ETV Bharat / bharat

তেজ-মঙহৰ কইনা নহয়, ৰবটৰ সৈতে বিয়াত বহিব এজন দৰাই - Robot as bride in Rajasthan

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 8:51 AM IST

Updated : Apr 28, 2024, 9:33 AM IST

Robot Giga will become the bride of Sikar's engineer Surya Prakash
তেজ-মঙহৰ কইনা নহয়, ৰবটৰ সৈতে বিয়াত বহিব এজন দৰাই- ক’ত এই ঘটনা

Robot as bride in Rajasthan: এখন অসাধাৰণ বিয়া ৷ অসাধাৰণ এইবাবেই যে দৰাৰ সৈতে হ’বলগীয়া কইনাগৰাকী তেজ-মঙহৰ মানুহ নহয় ৷ বৰঞ্চ এটা ৰবটহে ৷ হয়, ঠিকেই শুনিছে আপুনি ৷ ৰবটৰ সৈতে বিয়া পাতিবলৈ মনস্থ কৰিছে ব্যতিক্ৰমী মনৰ এগৰাকী যুৱকে ৷ ক’ত, কেতিয়া, কেনেকৈ জানিবলৈ পঢ়ক ইটিভি ভাৰতৰ এই প্ৰতিবেদন ৷

তেজ-মঙহৰ কইনা নহয়, ৰবটৰ সৈতে বিয়াত বহিব এজন দৰাই- ক’ত এই ঘটনা

নেশ্যনেল ডেস্ক, 28 এপ্ৰিল : ৰাজস্থানৰ ছিকাৰ বাসিন্দা সূৰ্য প্ৰকাশ সামোতাই এটা ৰবটৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ মন স্থিৰ কৰিছে ৷ এই কথা শুনি আপুনি হয়তো আচৰিত হৈছে ৷ কিন্তু এয়া সঁচা । ৰবটৰ প্ৰতি আগ্ৰহী সূৰ্য প্ৰকাশ ৰবটৰ প্ৰেমত পৰিছে আৰু তেওঁ বিয়া কৰিবলৈ বিচৰা ৰবটটোৰ নাম গিগা ।

এই সন্দৰ্ভত সূৰ্য প্ৰকাশে কয় যে প্ৰায় 19 লাখ টকা ব্যয় কৰি গিগাক নিৰ্মাণ কৰি থকা হৈছে ৷ তামিলনাডুত গিগাক নিৰ্মাণ আৰু ইয়াৰ প্ৰগ্ৰেমিং দিল্লীত কৰি থকা হৈছে । সূৰ্য প্ৰকাশে সৰুৰে পৰা ৰবটৰ প্ৰতি তেওঁৰ থকা আগ্ৰহৰ বিষয়েও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

অৱশ্যে তেওঁৰ পৰিয়ালৰ লোকে তেওঁক প্ৰতিৰক্ষা বিভাগলৈ পঠিয়াব বিচাৰিছিল ৷ সেয়ে তেওঁ সেনাবাহিনীত যোগদানৰ বাবে সাজু হয় আৰু নৌসেনাৰ বাবে নিৰ্বাচিত হয় বুলি তেওঁ কয় । কিন্তু পিছলৈ পৰিয়ালটোৱে তেওঁৰ ৰবটৰ প্ৰতি থকা আকৰ্ষণ দেখি তেওঁক আই টি ক্ষেত্ৰখনলৈ যাবলৈ অনুমতি দিলে ।

ইয়াৰ পাচত সূৰ্য প্ৰকাশে আজমেৰৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি ৰবটিক্সত যোগদান কৰে । এই সময়ছোৱাত তেওঁ বহু প্ৰকল্পৰ সৈতে জড়িত হৈ পৰিছিল । ইয়াৰ মাজতে তেওঁৰ হাতত জন্ম হয় এটা ৰবৰ্ট ৷ নাম দিয়া হয় গিগা ৷

এই ৰবৰ্ট গিগাৰ প্ৰেমত পৰি এতিয়া সূৰ্যই গিগাক সকলো ৰীতি-নীতিৰে বিয়া কৰাব ৷ এই বিয়াত পৰিয়ালৰ লোকেও অংশগ্ৰহণ কৰিব বুলি সূৰ্য প্ৰকাশে জনায় ।

গিগাৰ সৈতে বিবাহ সন্দৰ্ভত সূৰ্য প্ৰকাশে কয় যে যেতিয়া তেওঁ পিতৃ-মাতৃক এই বিষয়ে জনাইছিল তেতিয়া তেওঁলোক স্তম্ভিত হৈ পৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ পৰিয়ালটোক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল । গিগাৰ সমগ্ৰ প্ৰগ্ৰেমিঙৰ বাবে প্ৰায় 5 লাখ টকা খৰচ হ’ব আৰু এই প্ৰগ্ৰেমিং ইংৰাজীত হ’ব বুলি কয় সূৰ্য প্ৰকাশে ।

অৱশ্যে ইচ্ছা অনুসৰি হিন্দী প্ৰগ্ৰেমিঙো যোগ কৰিব পাৰি বুলি কয় সূৰ্যই । ইয়াৰোপৰি, গিগাই আঠ ঘন্টা কাম কৰিব পাৰে ৷ য’ত পানী অনা, কথোপকথন, আলহীক আদৰণি জনোৱা আদিও অন্তৰ্ভুক্ত কৰা হ’ব।

ইজৰাইল সেনাবাহিনীত যোগদান কৰিব :

সূৰ্য প্ৰকাশে কয় যে তেওঁ প্ৰায় চাৰিশ ৰবটিক্স প্ৰকল্পত কাম কৰিছে । কৰ’ণাৰ সময়ত জয়পুৰৰ সৱাইমান সিং হাস্পতালত ৰবটৰ জৰিয়তে ৰোগীক ঔষধ আৰু খাদ্য প্ৰদান কৰা হৈছিল । সেই ৰবটবোৰো তেওঁৱেই প্ৰস্তুত কৰিছিল । ইয়াৰ উপৰিও তেওঁ কৰ’ণা কালত স্পৰ্শ নকৰাকৈ ভোট প্ৰদান কৰিব পৰা মেচিনৰ মডেল এটাও প্ৰস্তুত কৰিছিল ।

একে সময়তে এতিয়া তেওঁ ইজৰাইল সেনাৰ সৈতেও কাম কৰিবলৈ ওলাইছে আৰু অতি সোনকালে ইজৰাইললৈ ৰাওনা হ’ব । সূৰ্য প্ৰকাশে কয় যে ইয়াৰ পাচত তেওঁ ভাৰতলৈ উভতি আহি ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ চেষ্টা কৰিব ।

লগতে পঢ়ক: শিয়াল ৰূপী ৰবটে আলাস্কা বিমানবন্দৰৰ ৰানৱে'ত দিব পহৰা - Alaska airport

Last Updated :Apr 28, 2024, 9:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.