ETV Bharat / state

Miya Museum Controversy: শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ নকৰাত ৰহস্যৰ গোন্ধ পাইছে ৰকিবুল হুছেইনে

author img

By

Published : Oct 29, 2022, 3:49 PM IST

কংগ্রেছক শক্তিশালী কৰাত হিমন্ত বিশ্ব শৰ্মায়ো সহায় কৰিছে । শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ নকৰাত ৰহস্যৰ গোন্ধ পাইছে ৰকিবুল হুছেইনে । মিঞা মিউজিয়ামৰ দৰে বিতৰ্ক (Miyan Museum Controversy) কোনে সৃষ্টি কৰে সেয়া জানে অসমৰ ৰাইজে । নগাঁৱত মন্তব্য ৰকিবুল হুছেইনৰ ।

Miyan Museum Controversy
Miyan Museum Controversy

নগাঁও, 29 অক্টোবৰ: মিঞা মিউজিয়ামক লৈ এইবাৰ মুখ খুলিছে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে (MLA Rokibul Hussain on Miya Museum) । মিঞা মিউজিয়ামৰ দৰে বিতৰ্ক কোনে সৃষ্টি কৰে সেয়া অসমৰ ৰাইজে বুজি পায় বুলি মন্তব্য বিধায়কগৰাকীৰ । তেওঁ কয় যে, শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে কংগ্ৰেছ দলৰ পৰা আবেদন জনোৱাৰ পিছতো শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ নকৰাৰ ৰহস্য আছে । সেয়াও অসমৰ ৰাইজৰ জ্ঞাত ।

বিজেপিৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক শক্তিশালী কৰাৰ বাবে মাজে সময়ে সহায় কৰি অহা বুলিও বিস্ফোৰক মন্তব্য কৰে ৰকিবুল হুছেইনে (Rokibul Hussain criticizes Assam CM)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আঙুলি টোঁৱালে ৰকিবুল হুছেইনে

বিধায়কগৰাকীয়ে লগতে কয় যে, বিজেপি চৰকাৰৰ দিনত হোৱা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজ একগোট হ'ব । এতিয়া বদৰুদ্দিন আজমলৰ বোকোচাত উঠি বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত পুৰণি বিজেপি নেতাৰ গুৰুত্ব কমিছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ।

উল্লেখ্যে, মিঞা মিউজিয়ামক কেন্দ্ৰ কৰি বিগত কেইবাদিনো ধৰি অব্যাহত আছে বিতৰ্ক ৷ এই বিতৰ্কত নাম সাঙোৰ খাইছে বিধায়ক শ্বেৰমান আলীৰো ৷ বিধায়ক শ্বেৰমান আলীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ দাবী তুলিছিল ৷ ইতিমধ্যে গোৱালপাৰা জিলাৰ লক্ষীপুৰত স্থাপন কৰা মিঞা মিউজিয়ামটো উচ্ছেদ কৰাৰ লগতে জেললৈ প্ৰেৰণ কৰা হৈছিল এম মহৰ আলী, আব্দুল বাতেন আৰু তনু ধাদুমীয়াক ৷

ইফালে কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাই উল্লেখ কৰিছে যে, প্ৰকৃততে ইয়াত বিজেপি পক্ষৰ মানুহেই আছে । তেওঁলোকৰ উদ্দেশ্যেই হ'ল ধৰ্মৰ নামত ভাগ ভাগ কৰা । মিঞা মিউজিয়াম প্ৰতিষ্ঠা কৰা PMJY ঘৰটো এজন শিক্ষকৰ নামত আছে । এজন শিক্ষকৰ নামত কেনেকৈ ঘৰ অনুমোদন পালে বুলি তেওঁ প্ৰশ্ন উত্থাপন (MLA Shivamoni Bora reacts on Miya Museum)।

ইয়াৰ লগতে কেনেকৈ সেই ঘৰটো কেনেকৈ মিউজিয়াম কৰিব পাৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে । গতিকে এইবোৰ সকলো বিজেপিৰে ছত্ৰছাঁয়াত হৈ আছে বুলি অভিযোগ কৰে শিবামণি বৰাই (Miya Museum in Assam)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মিঞা মিউজিয়াম এটা গুৰুত্বপূৰ্ণ বিষয় ৷ এনেবোৰ বিষয়ে জাতিটোৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰি আহিছে ৷ তেওঁ লগতে কয় যে, অসমীয়া মানুহৰ সামগ্ৰী লৈ মিঞা মিউজিয়াম কেনেকৈ হ’ল তাৰ উত্তৰ চৰকাৰক দিব লাগিব ৷ কিন্তু তাৰ মাজতে একালৰ নলে গলে লগা বন্ধু ৰকিবুল হুছেইনে এইবাৰ মিঞা মিউজিয়ামকলৈ আঙুলি টোঁৱাইছে মুখ্যমন্ত্ৰীলৈ ৷

লগতে পঢ়ক: Miyan Museum Controversy: ৰাজনীতিকৰণ নিবিচাৰে গৌৰৱ গগৈয়ে; শিৱামণি বৰাৰ সন্দেহ এয়া বিজেপিৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.