ETV Bharat / state

2024 Loksabha election: মিত্ৰতা ভংগৰ দিশে অগপ-বিজেপি !

author img

By

Published : Oct 29, 2022, 4:05 PM IST

অসমৰ ১৪খন আসনৰ ১৩খন আসনেই দখলৰ বাবে আগ্ৰাসী হৈ পৰিছে বিজেপি । ২০১৯ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ সময়ত অগপৰ ফলাফলে নিৰাশ কৰিলে মিত্ৰদল বিজেপিক(2024 Loksabha election) । এইবাৰ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰিস্ক লব বিচৰা নাই আগ্ৰাসী বিজেপিয়ে । অগপক এইবাৰ বিজেপিয়ে জিকাৰ কোনো সম্ভাৱনা নথকা কেৱল ধুবুৰী সমষ্টিহে এৰি দিয়াৰ সম্ভাৱনা । মিত্ৰদল ইউ পি পি এলক বিজেপিয়ে এৰি দিব কোকৰাঝাৰ সমষ্টি । অৱশ্যে কেৱল ধুবুৰী সমষ্টিহে এৰি দিয়া সিদ্ধান্তক কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । চাৰিখন আসন বিচৰাৰ হুংকাৰ ।

cv
2024 Loksabha election: মিত্ৰতা ভংগৰ দিশে অগপ বিজেপি

গুৱাহাটী,২৯ অক্টোবৰ: ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনকেন্দ্ৰিক ফাঁট স্পষ্ট হৈ পৰিছে অগপ-বিজেপি দলৰ মাজত (AGP BJP alliance)৷ বিজেপিৰ আশ্ৰয়ত অস্তিত্ব ৰক্ষা কৰি অহা অগপই ২০২৪ৰ লোকসভা নিৰ্বাচনত এখন আসনতে সন্তুষ্ট থাকিব লাগিব বুলি স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছে বিজেপি নেতৃত্বই । শাসনৰ বাঘজৰী ধৰি ৰখাৰ বাবে আগ্ৰাসী বিজেপিত এতিয়া চলিছে নিৰন্তৰ যোগ-বিয়োগৰ অংক । নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবৰ বাবে ব্যাপক কুচ-কাৱাজ আৰম্ভ হৈছে বিজেপিৰ ভিতৰচ'ৰাত(PM Narendra Modi) ।

cv
2024 Loksabha election: মিত্ৰতা ভংগৰ দিশে অগপ বিজেপি

যাৰ বাবে অসমৰ ১৪খন আসনৰ ১৩খনতে চকু নিৱদ্ধ ৰাখিছে শাসনাধিষ্ঠিত বিজেপি দলে । উল্লেখ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত আস্থা আৰু বিশ্বাসত লৈ বিজেপিয়ে মিত্ৰদল অগপক বৰপেটা, কলিয়াবৰ আৰু ধুবুৰী লোকসভা সমষ্টি এৰি দিছিল(2019 Loksabha election) । কিন্তু অগপই এখনো আসনত জয়ী হ'ব নোৱাৰিলে । আচলতে অগপৰ নিৰ্বাচনী ফলাফলে নিৰাশ কৰিলে মিত্ৰদল বিজেপিক । সেয়েহে গাদী সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিজেপিয়ে অগপক মুঠেও বিশ্বাসত ল’ব খোজা নাই ।

কার্যতঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বছৰ থকাৰ সময়তে কৌশলেৰে মিত্ৰদল অগপক কাষৰীয়া কৰিলে বিজেপিয়ে । বিজেপিয়ে অগপক মাইনাছ কৰি যুগুত কৰিছে ১২+১+১ ৰ নতুন সমীকৰণ । এই সমীকৰণত বিজেপিয়ে ২০২৪ৰ লোকসভাক লক্ষ্য কৰি মিছন-১২ৰে আগবাঢ়িব বিচাৰিছে । কংগ্ৰেছৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটা সমষ্টি যিকোনো প্ৰকাৰে লাগে বিজেপিক । ইয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব তথা সংঘ পৰিয়ালৰ লোকে বিচৰণ কৰিছে সংশ্লিষ্ট সমষ্টিকেইটাৰ অলিয়ে গলিয়ে ।

cv
2024 Loksabha election: মিত্ৰতা ভংগৰ দিশে অগপ বিজেপি

বিজেপিৰ সূত্ৰই জনোৱা মতে অগপক এইবাৰ বিজেপিয়ে জিকাৰ কোনো সম্ভাৱনা নথকা কেৱল ধুবুৰী সমষ্টিহে এৰি দিয়াৰ সম্ভাৱনা আছে । ইতিমধ্যে ইয়াৰ প্লেনিং সম্পূৰ্ণ হৈছে । অৱশ্যে আনটো মিত্ৰদল ইউ পি পি এলক কৈ যথেষ্ট আশাবাদী বিজেপি(UPPL) । ইউ পি পি এলক বিজেপিয়ে এৰি দিব কোকৰাঝাৰ সমষ্টি । ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে সেই সময়ৰ মিত্ৰদল বি পি এফক কোকৰাঝাৰ সমষ্টিটো এৰি দিছিল । য'ত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্মক ৩৭,৭৮৬ টা ভোটত পৰাজিত কৰিছিল ।

এইবাৰ সমষ্টিটো বিজেপিয়ে ইউ পি পি এলক এৰি দিব বুলি জানিবলৈ পোৱা গৈছে । ইফালে বিজেপিৰ এই মিছন-১২ক লৈ মুঠেই চিন্তিত নহয় অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Ramendra Narayan Kalita) । কলিতাই জনোৱা মতে আগন্তুক লোকসভা নিৰ্বাচনত অগপই বিজেপিৰ পৰা চাৰিখন আসন বিচাৰিব । ইতিমধ্যে অগপই জয়লাভ কৰাৰ সম্ভাৱনা থকা চাৰি সমষ্টিৰ ছাৰ্ভে আৰম্ভ হৈছে ।

বিজেপিয়ে এটা সমষ্টি দলটোক এৰি দিলে ইয়াক কোনোপধ্যে মানি লোৱা নহ’ব বুলিও স্পষ্ট কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । কলিতাই লগতে বিকল্প চিন্তাৰ সন্দৰ্ভটো মতামত ব্যক্ত কৰে । অৱশ্যে অগপৰ হাতত বৰ্ত্তমান সময়ত বিকল্প চিন্তা কৰাৰ কোনো অৱকাশ নাই । কাৰণ আনৰ নাকেৰে উশাহ লৈ জীয়াই থকা অগপই বিজেপিৰে মিত্ৰতা স্থাপন কৰিহে ৰক্ষা কৰি আহিছে নিজৰ অস্তিত্ব । তেনেস্থলত 'বিগ ব্ৰাদাৰ' বিজেপিয়ে যি ক'ব তাকেই মানিবলৈ বাধ্য দহ বছৰ ৰাজ্যৰ শাসনত থকা আঞ্চলিকতাবাদী দলটো ।

উল্লেখ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত ধুবুৰীত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীক ২,২৬,২৫৪ টা ভোটত পৰাজিত কৰিছিল(Badaruddin Ajmal) । য'ত তৃতীয় স্থানত থাকি অগপৰ জাৱেদ ইছলামে লাভ কৰিছিল ৩,৯৯,৭৩৩ টা ভোট । আজমলে লাভ কৰিছিল ৭,১৮,৭৬৪ টা ভোট । আনহাতে বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেকে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসক ১,৪০,৩০৭ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল । সেইদৰে কলিয়াবৰত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে অগপৰ প্ৰাৰ্থী মনিমাধৱ মহন্তক ২,০৯,৯৯৪ টা ভোটত পৰাজিত কৰিছিল ।

বৃহৎসংখ্যক ভোটৰ ব্যৱধানত ২০১৯ৰ লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল অগপ প্ৰাৰ্থী । সেয়েহে কেন্দ্ৰৰ শাসনৰ বাঘজৰী নিকপকপীয়াকৈ ৰখাৰ স্বাৰ্থত কোনোকাৰণতে মিত্ৰ দল অগপক বিশ্বাসত ল'ব বিচৰা নাই বিজেপিয়ে ৷

লগতে পঢ়ক: Last rites of Neel Pawan Baruah : কলাৰ কেনভাচত বন্দী হ’ল নীলপৱন বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.