FIFA World Cup updates: অন্তিম 16 টা দলত অন্তৰ্ভুক্ত হোৱাৰ দিশে ব্ৰাজিল-পৰ্তুগাল

author img

By

Published : Nov 29, 2022, 8:39 AM IST

FIFA World Cup updates

সোমবাৰে অনুষ্ঠিত গ্ৰুপ G ৰ এখন খেলত ব্ৰাজিলে পৰাস্ত কৰে ছুইজাৰলেণ্ডক (Brazil beats Switzerland) ৷ গ্ৰুপ H ৰ এখন খেলত সোমবাৰে দক্ষিণ কোৰিয়াক 3-2 গ’লৰ ব্যৱধানত পৰাস্ত কৰে ঘানাই ৷ গ্ৰুপ H ৰ আন এখন খেলত উৰুগুৱেক 2-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰে পৰ্তুগালে (Portugal vs Uruguay FIFA match result) ৷

নিউজ ডেস্ক, 29 নৱেম্বৰ: সমগ্ৰ বিশ্ব এতিয়া ফুটবল জ্বৰত আক্ৰান্ত ৷ কিয়নো কাটাৰত চলি আছে ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপ 2022 (FIFA World Cup 2022) ৷ বিশ্বৰ 32 খন দেশে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ৷ ফুটবল তাৰকাৰ দুভৰিৰ যাদুৱে মুগ্ধ কৰিছে বিশ্বৰ ফুটবল প্ৰেমীক ৷ নিজ নিজ পছন্দৰ দলকলৈ উৎসাহৰ যেন কোনো অন্ত নাই ৷

সোমবাৰে অনুষ্ঠিত গ্ৰুপ G ৰ এখন খেলত ব্ৰাজিলে পৰাস্ত কৰে ছুইজাৰলেণ্ডক (Brazil beats Switzerland) ৷ ব্ৰাজিলৰ হৈ 83 মিনিটত একমাত্ৰ গ’লটো দিয়ে কেচমিৰ’ৱে ৷ এই বিজয়ৰ দ্বাৰা অন্তিম 16 টা দলৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ব্ৰাজিল ৷ গ্ৰুপ G পইন্ট তালিকাত 6 পইন্টেৰে শীৰ্ষত আছে ব্ৰাজিল (Brazil enters in FIFA 2022 top 16) ৷ 3 পইন্টেৰে দ্বিতীয় স্থানত আছে ছুইজাৰলেণ্ড ৷

ইফালে কাটাৰৰ এডুকেশ্যন চিটি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ H ৰ এখন খেলত সোমবাৰে দক্ষিণ কোৰিয়াক 3-2 গ’লৰ ব্যৱধানত পৰাস্ত কৰে ঘানাই ৷ ঘানাৰ হৈ মঃ ছালিছুৱে 24 মিনিটত এটা আৰু মঃ কুদুছে ক্ৰমে 34 মিনিট আৰু 68 মিনিটত দুটা গ’ল দিয়ে ৷ দক্ষিণ কোৰিয়াৰ হৈ চ’ গুৱে ছুঙে 58 আৰু 61 মিনিটত দুটা গ’ল কৰে (FIFA Worl Cup news) ৷

গ্ৰুপ H ৰ আন এখন খেলত উৰুগুৱেক 2-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰে পৰ্তুগালে ৷ পৰ্তুগালৰ হৈ ব্ৰুণ’ ফাৰ্ণাণ্ডেজে 54 মিনিটত প্ৰথমটো আৰু অতিৰিক্ত সময়ত 93 মিনিটত দ্বিতীয়টো গ’ল দিয়ে (Portugal vs Uruguay FIFA match result) ৷ গ্ৰুপ H ৰ পইন্ট তালিকাত 6 পইন্টেৰে পৰ্তুগাল শীৰ্ষত থকাৰ বিপৰীতে 3 পইন্টেৰে দ্বিতীয় স্থানত আছে ঘানা ৷ অন্তিম 16 টা দলত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে পৰ্তুগাল (Portugal enters in FIFA 2022 top 16) ৷

আজিৰ খেল:

গ্ৰুপ A: নিশা 8.30 বজাত ইকুৱেডৰ বনাম ছেনেগাল

গ্ৰুপ A: নিশা 8.30 বজাত নেডাৰলেণ্ড বনাম কাটাৰ

গ্ৰুপ B: নিশা 12.30 বজাত ইৰাণ বনা আমেৰিকা যুক্তৰাষ্ট্ৰ

গ্ৰুপ B: নিশা 12.30 বজাত ৱেলছ বনাম ইংলেণ্ড

লগতে পঢ়ক: FIFA World Cup: নেইমাৰ বিহীন ব্ৰাজিলে 1-0 গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.