰৰ 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ দৰে বিশাল হ'ব । এম এছ ভূৱনচন্দ্ৰনে দাবী কৰা মতে এই মূৰ্তি মাত্ৰ এটা মাৰ্বল শিলত খোদিত আটাইতকৈ ওখ মূৰ্তি হ'ব ।

তিনিওটা মূৰ্তি জয়পুৰৰ পৰা কেৰালাৰ তিৰুৱন্তপুৰমৰ ভেঙ্গানুৰৰ চাৱাদি নাডাৰ মন্দিৰলৈ প্ৰেৰণ কৰা হৈছে । দেৱী বালা ত্ৰিপুৰা সুন্দৰী দেৱীক উৎসৰ্গিত পৌৰনামিকাভু মন্দিৰটো বিশ্বৰ সৰ্ববৃহৎ পঞ্চমুখী গণেশ মূৰ্তি আৰু 51 টা 'অক্ষৰা দেৱতা'ৰ বাবে বিখ্যাত ।

মন্দিৰ কৰ্তৃপক্ষই দাবী কৰে যে পৌৰনামিকাভু মন্দিৰ 'অক্ষৰা দেৱতা'ৰ প্ৰতি সমৰ্পিত দেশৰ একমাত্ৰ তীৰ্থস্থান । মূৰ্তিকেইটাৰ নিজৰ নিজৰ 'বাহন' ক্ৰমে সিংহ, বাঘ, ময়ূৰ আৰু ৰাজহাঁহ থাকিব । জয়পুৰৰ পৰা তিৰুৱন্তপুৰমলৈ ট্ৰেইলাৰৰ জৰিয়তে মূৰ্তিকেইটা প্ৰেৰণ কৰা হ'ব । দেওবাৰে এক পূজাৰ অন্তত সোমবাৰে মূৰ্তিকেইটা প্ৰেৰণ কৰা হ'ব ।

লগতে পঢ়ক :তেজ-মঙহৰ কইনা নহয়, ৰবটৰ সৈতে বিয়াত বহিব এজন দৰাই - Robot As Bride In Rajasthan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.