ETV Bharat / health

আয়ুৰ্বেদিক তথা অন্যান্য চিকিৎসা পদ্ধতিসমূহৰ মাজত পাৰ্থক্য কি ?

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 5:34 PM IST

Panchakarma of Ayurveda: আয়ুৰ্বেদ কি ? আয়ুৰ্বেদিক আৰু অন্যান্য চিকিৎসা পদ্ধতি সমূহৰ মাজত পাৰ্থক্য কি ? আয়ুৰ্বেদত পঞ্চকৰ্ম থেৰাপী কি এই সম্পৰ্কে জনালে আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মাই ৷

What is the panchakarma of Ayurveda
আয়ুৰ্বেদিক তথা অন্যান্য চিকিৎসা পদ্ধতিসমূহৰ মাজত পাৰ্থক্য কি ?

পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মা

গুৱাহাটী, 7 ফেব্ৰুৱাৰী: আয়ুৰ্বেদ বুলি কলে তাত দুটা শব্দ অন্তৰ্নিহিত হৈ আছে ৷ এটা হৈছে আয়ু আৰু আনটো হৈছে বেদ ৷ আয়ু শব্দৰ অৰ্থ হৈছে 'জীৱন' আনহাতে বেদ শব্দৰ অৰ্থ হৈছে 'জ্ঞান' ৷ এজন মানুহে একেদৰে জীৱন যাপন কৰিব লাগে বা জীৱনশৈলী কেনে ধৰণৰ হ'ব লাগে, দিনটো কেনেদৰে আৰম্ভ কৰিব লাগে, ৰাতিচৰ্য্যা, ঋতুচৰ্য্যা কেনেধৰণে কৰিব লাগে আদিকে ধৰি সকলোবোৰ জ্ঞান যি শাস্ত্ৰত পোৱা যায় সেয়াই হৈছে আয়ুৰ্বেদ ৷

আয়ুৰ্বেদিক আৰু অন্যান্য চিকিৎসা পদ্ধতি সমূহৰ মাজত পাৰ্থক্য কি ?

সকলো চিকিৎসা পদ্ধতিৰে নিজা নিজা সুকীয়া বৈশিষ্ট্য আছে ৷ মানুহৰ চাৰিত্ৰিক আৰু মানসিক গঠন যিয়ে এজন মানুহক অন্য এজনৰ পৰা অদ্বিতীয় বনায় ৷ সকলো মানুহৰে বাত, পিত্ত আৰু কফ এই তিনিটা দোষৰ সহায়ত ৷ অন্যান্য চিকিৎসা পদ্ধতিসমূহত এজন ৰোগীৰ কি ৰোগ হৈছে তাৰ ওপৰত ভিত্তি কৰি ঔষধ দিয়া বা চিকিৎসা কৰা হয় ৷ কিন্ত আয়ুৰ্বেদ অনুসৰি যি দৰে প্ৰত্যুকজন লোক বেলেগ বেলেগ তেনেদৰে তেওঁলোকৰ ৰোগ বা চিকিৎসাও বেলেগ বেলেগ ৷ আয়ুৰ্বেদ অনুসৰি প্ৰতিজন লোকৰ প্ৰকৃতি বেলেগ বেলেগ ৷

আয়ুৰ্বেদত পঞ্চকৰ্ম থেৰাপী কি ?

পঞ্চকৰ্ম থেৰাপী হৈছে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ অন্যতম চিকিৎসা ৷ সাধাৰণতে পঞ্চকৰ্ম পদ্ধতি ৰোগ প্ৰতিৰোধ আৰু ৰোগৰ পৰা উপশম পাবলৈ কৰা হয় ৷ পঞ্চকৰ্ম পদ্ধতিৰে শৰীৰত থকা অপ্ৰয়োজনীয় পদাৰ্থ বাহিৰ কৰি দিয়া হয় ৷ এই পঞ্চকৰ্ম হৈছে বমন, বিৰেচন, অভ্যাংগম, শিৰোধাৰা, ছেদন, ৱস্তি, ৰক্তমোক্ষ আদি ৷ ৰোগীক ভালদৰে পৰীক্ষা কৰাৰ পিছত কোনবিধ চিকিৎসা পদ্ধতি কিমান দিন ব্যৱহাৰ কৰিব লাগিব সেয়া নিৰ্ধাৰণ কৰা হয় ৷ অৰ্থাৎ ৰোগী ভেদে এই চিকিৎসাও ভিন্ন হয় ৷

লগতে পঢ়ক: Panshakrma Treatment: মানসিক চাপ, উৎকন্ঠা, মূৰৰ বিষ, নিদ্রাহীনতাত ভুগিছে নেকি ? তেন্তে আপোনাৰ কামত আহিব এই থেৰাপী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.