2024 Loksabha election: মিত্ৰতা ভংগৰ দিশে অগপ-বিজেপি !
অসমৰ ১৪খন আসনৰ ১৩খন আসনেই দখলৰ বাবে আগ্ৰাসী হৈ পৰিছে বিজেপি । ২০১৯ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ সময়ত অগপৰ ফলাফলে নিৰাশ কৰিলে মিত্ৰদল বিজেপিক(2024 Loksabha election) । এইবাৰ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰিস্ক লব বিচৰা নাই আগ্ৰাসী বিজেপিয়ে । অগপক এইবাৰ বিজেপিয়ে জিকাৰ কোনো সম্ভাৱনা নথকা কেৱল ধুবুৰী সমষ্টিহে এৰি দিয়াৰ সম্ভাৱনা । মিত্ৰদল ইউ পি পি এলক বিজেপিয়ে এৰি দিব কোকৰাঝাৰ সমষ্টি । অৱশ্যে কেৱল ধুবুৰী সমষ্টিহে এৰি দিয়া সিদ্ধান্তক কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । চাৰিখন আসন বিচৰাৰ হুংকাৰ ।
UN Trust Fund: ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী ন্য়াস পুঁজিলৈ অনুদান ভাৰতৰ
ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ' গুটেৰেছে (UN Chief Antonio Guterres) দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ বৈঠকলৈ (UN meet in Delhi) এক বাৰ্তা প্ৰেৰণ কৰি কয় যে সন্ত্ৰাসবাদীসকলে অপপ্ৰচাৰ বিয়পাবলৈ আৰু বিভেদ সৃষ্টি কৰিবলৈ নতুন প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি আছে ।
Last rites of Neel Pawan Baruah: আজি নৱগ্ৰহ শ্মশানত চিৰদিনৰ বাবে শুই পৰিব নীলপৱন বৰুৱা
অৱশেষত জীৱন নাটৰ যৱনিকা পেলাই জোনবাইৰ দেশলৈ গ’লগৈ শিল্পী নীলপৱন বৰুৱা (Neel Pawan Baruah death) ৷ য’ত আছে তেওঁৰ প্ৰাণৰো অধিক আপোন প্ৰিয়তমা দিপালী বৰঠাকুৰ ৷ আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সমাপন কৰা হ’ব বিশিষ্ট শিল্পীগৰাকীৰ (Last rites of Neel Pawan Baruah) ৷ নীলপৱন বৰুৱাৰ ভতিজাকে মুখাগ্নি কৰিব তেওঁৰ ৷
Helicopter Crashed in Arunachal: ALH হেলিকপ্টাৰসমূহ পৰ্যবেক্ষণৰ নিৰ্দেশ প্ৰতিৰক্ষা বিভাগৰ
অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পিছতেই প্ৰতিৰক্ষা বিভাগে ভাৰতীয় সেনাৰ ALH হেলিকপ্টাৰসমূহ পৰ্যবেক্ষণৰ নিৰ্দেশ দিছে(Order to inspection of ALH helicopters) । এই পৰীক্ষণ হেলিকপ্টাৰখনৰ যান্ত্ৰিক আৰু কাৰিকৰী “ষ্ট্ৰেছ পইণ্ট”ৰ বাবে কৰা হৈছে, য’ত ইয়াৰ ইঞ্জিন, ৰ’টাৰ-ব্লেড আৰু ‘কালেকটিভ’ (ইঞ্জিনৰ পৰা দুয়োটা ৰ’টাৰলৈ শক্তি নিয়ন্ত্ৰণ কৰা উপাদান)কে ধৰি সকলো দিশ সামৰি লৈছে ।
Last rites of Neel Pawan Baruah : কলাৰ কেনভাচত বন্দী হ’ল নীলপৱন বৰুৱা
শোকত ম্ৰিয়মান ৰাজ্যবাসী ৷ সকলোৱে কান্দিছে হিয়া ঢাকুৰি ৷ কলা ভালপোৱা সেই নীলপৱন আজি বন্দী হৈছে আনৰ কলাৰ কেনভাচত (Funeral of Neel Pawan Baruah) ৷ স্বৰ্গ ৰথত উঠি অন্তিম যাত্ৰা কৰিছে চিত্ৰশিল্পী নীলপৱন বৰুৱাই (Last journey of Neel Pawan Baruah) ৷