ETV Bharat / sukhibhava

Panshakrma Treatment: মানসিক চাপ, উৎকন্ঠা, মূৰৰ বিষ, নিদ্রাহীনতাত ভুগিছে নেকি ? তেন্তে আপোনাৰ কামত আহিব এই থেৰাপী

author img

By

Published : Aug 21, 2023, 4:12 PM IST

পঞ্চকৰ্ম থেৰাপী কি হয় ? এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰিব পাৰে আয়ুৰ্বেদিকৰ পঞ্চকৰ্ম থেৰাপী । পঞ্চকৰ্ম থেৰাপী সন্দৰ্ভত সবিশেষ জনালে আয়ুৰ্বেদিক চিকিৎসক ডাঃ নেহা ৰয়ে ।

Panshakrma treatment
মানসিক চাপ, উৎকন্ঠা, মূৰৰ বিষ, নিদ্রাহীনতাত ভুগিছে নেকি ? তেন্তে আপোনাৰ কামত আহিব এই থেৰাপী

আয়ুৰ্বেদিক চিকিৎসক ডাঃ নেহা ৰয়ে জনালে পঞ্চকৰ্ম থেৰাপীৰ বিষয়ে

পঞ্চ আৰু কৰ্ম, আক্ষৰিক অৰ্থত অনুবাদ কৰিলে ‘পাঁচটা প্ৰক্ৰিয়া’। ই এক আয়ুৰ্বেদিক চিকিৎসা য’ত মানসিক চাপ মুক্ত কৰিবলৈ, খাদ্য, পুষ্টি আৰু ব্যায়ামৰ সৰ্বোচ্চ উপকাৰ গ্ৰহণ কৰিবলৈ তথা শৰীৰৰ কলাবোৰক প্ৰস্তুত কৰিবলৈ বিশুদ্ধকৰণৰ বিশদ পদ্ধতি অন্তৰ্ভুক্ত কৰা হৈছে ।

পঞ্চকৰ্ম থেৰাপী হৈছে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ অন্যতম চিকিৎসা । সাধাৰণতে পঞ্চকৰ্ম পদ্ধতি ৰোগ প্ৰতিৰোধ আৰু ৰোগৰ পৰা উপশম পাবলৈ কৰা হয় । পঞ্চকৰ্ম পদ্ধতিৰে শৰীৰত থকা অপ্ৰয়োজনীয় পদাৰ্থ বাহিৰ কৰি দিয়া হয় । এই পঞ্চকৰ্ম হৈছে বমন, বিৰেচন, অভ্যাংগম, শিৰোধাৰা, ছেদন, ৱস্তি, ৰক্তমোক্ষ আদি । ৰোগীক ভালদৰে পৰীক্ষা কৰাৰ পিছত কোনবিধ চিকিৎসা পদ্ধতি কিমান দিন ব্যৱহাৰ কৰিব লাগিব সেয়া নিৰ্ধাৰণ কৰা হয় । অৰ্থাৎ ৰোগী ভেদে এই চিকিৎসাও ভিন্ন হয় ৷

গৰমৰ দিনত সাধাৰণতে ষ্ট্ৰেচ বা মানসিক চাপ, উৎকন্ঠাত আক্রান্ত ৰোগী বেছিকৈ দেখা যায় । সাধাৰণতে এই সময়ত মানুহৰ নিদ্রাহীনতাৰ সমস্যাই গা কৰি উঠে । তদুপৰি মূৰৰ বিষ আদিও বেছি হয় । এনেহলে শিৰোধাৰা অথবা গোটেই শৰীৰৰ বাবে স্নেহন, ছেদন কৰি চিকিৎসা কৰিলে সুফল পোৱা যায় । এই চিকিৎসা কৰাৰ পিছত এঘণ্টামান থাকি চিকিৎসালয়ৰ পৰা ওলাই গ'লে আৰাম অনুভৱ কৰে । গতিকে এয়া মানুহে চিকিৎসা হিচাপেও ল'ব পাৰে অথবা সুস্থ থকাৰ উপায় হিচাপেও গ্ৰহণ কৰিব পাৰে ।

কিছুমান লোকৰ মূৰৰ বিষ অত্যধিক চাপৰ মাজত থাকিলেও হ'ব পাৰে । আন কিছুমানৰ উচ্চৰক্তচাপ বা হাইপাৰটেনচনৰ বাবেও হয় । কিছুমানৰ আকৌ পেটৰ বিষৰ বাবেও এনে হোৱা দেখা যায় । এনে সমস্যাৰ পৰা হাত সাৰিবলৈ পঞ্চকৰ্ম থেৰাপী ব্যৱহাৰ কৰিব লাগে । চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে এনে চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিলে সুফল পোৱা যায় । সেয়েহে গ্ৰীষ্মৰ সময়ত সুস্থ আৰু সতেজ হৈ থাকিবলৈ পঞ্চকৰ্ম থেৰাপী ব্যৱহাৰৰ কৰা উচিত ।

লগতে পঢ়ক: Cardamom Benefits: মেদবহুলতা হ্ৰাসৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰালৈকে উত্তম ইলাচিৰ উপকাৰিতা সম্পৰ্কে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.