Fighter movie: অসমত ফাইটাৰৰ শ্বুটিং সামৰিলে ফাইটাৰ টীমে

author img

By

Published : Nov 28, 2022, 10:00 PM IST

Fighter

প্ৰায় 10/12 দিনীয়া সূচী লৈ অসমৰ তেজপুৰৰ বায়ু সেনা ঘাটিত আগন্তুক বলীউড ছবি ফাইটাৰৰ শ্বুটিং কৰিলেহি অনিল কাপুৰ, হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনে (Fighter movie shooting in Assam) ৷ ছবিখনৰ সৈতে জড়িত গোটেই টীমটোৱেই আহিছিল অসমলৈ ৷ সবিশেষ আগলৈ-

চিটাৰা ডেস্ক, 28 নৱেম্বৰ : তেজপুৰ বায়ুসেনা ঘাটিত দৃশ্য গ্ৰহণ সমাপ্ত কৰি টীম ফাইটাৰ উভতিল পৰৱৰ্তী সূচীলৈ । প্ৰিয় তাৰকাক ওচৰৰ পৰা চাবলৈ পুৱাৰে পৰা তেজপুৰ বিমান বন্দৰত ভিৰ কৰিলেহি অনুৰাগীয়ে ৷ জনপ্ৰিয় অভিনেতা অনিল কাপুৰে তেজপুৰৰ সদৃশ কোনো ঠাই নাই বুলিয়েই উল্লেখ কৰিলে সাংবাদিকৰ আগত ৷ জনতাৰ আতিথ্যত আপ্লুত হৈ বহু প্ৰশংসা কৰিলে অভিনেতা জনে ৷ অনিল কাপুৰৰ লগতে দীপিকা আৰু হৃত্বিকেও সকলোকে সম্ভাষণ জনাই বিদায় লয় অসমৰ পৰা ৷

Fighter
অসমত ফাইটাৰৰ শ্বুটিং সামৰিলে ফাইটাৰ টীমে
অসমত ফাইটাৰৰ শ্বুটিং সামৰিলে ফাইটাৰ টীমে

বিগত 15 নৱেম্বৰৰ পৰা ছবিখনৰ সৈতে জড়িত প্ৰায় 150 ৰো অধিক কলা কুশলীয়ে একেলগে তেজপুৰ বায়ুসেনা ঘাটিত ছবিখনৰ শ্বুটিঙত ব্যস্ত আছিল ৷ 28 নৱেম্বৰত তেজপুৰ বিমানবন্দৰৰ পৰা পৰৱৰ্তী সুচাৰ বাবে উৰা মাৰে টীম ফাইটাৰ । বায়ুসেনা বাহিনীৰ জীৱনৰ ওপৰত নিৰ্মান কৰা ছবিখনত হৃত্বিকে এগৰাকী উইং কামাণ্ডাৰৰ চৰিত্ৰত অভিনয় কৰিছে । নিৰ্মাতাই বৰ্তমানলৈকে অন্য চৰিত্ৰসমূহৰ কথা মুকলিকৈ প্ৰকাশ কৰা নাই ৷

Fighter
অসমত ফাইটাৰৰ শ্বুটিং সামৰিলে ফাইটাৰ টীমে
অসমত ফাইটাৰৰ শ্বুটিং সামৰিলে ফাইটাৰ টীমে

বিমানবনন্দৰত পুৱাৰে পৰা ৰৈ থকা অনুৰাগী সকলে তাৰকা কেইগৰাকীক কৰমর্দন কৰিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰে । বলীউডৰ তাৰকা অনিল কাপুৰে তেজপুৰ বায়ুসেনা ঘাটিৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শনিবাৰে দিনটো কটায় । বিদ্যালয় পুথি ভঁৰালত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে অটোগ্ৰাফো দিয়ে অভিনেতা গৰাকীয়ে । অভিনেতা হৃত্বিকৰ লগতে অনিল কাপুৰে নিজৰ চৰিত্ৰটোৰ বাবে প্ৰস্তুতিৰ অংশ হিচাপে তেজপুৰ এয়াৰ বেছৰ কৰ্মীসকলৰ সৈতে সৈতে ঘনিষ্ঠভাৱে সময় কটায় ।

15 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ‘ফাইটাৰ’ৰ শ্বুটিঙৰ অসম সূচীৰ যোৱাকালি সামৰণি পৰে । সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ছবি ‘ফাইটাৰ’ত হৃত্বিক, অনিল কাপুৰ আৰু দীপিকা পাডুকনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । 2024 চনৰ 25 জানুৱাৰীত মুক্তি পাব এক্সন ধৰ্মী ছবি ‘ফাইটাৰ’ (Fighter release date) ৷

লগতে পঢ়ক : লাকী আলী-নীলোৎপলৰ সংগীতানুষ্ঠানেৰে সামৰণি পৰিল মাজুলী মিউজিক ফেষ্টিভেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.