ETV Bharat / state

ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ধুমুহাত বিস্তৰ ক্ষতিসাধন - Heavy Storm In Assam

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 11:10 PM IST

Heavy rain in Assam
শিৱসাগৰ আৰু যোৰহাটত ধুমুহা

Heavy rain in Assam : শিৱসাগৰ আৰু যোৰহাটত ধুমুহা ফলত বহু লোকৰ ঘৰ ভঙাৰ লগতে পথৰ কাষৰ গছ উঘালি পৰে । প্ৰকাণ্ড গছ পৰি যাতায়ত বন্ধ হৈ পৰে ।

শিৱসাগৰ আৰু যোৰহাটত ধুমুহা

আমগুৰি/যোৰহাট,২৮ এপ্ৰিল: আজি পুৱা ৰাজ্য়ৰ কেইবাখনো জিলাৰ ওপৰেদি পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহা আৰু শিলা বৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে । বিশেষকৈ যোৰহাট আৰু শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত বাসগৃহ উৰুৱাই নিয়াৰ লগতে গছ আদি উঘালি পৰাত বিদ্যুৎ সংযোগত ব্য়াঘাত জন্মে ।

শিৱসাগৰৰ মগৰাহাটত ধুমুহাত বিস্তৰ ক্ষতি হয় । পুৱাতে অহা প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষয়- ক্ষতি হোৱাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ডেৰ শতাধিক পৰিয়ালৰ গৃহৰ টিন-পাট উৰুৱাই নিয়াৰ লগতে বহু গৃহ ভাঙি পৰে । মগৰাহাট, দেৱালয় গায়ন গাঁও, চাংমাই, চেতিয়া, দোলাকাষৰীয়া, ৰজাবাৰী চাংমাই, গৰকাষৰীয়া, আইলামুখ আদি অঞ্চলত ধুমুহাই ক্ষতিগ্ৰস্থ কৰিছে বহু পৰিয়ালক । বৃহৎ বৃহৎ গছ উভালি পৰাৰ লগতে বৈদ্যুতিক সেৱা ব্যাহত হৈ পৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইপিনে,আজি অহা এজাক প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণে যোৰহাট নগৰৰ লগতে উপকণ্ঠৰ বহু গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে । বিজুলী ঢেৰেকনিৰে অহা ধুমুহাই যোৰহাট সদৰ অঞ্চলৰৰ লগতে চিনামৰা, দক্ষিণ যোৰহাট ,জামুগুৰিহাট ,উত্তৰ পশ্চিম যোৰহাটকে আদি কৰি বহু অঞ্চলৰ পৰিয়ালৰ ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে ভাঙি পেলায় । লগতে ঘৰৰ টিনপাত, মুধচ আদি বহু দূৰলৈ উৰুৱাই নিয়ে । ফলত ঘৰৰ ভিতৰৰ সকলো বয় বস্তু নষ্ট হয় ।

ধুমুহা আৰু শিল বৰষুণে বহু পৰিয়ালক একপ্ৰকাৰ গৃহহীন কৰি তুলিলে । আনহাতে,এই ধুমুহা আৰু শিল বৰষুণৰ ফলত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ প্ৰয়োজনীয় নথি- পত্ৰৰ লগতে কিতাপ- বহী নষ্ট হয় । বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু ৰাজহুৱা অনুষ্ঠানৰো বিস্তৰ ক্ষতি সাধন হয় । ধুমুহা আৰু বৰষুণৰ ফলত আপোন বাসস্থান নিঃশেষ হোৱা ছৱিখন দেখি দুখত ভাগি পৰিছে গৃহস্থ । শিল বৰষুণৰ আৰু ধুমুহা ফলত কৃষকৰ আপোন পথাৰখন নিঃশেষ হোৱা দেখি কৃষকৰ মুৰত সৰগ ভাগি পৰিছে । আনহাতে, ধুমুহাৰ বাবেই যোৰহাট নগৰত ঘন্টাৰ পিছত ঘন্টা ধৰি বিদ্যুৎ সংযোগ বিছিন্ন হোৱাত এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হয় ।

লগতে পঢ়ক:প্ৰকৃতিৰ তাণ্ডৱত প্ৰাণ হেৰুৱালে এজনে - Heavy Storm In Charaideo

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.