Dismembered body found inside fridge: পত্নী-পুত্ৰই দহ টুকুৰাকৈ কাটি ফ্ৰীজত ভৰাই থৈছিল অঞ্জন দাসক

author img

By

Published : Nov 29, 2022, 9:25 AM IST

Pandav nagar murder case

সোমবাৰে আৰক্ষীয়ে পূব দিল্লীত উদ্ধাৰ হোৱা মানৱ শৰীৰৰ টুকুৰাবোৰৰ ৰহস্য ভেদ কৰা বুলি দাবী কৰিছে (Delhi crime latest news) । দিল্লীৰ পাণ্ডৱ নগৰৰ বাসিন্দা অঞ্জন দাসক গোপনে হত্যা কৰি মৃতদেহটো ১০ টুকুৰা কৰি ফ্ৰীজত ৰখা হৈছিল (Pandav nagar murder case) ।

নিউজ ডেস্ক, 29 নৱেম্বৰ: দেশ কঁপোৱা দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পোহৰলৈ আহিছে অনুৰূপ এক ঘটনা (Shraddha murder incident in Delhi) ৷ সোমবাৰে আৰক্ষীয়ে পূব দিল্লীত উদ্ধাৰ হোৱা মানৱ শৰীৰৰ টুকুৰাবোৰৰ ৰহস্য ভেদ কৰা বুলি দাবী কৰিছে । এই গোচৰটো প্ৰথম অৱস্থাত অবৈধ সম্পৰ্কৰ সৈতে জড়িত বুলি ভবা হৈছিল ৷ দিল্লীৰ পাণ্ডৱ নগৰৰ বাসিন্দা অঞ্জন দাসক গোপনে হত্যা কৰি মৃতদেহটো ১০ টুকুৰা কৰি ফ্ৰীজত ৰখা হৈছিল (Pandav nagar murder case)।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে, হত্যাকাণ্ডটো আন কোনোৱে নহয়, তেওঁৰ সন্তান আৰু পত্নীয়ে একেলগে সংঘটিত কৰিছে । দুয়োৱে অঞ্জন দাসৰ মৃতদেহটো টুকুৰা টুকুৰকৈ কাটিছিল, তাৰ পিছত ফ্ৰীজত ৰাখিছিল আৰু প্ৰতিদিনে এটা এটাকৈ চাৰিওফালৰ অঞ্চলত পেলাই দিছিল । হত্যাকাণ্ডৰ লগত জড়িত মাতৃ-পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (mother and son killed father in delhi) ।

দৰাচলতে, যোৱা ৫ জুনৰ নিশা পাণ্ডৱ নগৰ থানাৰ অধীনৰ ৰামলীলা খেলপথাৰৰ জোপোহাত মানুহৰ মৃতদেহৰ টুকুৰা উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ আৰক্ষীৰ দলে এটা বেগ পৰীক্ষা কৰাত তাৰ পৰা দুৰ্গন্ধ নিৰ্গত হৈছিল ৷ বেগটোত পোৱা গৈছিল মানুহৰ মৃতদেহৰ এটা টুকুৰা । আৰক্ষীয়ে শৰীৰৰ অংগ নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰে । ইফালে ৭ জুন আৰু ৯ জুনত এই ৰামলীলা খেলপথাৰৰে আশে-পাশে আৰু কেইটামান মানৱ শৰীৰৰ টুকুৰা পোৱা গৈছিল (young man was chopped into pieces)।

জানিব পৰা গৈছে যে, ৰামলীলা খেলপথাৰৰ আশে-পাশে স্থাপন কৰা চিচিটিভিয়ে এই সমগ্ৰ হত্যাকাণ্ডৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । চিচিটিভিত অভিযুক্তই জংঘললৈ পলিথিনৰ বেগ লৈ যোৱাৰ দৃশ্য বন্দী হৈছিল ৷ যাৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি তেওঁলোকক চিনাক্ত কৰিবলৈ সক্ষম হয় ৷

দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ তথ্য অনুসৰি যোৱা ৩০ মে’ত সংঘটিত হৈছিল এই হত্যাকাণ্ড । ইয়াৰ পিছত মৃতদেহটো দুদিন ফ্ৰীজত ৰাখিছিল হত্যাকাৰীয়ে । ১ জুনত মৃতদেহটো ১০ টুকুৰা কৰি কাটি পেলোৱা হয় । ইয়াৰে ছটা টুকুৰা উদ্ধাৰ কৰা হৈছে, আন ৪ টা টুকুৰা এতিয়াও উদ্ধাৰ হোৱা নাই ।

আৰক্ষীৰ তথ্য অনুসৰি অঞ্জন দাসক পত্নী পুনম আৰু পুত্ৰ দীপকে একেলগে মিলি হত্যা কৰিছিল । এয়া আছিল অঞ্জন দাসৰ দ্বিতীয় আৰু পুনমৰ তৃতীয় বিবাহ । ইয়াৰ পূৰ্বে পুনমে সুখদেৱ তিৱাৰী আৰু কল্লু নামৰ দুজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । অঞ্জন দাস বিহাৰৰ আৰহত এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ তেওঁলোকৰ ৮ টা সন্তান আছিল । তেওঁ কল্যাণপুৰীত বাস কৰিছিল আৰু লিফ্ট অপাৰেটৰ হিচাপে কাম কৰিছিল ।

অঞ্জনৰ হত্যাকাণ্ডত একাধিক চোকা অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল । শৰীৰৰ অংশ ডি এন এ পৰীক্ষাৰ বাবে দিয়া হৈছে । পৰিয়ালৰ লোককো ফোন কৰা হৈছে, যাতে নিশ্চিত হ’ব পাৰে । ঘটনাৰ সময়ত ঘৰত একমাত্ৰ দীপক আৰু পুনম আছিল বুলি আৰক্ষীয়ে জনাইছে ।

লগতে পঢ়ক: Murder case in Nalanda: চাৰি প্ৰেমিকৰ লগত লগ হৈ প্ৰেমিকাই হত্যা কৰিলে 75 বছৰীয়া প্ৰেমিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.