Last rites of Neel Pawan Baruah: শনিবাৰে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য

author img

By

Published : Oct 28, 2022, 7:46 PM IST

Last rites of Neel Pawan Baruah

সকলোক কন্দুৱাই ইহলীলা সম্বৰণ কৰিলে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাই ৷ অমৰ প্ৰেমৰ দৃষ্টান্ত দাঙি ধৰা চিত্ৰশিল্পীগৰাকীৰ শেষকৃত্য শনিবাৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে কৰা হ’ব(Last rites of Neel Pawan Baruah) ৷ আজি নিশা বেলতলাস্থিত বাসগৃহত অন্তিম সাক্ষাতৰ বাবে ৰখা হ’ব চিত্ৰশিল্পীগৰাকীৰ নশ্বৰদেহ ৷

গুৱাহাটী, 28 অক্টোবৰ: অনন্তধামলৈ গতি কৰিলে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাই (Neel Pawan Baruah passes away) । শুকুৰবাৰে বিয়লি 3.15 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে (Neel Pawan Baruah died at GMCH) । নীলপৱন বৰুৱাৰ নশ্বৰদেহ আজি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ বেলতলাস্থিত বাসগৃহলৈ অনা হ’ব আৰু নিশাটো বাসগৃহতে ৰখা হ’ব ৷

শনিবাৰে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য

শনিবাৰে দিনৰ 2 বজাত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব বৰুৱাৰ ৷ মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অসম চৰকাৰৰ হৈ চিত্ৰশিল্পীগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰি এই কথা জনায় ৷ তেওঁ লগতে কয় যে, চৰকাৰে বৰুৱাৰ পৰিয়ালবৰ্গৰ লগত আলাপ আলোচনা কৰি তেওঁ সৃষ্টিৰাজিসমূহ কেনেদৰে সংৰক্ষণ কৰা হ’ব, সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি পদক্ষেপ ল’ব ৷

Last rites of Neel Pawan Baruah
বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

নীলপৱন বৰুৱাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷ বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য়ৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে ৰাজনৈতিক জগতৰ লগত জড়িত লোকসকলে শোক প্ৰকাশ কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বিভিন্ন ৰাজ্যৰ দল সংগঠনে শোকবাৰ্তা প্ৰেৰণ কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শোকবাৰ্তাত উল্লেখ কৰে, "শ্ৰদ্ধাৰ নীলপৱন বৰুৱাই বহু উল্লেখযোগ্য সৃষ্টিকৰ্মেৰে অসমৰ চিত্ৰকলাৰ জগতখনক এক নতুন মাত্ৰা প্ৰদান কৰি থৈ গৈছে । ৰং-তুলিকাৰে সৃষ্টিশীলতাৰ পৃথিৱীখনত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰা বৰুৱাৰ মানৱীয় প্ৰমূল্যবোধ, অনন্য কলাশৈলী আৰু সহজ-সৰল ব্যক্তিত্বই আমাক অত্যন্ত মুগ্ধ কৰিছিল ।

তেওঁ লগতে কয় যে, তেওঁৰ প্ৰয়াণত আমি গভীৰভাৱে মৰ্মাহত হৈছোঁ । বহল দৃষ্টিভংগী, ব্যংগ প্ৰকাশ আৰু নিৰলস সাধনাৰে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি যোৱা নীলপৱন বৰুৱাৰ পৰলোকগামী আত্মাই চিৰশান্তি লাভ কৰক । এই শোকৰ মুহূৰ্তত তেওঁৰ নিকটাত্মীয় আৰু অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।

Last rites of Neel Pawan Baruah
বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ ড৹ শৰ্মাই কয় যে, যশস্বী চিত্ৰশিল্পী, অসম সৌৰভ বঁটাপ্ৰাপক নীলপৱন বৰুৱাদেৱৰ বিয়োগত শোকাহত হৈছোঁ ৷ কলাৰ নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি তেখেতে অকল ৰাজ্যৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনকে সমৃদ্ধ কৰি আহিছিল ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বৰুৱাৰ প্ৰয়াণত ৰাজ্যখনে এগৰাকী কলাৰ একনিষ্ঠ সাধক তথা বৰেণ্য ব্যক্তিত্বক হেৰুৱালে ৷ তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷ এই দুখৰ মুহূৰ্তত বৰেণ্য শিল্পীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷

ইপিনে অসমৰ বিশিষ্ট চিত্ৰশিল্পী, অসম সৌৰভ বঁটাপ্ৰাপ্ত নীলপৱন বৰুৱাৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতায়ো গভীৰ শোক প্ৰকাশ কৰিছে । তেওঁ কয়, বৰুৱাৰ প্রয়াণত ৰাজ্যবাসীয়ে এগৰাকী চিত্ৰকলাৰ একনিষ্ঠ সাধক তথা এগৰাকী বৰেণ্য ব্যক্তিত্বক হেৰুৱালে । কলিতাই বৰেণ্য শিল্পী গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন জনাইছো ।

লগতে পঢ়ক: Last journey of Nipon Goswami: ৰাজ্যিক মৰ্যাদাৰে নিপন গোস্বামীৰ শেষকৃত্য সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.