ETV Bharat / state

দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত বাটৰ নাট প্ৰদৰ্শন - Darrang Cancer Centre

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:07 PM IST

Assam Cancer Care Foundation
দৰং কেঞ্চাৰ কেন্দ্ৰ

Darrang Cancer Centre:অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত প্ৰতিষ্ঠিত দৰং কেঞ্চাৰ কেন্দ্ৰই দুবছৰ অতিক্ৰম কৰিলে । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ ।

দৰং, ২৮ এপ্ৰিল: দৰং আৰু ওদালগুৰি জিলাৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয় দৰং কেঞ্চাৰ কেন্দ্ৰই আজি দুবছৰ অতিক্ৰম কৰিলে । অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত প্ৰতিষ্ঠিত এই কেন্দ্ৰটোৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই আঁতধৰা অনুষ্ঠানটোত অধীক্ষক ডাঃ চৈয়দ ইফটিখাৰ শোভানীয়ে কেন্দ্ৰটোত উপলব্ধ সুবিধা সমূহৰ বিষয়ে ব্য়াখ্য়া কৰে । তাৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই ।

এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত বক্তব্য আগবঢ়ায় দৰঙৰ ডেবন্সন নাৰ্ছিং হোমৰ সঞ্চালক, চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ,মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলা কান্ত বৰা, মঙলদৈ ডনব'স্কৰ অধ্যক্ষ একটা টাৰ্কিয়ে । তেওঁলোকে কেঞ্চাৰ চিকিৎসা সম্পৰ্কে জনসাধাৰণে আগতীয়াকৈ ল'ব লগা সাৱধানতাৰ ওপৰত বক্তব্য আগবঢ়ায় । থেচপিচৰ কৰ্মীসকলে বাটৰ নাট প্ৰদৰ্শন কৰে স্তন কেঞ্চাৰ সজাগতাৰ ওপৰত । ডাঃ সীবা ছেন্থমেয়ৰ আৰু ডাঃ মানস ৰঞ্জন সেনাপতিয়ে কেঞ্চাৰ চিকিৎসা সম্পৰ্কে আলোকপাত ধৰে ।

এই অনুষ্ঠানত উপস্থিত থাকি বক্তব্য আগবঢ়ায় অসম গৌৰৱ বঁটা প্ৰাপক তথা বিশিষ্ট উদ্যোগপতি অনুপম ডেকা, দৰং ওদালগুৰি জিলাৰ জেষ্ঠ্য সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা, ভাৰতীয় ৰেডক্ৰ'ছ ছোচাইটিৰ দৰং জিলা শাখাৰ সম্পাদক হৰিশ্চন্দ্ৰ শৰ্মা,ইউনিটি উই দ্য ব্লাড দোনাৰছ অসমৰ সভাপতি দীপক কুমাৰ ডেকাই । বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিজয় ভট্টাচাৰ্য,ডাঃ দুৰ্গেশ্বৰ শৰ্মা, দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যাপিকা অনিতা দেৱী, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্ছিং অধ্যক্ষা গিৰিজা কুমাৰো উপস্থিত থাকে । বৰ্ষপূৰ্তি উপলক্ষে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী সকলে বিহু নৃত্য প্ৰদৰ্শন, স্তন কেঞ্চাৰ সজাগতামূলক নাট পৰিবেশন কৰে । তদুপৰি কেইবাগৰাকী ৰোগীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক:আয়ুৰ্বেদিক চিকিৎসাকে জীৱিকাৰ উৎস হিচাপে লৈছে পুলস্ত্য পূজাৰীয়ে - Ayurveda Treatment

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.