PM Kisan scheme in Assam: পি এম কিষাণ আঁচনি ৰূপায়ণত ব্য়াপক অনিয়ম ফাদিল ন্যায়ালয়ত

author img

By

Published : Nov 29, 2022, 10:58 AM IST

Scam in PM Kisan Nidhi

অসমত প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation of irregularities in PM Kisan Nidhi)। আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সামাজিক সংগঠনে এই সন্দৰ্ভত দাকিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়য়ে জগৰীয়া চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ ।

গুৱাহাটী, ২৯ নৱেম্বৰ: প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি অর্থাৎ 'পি এম কিষাণ' আঁচনিৰ ৰূপায়ণত অসমত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাটো স্পষ্ট হৈ পৰিছে (Scam in Pradhan Mantri Kisan Samman Nidhi)। দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল বিজেপি চৰকাৰৰ শাসনত বিজেপিয়ে প্ৰৱৰ্তন কৰা আঁচনিবোৰৰ ক্ষেত্ৰত এটাৰ পিছত আন এটা ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য ফাদিল হৈছে । শেহতীয়াকৈ প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ৰূপায়ণত আসমত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য উচ্চ ন্যায়ালয়ৰ জৰিয়তে ফাদিল কৰিছে আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সামাজিক সংগঠনে (Alligation of Amguri Navnirman Samiti)।

ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ কল্যাণৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনি ৰূপায়ণত অসমত হোৱা অনিয়ম আৰু দুৰ্নীতিৰ বাবে জগৰীয়া চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্য়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নির্দেশ দিছে (Gauhati High Court directs state govt) । লগতে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক আঁচনিখন সঠিক ৰূপত ৰূপায়ণ কৰিবলৈ আৰু প্ৰকৃত হিতাধিকাৰীয়েহে ইয়াৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে আঁচনিখনৰ নীতি-নিৰ্দেশনাসমূহ দৃঢ়ভাৱে মানি চলিবলৈয়ো নিৰ্দেশ দিছে (Scam in PM Kisan Nidhi in Assam)।

উল্লখ্য় যে অসমত পি এম কিষাণ আঁচনিৰ নামত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰি আৰু এই দুৰ্নীতিৰ উপযুক্ত তদন্ত বিচাৰি আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সামাজিক সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ (৭৩/২০২২) ৰায়দান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ বিচাৰপীঠে এই নির্দেশ দিছে (PIL filed in Guwahati High Court)। সোমবাৰে ৰাজহুৱা হোৱা ৰায়টোত আদালতে আঁচনিখনৰ ৰূপায়ণত হোৱা অনিয়ম সন্দৰ্ভত ৰাজ্য চৰকাৰে ইতিমধ্যে কৰোৱা অতিৰিক্ত মুখ্য সচিব অধ্যক্ষাধীন সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আৰম্ভ কৰা ব্যৱস্থা আৰু অযোগ্য হিতাধিকাৰীৰ পৰা ধন ঘূৰাই অনাৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে । লগতে অযোগ্য হিতাধিকাৰীয়ে ভৱিষ্যতে আঁচনিখনৰ সুবিধা লাভ কৰাৰ পথ বন্ধ কৰাৰ বাবে প্ৰস্তাৱ কৰা (আদালতত শপতনামা আকাৰে দাখিল কৰা) ব্যৱস্থাসমূহ আখৰে আখৰে কাৰ্যকৰী কৰিবলৈ চৰকাৰক ন্যায়ালয়ে নির্দেশ দিছে ।

উল্লেখ্য যে ৰাজহুৱা স্বার্থজড়িত আবেদনকাৰীয়ে উজনি অসমৰ চাৰিখন জিলাত আঁচনিখনৰ ৰূপায়ণৰ নামত হোৱা দুৰ্নীতিৰ অৰ্থাৎ বহু অযোগ্য লোকে আঁচনিৰ ধন লাভ কৰাৰ তথ্য আদালতত দাখিল কৰিছিল । ২০১৯ চনত প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত নিজৰ নামত খেতিৰ মাটি থকা ক্ষুদ্র আৰু উপান্ত খেতিয়কক দুহেজাৰ টকাকৈ বছৰি তিনিটা কিস্তিত বেংক একাউণ্টযোগে ধন দিয়া হয় । অসমত আঁচনিখনৰ ৰূপায়ণত হোৱা দুৰ্নীতিৰ অভিযোগৰ পিছত উচ্চ ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক কৈফিয়ৎ তলৱ কৰে । তাৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে বৰ্তমানৰ মুখ্য সচিব তথা পূৰ্বৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ নেতৃত্বত এখন এজনীয়া তদন্ত সমিতি গঠন কৰে ।

উক্ত সমিতিৰ তদন্তত ৰাজ্যৰ প্ৰায় ১১.৭২ লাখ অযোগ্য খেতিয়কে পি এম কিষাণ আঁচনিৰ ধন লাভ কৰাৰ তথ্য় পোহৰলৈ আহে । গোচৰীয়াৰ মতে,এই অযোগ্য খেতিয়কসকলৰ নামত প্ৰায় ৫০০ কোটি টকা সৰকোৱা হৈছে । এনে হিতাধিকাৰীৰ পৰা ১.৫ কোটি টকা ঘূৰাই লোৱা বুলি চৰকাৰে আদালতক জনায় । আনহাতে, শেহতীয়াকৈ দাখিল কৰা এখন নতুন শপতনামাত চৰকাৰে আদালতক জনায় যে পি এম কিষাণ প'ৰ্টেলত পঞ্জীয়নকৃত অসমৰ ১৬.১৮ লাখ খেতিয়কৰ এশ শতাংশ পুনৰীক্ষণ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰা হৈছে (PM Kisan Portal )। ৯৯ শতাংশ খেতিয়কৰ পুনৰীক্ষণ সম্পন্ন হৈছে । আনহাতে, জিলাসমূহত প্রায় ১৩.৮১ লাখ হিতাধিকাৰীৰ আধাৰ কাৰ্ড সংলগ্ন কৰাৰ কামো সম্পূৰ্ণ কৰা হৈছে । পি এম কিষাণ প'ৰ্টেলৰ জৰিয়তে ৯.৫২ লাখ হিতাধিকাৰীৰ আধাৰৰ সত্যাসত্য নিৰূপণৰ কামো ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

ইতিমধ্য়ে এই সন্দৰ্ভত দুজন কৃষি উন্নয়ন বিষয়াক নিলম্বন আৰু দুজন ডাটা এন্ট্রী অ'পাৰেটৰক বৰ্খাস্ত কৰা হৈছে । তদুপৰি ৯৯ জন কৃষি বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰোৱা হৈছে । ইয়াৰে ৭৭ জনৰ বিৰুদ্ধে ৰাজ্যিক তদন্ত বিষয়াই তদন্ত কৰিছে । লগতে আন সাতজন বিষয়াক কৈফিয়ৎ তলৱ কৰা হৈছে । ইপিনে,চৰকাৰে এই কথা জনাইছে যে পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ 'ই কে ৱাই চি' আৰু আধাৰৰ সত্যাসত্য নিৰূপণৰ পাছত পূৰ্বৰ বেংক একাউণ্ট ভিত্তিক ধন আদায় ব্যৱস্থাৰ পৰিৱৰ্তে আধাৰ ভিত্তিক ধন আদায় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ'ব৷ ই কে ৱাই চি আৰু নথি-পত্ৰৰ এশ শতাংশ পুনৰীক্ষণ প্রক্রিয়া সম্পূৰ্ণ কৰাৰ পাছত কৃষি বিভাগে অযোগ্য কৃষকৰ পৰা ধন ঘূৰাই অনাৰ অভিযান পুনৰ আৰম্ভ কৰিব ।

এই শপতনামাৰ ভিত্তিত আৰু গোচৰীয়া আৰু চৰকাৰী দুয়োপক্ষৰ শুনানি লৈ আদালতে কয় যে বহু অযোগ্য খেতিয়কে অসমত পি এম কিষাণ আঁচনিৰ সুবিধা আদায় কৰাটো স্পষ্ট হৈছে । এই মন্তব্য কৰি আদালতে দোষী বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে এলানি নির্দেশ দি আবেদনখন নিষ্পত্তি কৰে । উল্লেখ্য় যে আবেদনকাৰীৰ হৈ অধিবক্তা এ আৰ ভূঞাই যুক্তি দৰ্শাইছিল ।

লগতে পঢ়ক:Ragging in Assam: আনন্দ শৰ্মাৰ ন্যায় বিচাৰি প্ৰতিবাদ বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.