ETV Bharat / state

আয়ুৰ্বেদিক চিকিৎসাকে জীৱিকাৰ উৎস হিচাপে লৈছে পুলস্ত্য পূজাৰীয়ে - Ayurveda treatment

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 4:31 PM IST

Pulastya Pujari takes Ayurvedic medicine as a source of livelihood
আয়ুৰ্বেদিক চিকিৎসাকে জীৱিকাৰ উৎস হিচাপে লৈছে পুলস্ত্য পূজাৰীয়ে

Ayurvedic Medicine: পুলস্ত্য পূজাৰী তেখেতৰ নাম । ভাৰতীয় সভ্যতাৰ অন্যতম অৱদান আয়ুৰ্বেদিক চিকিৎসা প্ৰচাৰ-প্ৰসাৰকে জীৱিকাৰূপে গ্ৰহণ কৰিছে পূজাৰীয়ে । চৰকাৰী সহায় নোপোৱাকৈয়ে জীৱিকা হিচাপে লৈ চলাই গৈছে আয়ুৰ্বেদিক সামগ্ৰীৰ উৎপাদন ।

আয়ুৰ্বেদিক চিকিৎসাকে জীৱিকাৰ উৎস হিচাপে লৈছে পুলস্ত্য পূজাৰীয়ে

গোলাঘাট,২৮ এপ্ৰিল: ভাৰতৰ অন্য়তম পুৰণি চিকিৎসা পদ্ধতি হ'ল আয়ুৰ্বেদ চিকিৎসা । এই আয়ুৰ্বেদ চিকিৎসা পদ্ধতিকে জীৱিকা হিচাপে গ্ৰহণ কৰিছে গোলাঘাটৰ এগৰাকী ব্য়ক্তিয়ে । সুশ্ৰুত আয়ুৰ্বেদিক প্ৰডাক্ত নামৰ প্ৰতিষ্ঠানত চলি আছে আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত, পৰীক্ষণ আৰু প্ৰণালীবদ্ধ গৱেষণা । ইতিমধ্যে পূৰ্ব পুৰুষ, পিতৃৰ পাচত এই আয়ুৰ্বেদিক চিকিৎসা চলাই থকা প্ৰায় ১০০ বছৰ অতিক্ৰম কৰিছে বুলি দাবী কৰে গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে ।

কেৱল ঢেঁকী আৰু খুন্দনাত প্ৰস্তুত কৰা ঔষধত গুণাগুণ ৰক্ষাত অধিক গুৰুত্ব দিয়ে পুলস্ত্য পূজাৰীয়ে । গোলাঘাট জিলাৰ বাদুলিপাৰ অঞ্চলৰ পূজাৰীয়ে বিশেষভাৱে প্ৰস্তুত কৰি আহিছে ৮ বিধ বিশেষ ঔষধ । ডাবল এক্সন টুথ পাউদাৰ, বকুল মাউথ ৱাছ, হনী-তুলসী কফ চিৰাপ, লিভ-এইচ, ব্ৰেইন-আপ, মহিলাৰ বাবে অশোকা এল এম আৰু অশোকা ডি এম দৰে ঔষধ তৈয়াৰ কৰি আহিছে লোকজনে ।

তাৎপৰ্যপূৰ্ণ দিশ হ'ল পূজাৰীৰ পিতৃয়ে নিজা গৱেষণাৰ দ্বাৰা চাইনাছাইটিছ ৰোগৰ বাবে প্ৰস্তুত কৰিছিল চাইন' পীল' নামৰ এবিধ গাৰু । যি গাৰুত শুলে ভাল হৈছিল চাইনাছাইটিছ ৰোগ । পিতৃৰ বিয়োগৰ পাছত বন্ধ হৈছিল এই গাৰুৰ উৎপাদন । কিন্তু বিভিন্নজনৰ দাবী আৰু আহ্বানত পুলস্ত্য পূজাৰীয়ে পুনৰ আৰম্ভ কৰিছে এই বিশেষ গাৰুৰ উৎপাদন ।

ভাৰত চৰকাৰে নতুনকৈ আয়ুষ মন্ত্ৰালয়ে খুলিলে যদিও পুলস্ত্য পূজাৰীয়ে পোৱা নাই কোনো চৰকাৰী সহায় অথবা উৎসাহ । আয়ুষ মন্ত্ৰালয়ৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ ধৰি চৰকাৰী সহযোগিতা বিচাৰি আবেদন দিছিল যদিও কেৱল আশ্বাসতে সীমাবদ্ধ থাকিল । আজিলৈকে নেপালে কোনো সুদুত্তৰ । উল্লেখ্য যে সুশ্ৰুত আয়ুৰ্বেদিক প্ৰডাক্তৰ ঔষধ এতিয়া অতি জনপ্ৰিয় ।

চিকিৎসকৰ প্ৰেচক্ৰিপশ্বনতো স্থান পাই আহিছে এই ঔষধসমূহে । ভাৰতীয় সভ্যতাৰ অন্যতম অৱদান আয়ুৰ্বেদিক চিকিৎসা প্ৰসাৰ বাবে পুলস্ত্য পূজাৰীৰ দৰে ব্যক্তিক উৎসাহিত কৰিবলৈ চৰকাৰে কেনে সহযোগিতা আগবঢ়াই ,সেইয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক: আয়ুৰ্বেদিক তথা অন্যান্য চিকিৎসা পদ্ধতিসমূহৰ মাজত পাৰ্থক্য কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.