Last rites of Neel Pawan Baruah : কলাৰ কেনভাচত বন্দী হ’ল নীলপৱন বৰুৱা

author img

By

Published : Oct 29, 2022, 1:16 PM IST

Updated : Oct 29, 2022, 9:57 PM IST

Last rites of Neel Pawan Baruah

শোকত ম্ৰিয়মান ৰাজ্যবাসী ৷ সকলোৱে কান্দিছে হিয়া ঢাকুৰি ৷ কলা ভালপোৱা সেই নীলপৱন আজি বন্দী হৈছে আনৰ কলাৰ কেনভাচত (Funeral of Neel Pawan Baruah) ৷ স্বৰ্গ ৰথত উঠি অন্তিম যাত্ৰা কৰিছে চিত্ৰশিল্পী নীলপৱন বৰুৱাই (Last journey of Neel Pawan Baruah) ৷

গুৱাহাটী, 29 অক্টোবৰ : কাহানিও আৰু ৰং-তুলিকা হাতত ল’বলৈ বেলতলাৰ সৌৰভ নগৰলৈ নাহে চিত্ৰশিল্পী নীলপৱন বৰুৱা ৷ কলা ভালপোৱা মানুহজন আজি নিজেই কলাৰ কেনভাচত বন্দী হ’বলৈ গৈ আছে ৷ সেই সৌৰভ নগৰৰ সৌৰভ যেন চিৰদিনৰ বাবে গ’লগৈ দীপালী বাইদেউৰ কাষলৈ (Last journey of Neel Pawan Baruah)৷

শুকুৰবাৰে বিয়লি 3:15 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে (Neel Pawan Baruah died at GMCH) । নীলপৱন বৰুৱাৰ নশ্বৰদেহ সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ বেলতলাস্থিত বাসগৃহলৈ অনা হয় ৷

আনকি ওৰে নিশা সৌৰভ নগৰৰ বাসগৃহতে ৰখা হয় নীলপৱন বৰুৱাৰ নশ্বৰদেহ ৷

ইতিমধ্যে বেলতলাস্থিত বাসগৃহৰ পৰা স্বৰ্গৰথেৰে তেওঁৰ নশ্বৰদেহ সমদল কৰি নৱগ্ৰহ শ্মশানলৈ অনা হৈছে । অৱশ্যে নৱগ্ৰহ শ্মশানৰ পূৰ্বে বিশিষ্ট শিল্পীগৰাকীক বেলতলা আৰ্ট কলেজ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী আৰ্টিষ্ট গ্ৰীল্ড আৰু উজান বজাৰৰ শ্বহীদ ন্যাসলৈ নিয়া হ’ব । তাৰ পিছতে বিশিষ্ট শিল্পীগৰাকীক নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব (Funeral of Neel Pawan Baruah will be held with full state dignity) ।

চিত্ৰশিল্পী নীলপৱন বৰুৱা আছিল এগৰাকী আজন্ম প্ৰেমিক ৷ যাৰ প্ৰেমৰ তুলনা আপোনাৰ মোৰ কল্পনাৰো বাহিৰত ৷ ভৰ যৌৱনতে নীলপৱন বৰুৱাই প্ৰেমত পৰিছিল কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ ৷ কিন্তু সেই সময়ত মাত্ৰ 27 বছৰ বয়সতে স্নায়ুৰ জটিল মটৰ-নিউৰণ ৰোগত আক্ৰান্ত হৈ চিৰদিনৰ বাবে দিপালী বৰঠাকুৰে হেৰুৱাই পেলাই কণ্ঠ । আনকি তেওঁ হুইল চিয়াৰেই হৈ পৰিছিল একমাত্ৰ চলন-ফুৰনৰ শেষ ভৰষা ৷

যি সময়ত ভালৰো ভাল লগ বন্ধু-পৰিয়াল আঁতিৰ যায়, সেই সময়তেই ৰুগীয়া দীপালীক চিৰদিনৰ বাবে হাতত ধৰাৰ পন লৈছিল নীলপৱন বৰুৱাই ৷ আৰু অৱশেষত 1976 চনত নীল-দীপালী এক হৈছিল ৷ তেতিয়াৰ পৰাই এক মূহুৰ্তৰ বাবেও এৰা-এৰি হোৱা নাছিল নীল-দীপালী ৷

কিন্তু সময়ৰ সময়ৰ আহ্বানত 2018 চনতে কণ্ঠশিল্পী দীপালী বাইদেউৱে আদ বাটতে এৰি থৈ যায় নীলপৱন বৰুৱাক ৷ দীপালী বাইদেউৱে এৰি থৈ যোৱাৰ পৰাই এক প্ৰকাৰে ভাঙি পৰিছিল মানুহজন ৷ দীপালী বিহীন নীল যেন আধৰুৱা হৈ পৰিল ৷

কিন্তু সময়ৰ সোঁতত পুনৰ দীপালীৰ কাষলৈ গ’লগৈ সেই আজন্ম প্ৰেমিকজন ৷ দীপালী বাইদেউৱে খোজ দিয়া সেই পথৰেই আজি নীলপৱন বৰুৱায়ো খোজ দিছে ৷ সৰগৰ পৰা যেন আজি দীপালীয়ে বাট চাই ৰৈছে তেওঁৰ আজন্ম প্ৰেমিক নীলপৱনলৈ ৷

আজি শোকত ম্ৰিয়মান ৰাজ্যবাসী ৷ সকলোৱে হিয়া ঢাকুৰি কান্দিছে ৷ কলা ভালপোৱা সেই নীলপৱন আজি বন্দী হৈছে আনৰ কেনভাচত ৷ ইটিভি ভাৰতৰ তৰফৰ পৰা এইগৰাকী আজন্ম প্ৰেমিক প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ যাচিলো একাজলি অশ্ৰুশিক্ত শ্ৰদ্ধাঞ্জলি (Funeral of Neel Pawan Baruah) ৷

লগতে পঢ়ক : Last rites of Neel Pawan Baruah: শনিবাৰে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য

Last Updated :Oct 29, 2022, 9:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.