ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 4:31 AM IST

Daily Horoscope For 28th April
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 28th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : বেছি কামৰ বোজা নল’ব ৷ এলাহভাৱ বৃদ্ধি হ’ব পাৰে ৷ খঙে আপোনাৰ ব্যক্তিগত আৰু কৰ্মজীৱনত কু-প্ৰভাৱ পেলাব ৷ ধৰ্মক্ষেত্ৰ ভ্ৰমণ কৰক ৷

বৃষ ৰাশি : যোগ আৰু ধ্যানে মনটোক শান্তি দিয়ক ৷ শৰীৰৰ বিষ, মানসিক স্থিতি অস্থিৰ হ’ব ৷ খোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷

মিথুন ৰাশি : গণেশৰ কৃপাত আজিৰ দিনটো ভালকৈ পাৰ হ’ব ৷ ঘৰুৱা পৰিবেশ ভাল হ’ব ৷ সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত সময় পাৰ কৰক ৷

কৰ্কট ৰাশি : সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷

সিংহ ৰাশি : গণেশৰ কৃপাত সুখেৰে দিন পাৰ হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য কুশলে থাকিব ৷ কৰ্মক্ষেত্ৰত শুভ ৷

কন্যা ৰাশি : আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ পূৰ্বে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় ৷ মানসিক অসুষ্ঠতা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজাৰ পৰা সাৱধান ৷

তুলা ৰাশি : নতুন আৰম্ভনি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণলৈ যাব পাৰে ৷ নতুন ব্যৱসায় আৰম্ভনিৰ বাবে উত্তম সময় ৷ বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ শত্ৰুৰ লগত বিজয় হ’ব ৷

বৃশ্চিক ৰাশি : এটা মধ্যম দিন ৷ ধনৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব ৷ আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে ৷ বেয়া সময় চলিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অশুভ সময় ৷

ধনু ৰাশি : গ্ৰহৰ দশা ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত থাকিব ৷ সামাজিক কামত কৃতকাৰ্য হ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত সময় পাৰ কৰক ৷ শৰীৰ আৰু মন ভালে থাকিব ৷

মকৰ ৰাশি : খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ দিনটোৰ বেছিভাগ সময় ধনৰ লোকচান হ’ব পাৰে ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব ৷ আইনী কাৰ্যই আপোনাক মানসিক চাপত ভুগাব পাৰে ৷ শান্ত থাকক ৷

কুম্ভ ৰাশি : গ্ৰহৰ দশা ভাল ৷ উপহাৰ পাব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ দক্ষতা বৃদ্ধি হ’ব ৷ সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমনৰ সুন্দৰ যোগ আছে ৷

মীন ৰাশি : কৰ্মক্ষেত্ৰ আৰু পাৰিবাৰিক বিষয়ত এটা ভাগ্যশালী দিন ৷ লক্ষ্মিদেৱীৰ কৃপা বৰষি থাকিব ৷ ব্যৱসায়ত উন্নতি হ’ব ৷ ধাৰে দিয়া ধন ঘূৰাই পাব ৷ শৰীৰ সুস্থ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.